ভাৰত ৰাষ্ট্ৰ নিৰ্মাণৰ চেতনাক এক নিৰ্ণায়ক দিশ প্ৰদানত জালিয়ানাৱালা বাগৰ গণহত্যা আছিল এক উল্লেখযোগ্য কৰুণ ঘটনা। আমি সৰুৰে পৰা শুনি আহিছো কেনেদৰে ভগত সিঙে দহ বছৰ বয়সত সেই ঠাইলৈ গৈ বটল এটাত তেজলগা মাটি ভৰাই গাঁৱলৈ ঘুৰি আহিছিল। তেওঁৰ ককাৰ ঘৰৰ বাগিছাত সেই মাটিখিনিৰে ফুলৰ গছ লগাইছিল।
সহশ্ৰজন নিৰস্ত্ৰ জনতাৰ ওপৰত (বৃটিছে কোৱা মতে ৩৭৯) পঞ্জাৱৰ অমৃতসৰত ১৯১৯ৰ ১৩ এপ্ৰিলৰ দিনা ঘটা কৰুণ ঘটনাই অপৰাধী কিম্বা আগামী চৰকাৰৰ চেতনাক স্পৰ্শ কৰিব নোৱাৰিলে যেন বোধ হয়। বৃটিছ প্ৰধানমন্ত্ৰী টেৰেছা মেয়ে অনুতপ্ত হোৱা বুলি সংসদত কয় যদিও সেই গাৰ নোম শিয়ঁৰা কৰুণ ঘটনাটোৰ বাবে ক্ষমাপ্ৰাৰ্থনা নকৰিলে।




