চাউথ মুম্বাইৰ ভুলেশ্বৰৰ ঠেক গলিৰ বেহু ভাঙি ওলাই আহিবলৈ মঞ্জুৰ আলম শ্বেইখ পুৱা ৫ বজাতে উঠে। প্ৰায়ে চেকড্ থকা লুঙি পিন্ধি থকা লেংকিয়ে তেওঁৰ ৫৫০ লিটাৰৰ লোৰ ঠেলাখন কোৱাচজি পাটেল টেংকৰ ওচৰলৈ পানী ভৰাবলৈ লৈ যায়। তেওঁ থকা ঠাইখনৰ সেয়া এক কিলোমিটাৰমান দূৰত্বত অৱস্থিত, মিৰ্জা গালিব মাৰ্কেটৰ কাষত, দুধ বজাৰৰ ৰাজহুৱা শৌচাগাৰ এটাৰ এচুকত মুকলি ঠাইত সেই স্থান। তেওঁ ঠেলাখনত পানী ভৰাই দুধ বজাৰলৈ উভতি আহে আৰু তাতে ঠাই এটুকুৰা বিচাৰি লয়। তাৰ পৰাই তেওঁ দোকান-পোহাৰ আৰু মানুহৰ ঘৰলৈ পানী বিক্ৰী কৰা আৰম্ভ কৰে।
৫০ বছৰ বয়সীয়া মঞ্জুৰ ভিস্তি সম্প্ৰদায়ৰ অন্তিম কেইজনমানৰ এজন, পানী বিক্ৰী কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰে। মুম্বাইৰ এই ঐতিহাসিক ভিতৰুৱা অঞ্চলটোত তেওঁ প্ৰায় চাৰিটা দশক খোৱা, কাপোৰ ধোৱা আৰু চাফাই কৰ্মৰ বাবে পানী যোগান ধৰি আহিছে। ক’ভিড-১৯ মহামাৰীয়ে ভিস্তিসকলৰ জীৱিকাৰ বাট মৰাৰ আগলৈকে ভুলেশ্বৰৰ মঞ্জুৰৰ দৰে আঙুলিৰ মূৰত লেখিব পৰা কেইগৰাকীমান মশকৱালাই মশক মানে ৩০ লিটাৰ পানী কঢ়িয়াব পৰা চামৰাৰ মোনা কঢ়িয়াই পানী যোগান ধৰিছিল।
কিন্তু মশকেৰে পানী দিয়া পৰম্পৰা ‘এতিয়া মৃত’, ২০২১ৰ পৰা তেনে মোনাৰ সলনি প্লাষ্টিকৰ বাল্টিত পানী কঢ়িওৱা মঞ্জুৰে কয়। “আগৰ দিনৰ ভিস্তিসকলে ঘৰলৈ যাব লাগিব, ডেকাবোৰে নতুন কাম বিচাৰিব লাগিব,” তেওঁ কয়। উত্তৰ ভাৰতৰ মুছলমান সম্প্ৰদায় ভিস্তিসকলৰ কামৰ শেষ চিন হিচাপে ৰৈ গৈছে এই মশকত পানী কঢ়িওৱা কাম। ভিস্তি শব্দটো পাৰ্চী মূলৰ, অৰ্থ ‘পানী কঢ়িওৱা’। এই সম্প্ৰদায়টোক চাক্কা বুলিও জনা যায়, আৰৱীত ইয়াৰ অৰ্থ ‘পানী কঢ়িওৱা’ আৰু ‘কাপ বাহক’। ৰাজস্থান, উত্তৰ প্ৰদেশ, হাৰিয়ানা, দিল্লী, মধ্য প্ৰদেশ আৰু গুজৰাট (গুজৰাটত এই সম্প্ৰদায়টোক পাখালি বুলি জনা যায়)ত ভিস্তিসকলক অনান্য পিছপৰা শ্ৰেণী (ও.বি.চি.) হিচাপে তালিকাভূক্ত কৰা হৈছে।
