জানুৱাৰী মাহৰ শীতৰ ৰাতিপুৱা ৯ বাজিছে আৰু প্ৰায় ৪০০ মান মানুহে দৰ্শনী আৰম্ভ হোৱালৈ বাট চাইছে। এঘণ্টা আগতে দৰ্শনী আৰম্ভ হ’বই লাগিছিল।
হঠাতে অস্থায়ী মঞ্চখনত উখল-মাখল লাগিল। বাঁহ এডালত বান্ধি থোৱা মাইকটো কঁপি উঠিল আৰু ঘোষণা শুনা গ’ল: “আমি সোনকালেই আৰম্ভ কৰিম মা বনবিবিৰ পালাগান…বিপদনাশিনী মাৰ পালাগান!”
গোসাবা ব্লকৰ জৱাহৰ কলনি গাঁৱত ঘুৰি ফুৰা মানুহবোৰ থিতাপি লাগি বহি ল’লে। সকলোৱে হৰেক ৰকমৰ ‘অশুভ’ শক্তি - ভূত-পিশাচ, সাপ, ঘৰিয়াল, বাঘ, মৌমাখি আদিক আঠাৰো ভাতিৰ দেশত (১৮ প্ৰকাৰৰ ভাটাৰ দেশত) বনবিবিয়ে কেনেকৈ হৰুৱাই বিজয়গাথা ৰচিছে সেয়া চাবলৈ আহিছে। এয়া সুন্দৰবন। বিশ্বৰ আটাইতকৈ বিশাল লুণীয়া আৰু সতেজ পানীৰ জলাশয়ৰ জলাহবন অৰণ্য, যিখন জীৱ-জন্তু, পশু-পক্ষী, সৰীসৃপ আৰু স্তন্যপায়ী প্ৰাণীৰে ভৰি আছে। ইয়াত বনবিবিৰ কাহিনীবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম বাগৰিছে আৰু অঞ্চলটোৰ মৌখিক সাহিত্যক সমৃদ্ধ কৰিছে।
ৰাস্তাৰ পৰা নেদেখাকৈ পৰ্দাৰে আঁৰ কৰি থোৱা গ্ৰীণৰুমটো ভাৱৰীয়া আৰু দৰ্শকৰ গুণগুণনিৰে ভৰি পৰিছে। বনবিবি পালাগানৰ বাবে সকলো সাজু হৈছে। তিৰ্পাল দি ডাঙৰ ডাঙৰ মৌমাখিৰ বাহ আৰু পোৰামাটিৰ মুখা ঢাকি থোৱা আছে, যিবোৰ আজিৰ দৰ্শনীত প্ৰপ হিচাপে ব্যৱহাৰ কৰা হ’ব। কাহিনীবোৰ হৈছে সুন্দৰবনত মানুহৰ বাস্তৱ জীৱনৰ সৈতে গভীৰভাবে জৰিত বিষয়বস্তু - ২০২০ চনৰ হিচাপ অনুযায়ী সেই বনাঞ্চল ৯৬ টা বাঘৰ বসতিস্থল।



































