পুৰস্কাৰ ল’বলৈ তেওঁ মঞ্চত উঠিছিল। পুৰস্কাৰ আছিল জিলিকি থকা এপইছা, দিছিল মুন্সীয়ে, মুন্সীজন আছিল ভালেকেইখনৰ স্কুল নিয়ন্ত্ৰণত ৰখা এজন জ্যেষ্ঠ বিষয়া। সেয়া ১৯৩৯ৰ পাঞ্জাৱৰ কথা। তেওঁৰ বয়স তেতিয়া ১১ বছৰ, তৃতীয় মানত পঢ়া ল’ৰাজনে শ্ৰেণীত প্ৰথম হৈছিল। মুন্সীজনে তেওঁৰ মূৰত হাত ফুৰাই দিছিল আৰু তেওঁক চিঞৰি ক’ব দিছিল - ‘ব্ৰিটেনিয়া জিন্দাবাদ, হিটলাৰ মুৰ্দাবাদ।’ কুমলীয়া বয়সৰ ভগত সিঙে, কিংবদন্তি ভগত সিং বুলি নাভাবিব, দৰ্শকৰ ফালে চাই চিঞৰি কৈছিলঃ “ব্ৰিটেনিয়া মুৰ্দাবাদ, হিন্দুস্থান জিন্দাবাদ।”
তেওঁৰ এই ধৃষ্টতাৰ প্ৰতিক্ৰিয়া ক্ষণিকতে আহিল। তেওঁক মুন্সীগৰাকীয়ে নিজেই মঞ্চৰ পৰা বাহিৰ কৰি দিলে আৰু চৰকাৰী প্ৰাথমিক স্কুল সমুন্দ্ৰৰ পৰাও নাম কাটি দিলে। তাত থকা আন ছাত্ৰ-ছাত্ৰীবোৰে আশ্চৰ্য্যচকিত হৈ অলপ সময় ভেবা লাগি ৰ’ল, তাৰ পিছত পলাল। স্থানীয় কৰ্তৃপক্ষই, আজিৰ দিনত খণ্ডৰ শিক্ষা বিষয়া পৰ্য্যায়ৰ কাৰ্য্যালয়ৰ পৰা পাঞ্জাৱ জিলাৰ এতিয়াৰ হোশিয়াৰপুৰ জিলাৰ এই অঞ্চলটোত উপায়ুক্তৰ সন্মতিক্ৰমে এখন চিঠি জাৰি কৰিলে। ১১ বছৰ বয়সতে তেওঁক ‘বিপজ্জনক’ আৰু ‘বিপ্লৱী’ বুলি ঘোষণা কৰি তেওঁক চৰকাৰীভাৱে বহিষ্কাৰ কৰা হ’ল।
এই চিঠিখনে স্কুললৈ যোৱাৰ বাট একেবাৰে বন্ধ কৰিলে, তেতিয়া স্কুলো বেছি নাছিল। কোন স্কুলেনো ব্লেকলিষ্টত থকা ভগত সিং ঝুগ্গিয়াক স্কুলৰ চৌহদত সোমাবলৈ দিব। মাক-দেউতাকৰ লগতে আন বহুতে সেই সিদ্ধান্ত উভতাই লোৱাৰ বাবে কৰ্তৃপক্ষক অনুৰোধ জনালে। এজন সৰবৰাহী জমিদাৰ গুলাম মুস্তাফাই তেওঁৰ ফালৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰিলে। কিন্তু ব্ৰিটিছ সাম্ৰাজ্যৰ আজ্ঞাবাহীসকলৰ খং থামিবই নোখোজে। এজন সৰু ল’ৰাই তেওঁলোকৰ সন্মানত আঘাত হানিছে। ভগত সিং ঝুগ্গিয়াই তেওঁৰ অসাধাৰণ বৰণীয় জীৱনকালত কেতিয়াও আনুষ্ঠানিক শিক্ষাৰ বাবে ঘূৰি নাহিল।
কিন্তু কঠিন বাটৰ জীৱনৰ পাঠশালাখনৰ তেওঁ এজন জাকত জিলিকা ছাত্ৰ হৈ ৰ’ল, ৯৩ বছৰ বয়সতো একেই প্ৰভা বিদ্যমান।
হোশিয়াৰপুৰ জিলাৰ নিজ গাওঁ ৰামগঢ়ৰ ঘৰত বহি আমাৰ সৈতে কথা পাতি থকাৰ মাজতে তেওঁ সেই নাটকীয় দিনটোৰ কথা ভাবি মিচিকিয়াই হাঁহে। তেওঁৰ মনৰ অৱস্থা তেতিয়া কি আছিল? “এৰা, মই মানে ভাবিলো, এতিয়া দেখোন মই ব্ৰিটিছ বিৰোধী সংগ্ৰামত যোগ দিয়াৰ বাবে মুক্ত,” তেওঁ কয়।