“পানী যোগান ব্যৱসায়টো ভিস্তিসকলৰ দখলত আছিল। মুম্বাইৰ বিভিন্ন স্থানত ধাতুৰ এই পানী কঢ়িওৱা ঠেলাবোৰ আছিল,” মঞ্জুৰে কয়। “পানী যোগান ধৰিবলৈ প্ৰতিখন ঠেলাৰ লগত ৮ৰ পৰা ১২ জন মানুহ নিয়োজিত হৈ আছিল।” পুৰণি মুম্বাইত যেতিয়া ভিস্তিসকলৰ এই সফল ব্যৱসায়ৰ অৱনতি ঘটিবলৈ ধৰে, তেওঁলোকে আন সুযোগ-সুবিধা বিচাৰিবলৈ ধৰিলে, তেওঁ যোগ দিয়ে। ভুলেশ্বৰত তেওঁলোকৰ ঠাই লয় গ্ৰামীণ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ প্ৰব্ৰজিত শ্ৰমিকে।
মঞ্জুৰে ১৯৮০ত বিহাৰৰ কাটিহাৰ জিলাৰ গচ্চ ৰচুলপুৰৰ পৰা মুম্বাইলৈ আহিছিল। এই কামত সোমোৱাৰ আগতে তেওঁ কেইমাহমান বাড়া পাও বিক্ৰী কৰিছিল। জন্মসূত্ৰে ভিস্তি নহ’লেও তেওঁ ভুলেশ্বৰৰ ডংগ্ৰি আৰু ভেণ্ডি বজাৰ অঞ্চলত পানী যোগান কৰিব লৈছিল।
“মোক ৰাজস্থানৰ ভিস্তি মুমতাজে হায়াৰ কৰি নিছিল আৰু প্ৰশিক্ষণ দিছিল,” মঞ্জুৰে কয়। “তেওঁৰ চাৰিখন পানী কঢ়িওৱা ঠেলা আছিল। তেওঁৰ ঠেলাবোৰ চাৰিটা ভিন্ন মহল্লাত ৰখা হৈছিল, তাৰ পৰা মশকেৰে ৭/৮ জন লোকে পানী ডেলিভাৰ কৰিছিল।”
মুমতাজৰ সৈতে প্ৰায় পাঁচ বছৰ কাম কৰাৰ পিছত মঞ্জুৰে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিলে আৰু পানীৰ ঠেলা এখন ভাৰা কৰিলে। “২০ বছৰ আগতেও আমাৰ বহুত কাম আছিল। কিন্তু এতিয়া তাৰে ২৫ শতাংশ কামহে ৰৈছে। প্লাষ্টিক বটলত পানী বিক্ৰী হোৱা আৰম্ভ হোৱাৰে পৰা আমাৰ ব্যৱসায় একেবাৰে মন্দা হৈ পৰিল,” মঞ্জুৰে কয়। ১৯৯১ত ভাৰতীয় অৰ্থনীতিৰ উদাৰীকৰণৰ লগে লগে বটলৰ পানীৰ উদ্যোগৰ দ্ৰুত গতিক প্ৰসাৰ ঘটিল, ইফালে ভুলেশ্বৰৰ ভিস্তিসকলক ই মাধমাৰ শোধালে। ১৯৯৯ৰ পৰা ২০০৪ত ভাৰতত বটলত থকা পানীৰ সেৱন তিনিগুণ বাঢ়িল। উদ্যোগটোৰ ব্যৱসায়ৰ লেনদেনৰ পৰিমাণ ২০০২ চনত আছিল ১,০০০ কোটি টকা।
উদাৰীকৰণে ভালেমান পৰিৱৰ্তন আনিলে, সৰু সৰু দোকানবোৰৰ ঠাইত মল বহিল, চ্ছলবোৰৰ ঠাইত ওখ ওখ অট্টালিকা হ’ল আৰু পানীৰ যোগানো মটৰ লগোৱা নলীযুক্ত টেংকাৰেৰে দিয়া আৰম্ভ হ’ল। আবাসিক এলেকাত ভিস্তিৰ চাহিদা কমি আহিল। কেৱল সৰু-সুৰা দোকান-পোহাৰ, ৱৰ্কশ্বপ আদিহে মশকৱালাৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকিল। “বিল্ডিঙত থকাসকলে টেংকাৰৰ পানী অৰ্ডাৰ কৰি আনি খোৱা হ’ল। মানুহে পানীৰ নলো বহুৱালে। এতিয়া বিয়া-সবাহতো বটলৰ পানী ব্যৱহাৰ কৰা হয়, কিন্তু তাৰ আগলৈকে আমিয়ে পানী যোগান ধৰিছিলো,” মঞ্জুৰে কয়।
