জুলাই মাহৰ মাজভাগৰ এটা দিনত ধামতাৰি চহৰৰ পৰা ১৫ কিলোমিটাৰ দূৰত কলিয়াৰি-খাৰেংগা গাঁৱৰ ৰাস্তাত আমি আন এটা শ্ৰমিকৰ দল লগ পালো। “কাম নকৰিলে নাখাই মৰিব লাগিব। ঘৰত বহি থকাৰ বিলাসিতা আমাৰ নাই (ক’ভিডৰ ভয়ত),” ধামতাৰি ব্লকৰ খাৰেংগা গাঁৱৰ ভুখিন চাহুৱে কয়। তেওঁ ২৪ জনীয়া শ্ৰমিকৰ দলৰ নেত্ৰী। “আমি শ্ৰমিক মানুহ, আমাৰ হাত-ভৰিয়েই সৰ্বস্ব। কিন্তু কাম কৰোঁতে আমি শাৰীৰিক ব্যৱধান ৰাখো…”
তেওঁ আৰু আনসকলে ৰাস্তাৰ দুয়োপাৰে বহি দুপৰীয়াৰ আহাৰ খাই আছিল - দাইল, ভাত আৰু পাচলি। সেয়া তেওঁলোকে ঘৰৰ পৰা আনিছিল। তেওঁলোকে ধলপুৱা ৪ বজাতে উঠে, ঘৰৰ কাম শেষ কৰে আৰু পুৱাৰ আহাৰ খাই ৬ বজাত পথাৰত উপস্থিত হয়। ১২ ঘণ্টা কাম কৰাৰ পিছত তেওঁলোক ঘৰমুৱা হয়। তেতিয়া সন্ধিয়া ৬ বাজে। আকৌ ৰন্ধা-বঢ়া, ঘৰৰ আন কাম বন থাকেই - ভুখিনে নিজৰ লগতে দলটোৰ আন মহিলাসকলৰ দিনটো কেনেকৈ যায় সেয়া বৰ্ণনা কৰি কয়।
“আমি প্ৰতিদিনে দুই একৰ মাটিত কঠীয়া ৰোঁও, প্ৰতি একৰত ৩,৫০০ টকা পাও,” ভুখিন কয়। এই দাম কেতিয়াবা সলনিও হয়, ৩,৫০০ৰ পৰা ৪,০০০ পাও (এইটো চিজনত ধামতাৰিত) আৰু দলটোত কিমানজন মানুহ আছে, দৰদাম আদিৰ ওপৰত সেয়া নিৰ্ভৰ কৰে।
ভুখিনৰ গিৰিয়েকে কেইবছৰমান আগতে ভুপাললৈ কাম কৰিবলৈ গৈ কেতিয়াও ঘূৰি নাহিল। “আমাক গাঁৱতে এৰি তেওঁ গুছি গ’ল। তেওঁ আমাৰ সৈতে কোনোধৰণৰ যোগাযোগ ৰখা নাই,” তেওঁ কয়। তেওঁৰ ল’ৰাটো কলেজত পঢ়ে আৰু দুজনীয়া পৰিয়ালটোত তেঁৱেই একমাত্ৰ উপাৰ্জনকাৰী।
একেটা বাটতে আমি আন এটা কৃষিশ্ৰমিকৰ দল লগ পালো। তাৰে প্ৰায়ভাগেই মহিলা, কেইগৰাকীমান পুৰুষ। ৰুবৰ বাবে কঠীয়া কঢ়িয়াই আনিছে। “এয়াই আমাৰ জীৱিকাৰ উৎস। সেয়ে আমি কাম কৰিবই লাগিব। আমি নকৰিলে শস্য কেনেকৈ ফলিব? নোখোৱাকৈতো কোনো থাকিব নোৱাৰে,” ধামতাৰি ব্লকৰ দাৰি গাঁৱৰ ঠিকাদাৰ সবিতা চাহুৱে কয়। “আমি ক’ৰনাক ভয় কৰি থাকিলে কাম কৰিব নোৱাৰিম। আমাৰ ল’ৰা-ছোৱালীহঁতক কোনে খুৱাব? আৰু আমাৰ কামটো এনেকুৱা যে আমি ব্যৱধান ৰাখিব লাগে (পথাৰত)।” জুলাই মাজভাগত তেওঁলোকক লগ পোৱা সময়ত সবিতা আৰু তেওঁৰ ৩০ জনীয়া দলটোৱে ২৫ একৰ মাটিত প্ৰতি একৰত ৩,৬০০ টকাকৈ কঠীয়া ৰুইছে।