প্ৰসৱযন্ত্ৰণা আৰম্ভ হওঁতে ২৩ বছৰীয়া ৰানো সিং, তেওঁৰ স্বামী আৰু শাহুৱেকে পাহাৰৰ দাঁতিৰ তেওঁলোকৰ সৰু ঘৰটোৰ পৰা ল’ৰালৰিকৈ ওলাল। তেতিয়া পূৱে ধলফাট দিছিল, ৫ বাজিছিল। তেওঁলোকৰ আগত আছিল ১.৫ কিলোমিটাৰৰ পাহাৰৰ থিয় বাট, সেই বাটেৰে তেওঁলোকে মূল ৰাস্তাত উঠিব পাৰিব। তেওঁলোকৰ গাওঁ শিৱালীৰ পৰা ৰাণীখেতৰ ব্যক্তিগত হস্পিতাললৈ তেওঁলোকক লৈ যাবলৈ ভাড়া গাড়ী এখন তাত ৰৈ আছে।
তেওঁলোকে দোলা এখন যোগাৰ কৰাৰ চেষ্টা কৰিলে। তাত ঠাকুৰ জনগোষ্ঠীৰ লোকে পাহাৰত চাৰিজন লোকে কান্ধত তুলি দাঙি নিব পৰাকৈ দোলাত গৰ্ভৱতী মহিলাক লৈ যায়। এই দোলাখনতেই মহিলাগৰাকীক ৰাস্তালৈ লৈ যোৱা হয়। তাতে ৰৈ থকা গাড়ীখনে হস্পিতাললৈ তেওঁক লৈ যায়। কিন্তু সেইদিনা পুৱা দোলা নথকাত তেওঁলোক খোজকাঢ়িয়ে আগবাঢ়িল।
ৰানোৱে কোনোমতে আধাবাট অতিক্ৰম কৰিলে। “আমি কোনোমতে আধামান বাট অতিক্ৰম কৰিছিলোহে, মই একেবাৰেই লৰচৰ কৰিব নোৱাৰা হৈ পৰিলো (বিষতে)। খোজকাঢ়িব নোৱাৰি ৰাস্তাতে বহি পৰাত মোৰ স্বামীয়ে কাষৰে পৰিয়াল এটাক মাতিলে। তেওঁলোকক আমি চিনি পাওঁ। খুৰীজনীয়ে অলপ পানী আৰু বিচনা চাদৰ এখন লৈ ১০ মিনিটত আহি ওলাল। এনেকৈ মোৰ শাহু আৰু খুৰীৰ সহায়ত মই প্ৰসৱ কৰিলো।” (ৰানোৰ গিৰীয়েকে (৩৪) ৰেচনৰ দোকান এখনত সহায়ক হিচাপে কাম কৰি মাহে ৮,০০০ টকা উপাৰ্জন কৰে। সেয়াই তিনিজন বয়স্ক আৰু এটা শিশুৰে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ বাট, তেওঁ গিৰীয়েকৰ নাম ক’ব নিবিচাৰিলে।)
“আমি মূল পথ ঢুকি পোৱাৰ আগতেই এই হাবিতে মোৰ ল’ৰাটোৰ (জগত) জন্ম হ’ল,” হাবি-জংঘলেৰে আগুৰি থকা ঠেক বাট এটাত প্ৰথমবাৰৰ বাবে প্ৰসৱ কৰাৰ কষ্টৰ সেই দিনটোৰ কথা তেওঁ মনত পেলালে। “এনেদৰে যে প্ৰসৱ কৰিব লগাটো মোৰ বাবে কল্পনাতীত আছিল। সেই দিনটোৰ কথা ভাবিলে এতিয়াও গাৰ নোম শিয়ৰি উঠে। কিন্তু ভগৱানৰ কৃপাত মোৰ সন্তানটো ভালে ভালে জন্ম পালে। সেয়াই মোৰ বাবে বহুত ডাঙৰ কথা।”
২০২০ৰ সেই ফেব্ৰুৱাৰীৰ দিনটোত জগতৰ জন্মৰ পিছতে ৰানোৱে খোজকাঢ়ি ঘৰলৈ উভতিল, কেঁচুৱাটোক ৫৮ বছৰ বয়সীয়া শাহুৱেকে কোলাত কঢ়িয়ালে।