মহামাৰীৰ আগতে মঞ্জুৰে এক বেগ মশকৰ পানীৰ বাবদ ১৫ টকা লৈছিল (তাত ৩০ লিটাৰ পানী ধৰে)। এতিয়া বাল্টিৰে ১৫ লিটাৰ পানী দিয়াৰ বাবদ তেওঁ ১০ টকা পায়। তেওঁ ভাৰা কৰা ঠেলাখনৰ বাবদ ১৭০ টকা দিয়ে আৰু পানী ভৰোৱাৰ বাবদ পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি ৫০ৰ পৰা ৮০ টকা ব্যয় কৰে। মন্দিৰ আৰু স্কুল, য’ত নিজা কুঁৱা থাকে, তেওঁলোকে ভিস্তিসকলক পানী বিক্ৰী কৰে। “আগতে আমি ১০ৰ পৰা ১৫ হাজাৰ টকা ৰাহি কৰিব পাৰিছিলো, কিন্তু এতিয়া আমাৰ হাতত ৪/৫ হাজাৰ টকা থাকে,” ব্যৱসায় ভাল হোৱা দিনৰ লগত এতিয়াৰ তুলনা কৰি মঞ্জুৰে কয়।
তেওঁৰ ব্যৱসায়ীক সহযোগী ৫০ বছৰ বয়সীয়া আলম (তেওঁৰ নিজৰ উপাধিটো নক’লে)ৰ ঘৰো বিহাৰত, দুয়ো একেখন গাঁৱৰে। আলম আৰু মঞ্জুৰে বছৰত ৩ৰ পৰা ৬ মাহ সময় পাল পাতি কাম কৰে আৰু বাকীখিনি সময় ঘৰত পৰিয়ালৰ সৈতে কটায়। ঘৰত তেওঁলোকে নিজৰ খেতি-বাতি চম্ভালে নাইবা আনৰ খেতিপথাৰত হাজিৰা কৰে।
২০২০ৰ মাৰ্চৰ দেশজোৰা লকডাউন, যাৰ সময়সীমা পিছলৈ ২০২০ৰ জুনলৈকে বঢ়াই দিয়া হয়, তেতিয়া গ্ৰাহক প্ৰায় নাইকিয়া হৈ পৰে। ৰাস্তাৰ কাষৰ সৰু-সুৰা দোকান চলোৱা, দিনত দোকান আৰু ৰাতি ফুটপাথতে শুই পৰা লোকক পানী যোগান দিয়াতে মশকৱালাসকলৰ কাম সীমাবদ্ধ হৈ পৰে। কিন্তু প্ৰায়ভাগ দোকান বন্ধ হৈ পৰিছিল আৰু তাত কাম কৰা কৰ্মচাৰীবোৰ ঘৰমুৱা হৈছিল। ইফালে ঘৰত পাঁচটোকৈ সন্তানৰ পোহপাল দিবলগীয়া হোৱা মঞ্জুৰে ঘৰলৈ পইচা পঠিয়াব নোৱাৰা হৈ পৰিল। ২০২১ৰ আৰম্ভণিৰ ভাগত তেওঁ হাজি আলি এলেকাৰ অট্টালিকা এটাৰ নিৰ্মাণস্থলীত ৰাজমিস্ত্ৰী এজনৰ যোগালি হিচাপে কাম আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ হাজিৰা আছিল দিনে ৬০০ টকা।
