আবেলি সময়ত মায়াই এলুমিনিয়ামৰ চৰিয়া এটাৰ পৰা অৱশিষ্ট খাদ্য-সামগ্ৰীখিনি উলিয়ালে। এয়ে হ’ব তেওঁলোকৰ দিনটোৰ খাদ্য-সামগ্ৰী। কেৰাহীত তেওঁ আৰু শিৱাৰ বাবে অলপমানো মচুৰ দাইল নাথাকিল।
“আমি ল’ৰা-ছোৱালীৰ কাৰণে দুবাৰ ৰান্ধো, কিন্তু আমি দুজনে মাত্ৰ এবাৰ খাও। আমি চাও যে ল’ৰা-ছোৱালীকেইটাই যাতে ভালকৈ খাবলৈ পায়, মহামাৰী আৰম্ভ হোৱা সময়ৰে পৰা আমি কম পৰিমাণ খোৱাবস্তু কিনিবলগাত পৰিছো,” ২৩ বছৰীয়া মায়া আৰু ২৫ বছৰীয়া শিৱাই এইদৰে কয়। বাহেৰে নিৰ্মাণ কৰা জুপুৰীটোৰ আগফালে দুয়ো বহি আছিল, পুৰণি শাড়ী আৰু ফটা কাপোৰেৰে ঘৰটোৰ বেৰ আৰু চালিখন বনোৱা হৈছে।
মহামাৰীজনিত লকডাউন ২০২০ৰ মাৰ্চত আৰম্ভ হোৱা সময়ৰে পৰা মায়া আৰু শিৱা গাণ্ডাড়ে তেওঁলোকৰ ২ৰ পৰা ৭ বছৰ বয়সীয়া চাৰি সন্তানক খুৱাবলৈ হাহাকাৰ কৰিবলগীয়া হৈছিল।
মহাৰাষ্ট্ৰৰ বীড় জিলাৰ বীড় তালুকত থকা তেওঁলোকে স্থায়ীভাৱে বসবাস কৰা পান্ধাৰ্যাচিৱাড়ি গাওঁখনৰ পৰা ৬-৭ কিলোমিটাৰমান দূৰৰ এখন মুকলি পথাৰত তেওঁলোকৰ অস্থায়ী জুপুৰীটো আছে। বৰষুণ দিলে ৰং-বিৰঙৰ পুৰণি কাপোৰৰ বেৰ আৰু চালেৰে বৰষুণৰ পানী টোপটোপকৈ সৰকে।
পৰম্পৰাগতভাৱে ভিক্ষাবৃত্তিৰ ওপৰত নিৰ্ভৰশীল মহাৰাষ্ট্ৰৰ চৰকাৰী নথিত ও.বি.চি. (অনান্য পিছপৰা জাতি) হিচাপে তালিকাভূক্ত অঘৰী জনগোষ্ঠীৰ মাচানযোগী সম্প্ৰদায়ৰ ১৪ টা জুপুৰী এই পথাৰখনত আছে। কাম আৰু মজুৰি বিচাৰি সাধাৰণতে বছৰত এবাৰ এই পৰিয়ালসমূহে ৰাজ্যখনৰ এখন জিলাৰ পৰা আন এখন জিলালৈ একেলগে যায়।