২০২১ৰ মাৰ্চত মঞ্জুৰে চহৰ এৰি নিজ গাওঁ গচ্চ ৰচুলপুৰলৈ আহে, তাতে তেওঁ খেতিপথাৰত শ্ৰমিকৰ কাম কৰি দিনে ২০০ টকা উপাৰ্জন কৰিছিল। সেই টকাৰে তেওঁ ঘৰটো মেৰামতি কৰিলে। চাৰিমাহ পিছত তেওঁ পুনৰ মুম্বাইলৈ আহিল। এইবাৰ তেওঁ নাল বজাৰ এলেকাত মশকৱালা হিচাপে কামত ধৰিলে। কিন্তু তেওঁৰ চামৰাৰ বেগটো মেৰামতি কৰিবলগীয়া আছিল। মশক এটা দুমাহত এবাৰ মেৰামতি কৰিবই লাগে। সেয়ে মঞ্জুৰে বেগটো মেৰামতিৰ বাবে ইউনুচ শ্বেইখক বিচাৰি যায়।
তিনি কুৰি বছৰ বয়স গৰকা ইউনুচে ভেণ্ডি বজাৰত মশক বনোৱা আৰু মেৰামতি কৰা কাম কৰি জীৱিকা নিৰ্বাহ কৰে। ২০২০ৰ মাৰ্চৰ লকডাউনৰ চাৰিমাহ পিছত ইউনুচে উত্তৰ প্ৰদেশৰ বাহৰেইখ জিলাৰ নিজৰ গাঁৱলৈ উভতি যায়। তেওঁ সেইটো বছৰৰে ডিচেম্বৰত মুম্বাইলৈ উভতি আহে যদিও বেছি কাম নাছিল। সেইটো অঞ্চলত কেৱল ১০ গৰাকীমান মশকৱালাইহে কাম কৰি আছিল। ক’ভিড-১৯ লকডাউনৰ পিছত তেওঁলোকেও মেৰামতিৰ বাবদ কমকৈ পইচা দিছিল। নিৰাশ হৈ ২০২১ৰ আৰম্ভণিৰ ভাগত ইউনুচে বাহৰেইখনলৈ উভতি আহে। মশক চিলোৱা বা মেৰামতি কৰাৰ গাত বল নাই বুলি তেওঁ কয়।
৩৫ বছৰ বয়সীয়া বাবু নায়াৰে মশকটো দুনাইবাৰ মেৰামতি নকৰালে। তেনেকৈ তেওঁৰ মশক কঢ়িওৱা দিনৰো অন্ত পৰিল। এতিয়া তেওঁ ভেণ্ডি বজাৰৰ নৱাব আয়াজ মছজিদৰ আশে-পাশে থকা দোকানবোৰত প্লাষ্টিকৰ কেনত পানী যোগান ধৰে। “ছমাহ আগতে ৬/৭ জনমান মানুহে মশক ব্যৱহাৰ কৰিছিল। সকলোৱে এতিয়া বাল্টি নাইবা হাণ্ডি (এলুমিনিয়ামৰ পাত্ৰ) ব্যৱহাৰ কৰে,” ইউনুচে মুম্বাই এৰাৰ পিছৰ কথা বাবুৱে কয়।
চামৰাৰ বেগটো মেৰামতি কৰা কোনো মানুহ বিচাৰি নাপাই মঞ্জুৰেও এতিয়া প্লাষ্টিকৰ বাল্টি ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে। “ইউনুচ যোৱাৰ পিছত মশক মেৰামতি কৰা মানুহ নাই,” মঞ্জুৰে নিশ্চিত কৰি কয়। বাল্টিত পানী লৈ চিৰি বগাবলৈ মঞ্জুৰে কষ্ট পায়। মশকটো পিঠিৰ ফালৰ পৰা কান্ধত তুলি লৈ কঢ়িয়াবলৈ সহজ আছিল, পানীও বেছি ধৰিছিল। “ভিস্তি কামত আমাৰ এয়া শেষ অধ্যায়,” বাবুৰ এয়া অনুমান। “এই বেপাৰত এতিয়া পইচা নাই। মটৰ লগোৱা পাইপে আমাৰ কাম শেষ কৰিলে।”
অনুবাদ: পংকজ দাস