অনুবাদ: ৰুবী বৰুৱা দাস


Jorhat, Assam
|MON, DEC 26, 2022
অসমৰ ঝুমুৰ গায়ক চান্তো তাঁতি
২৫ বছৰীয়া এই গায়কজনে ঝুমুৰ শৈলীৰে মাদল, ঝুমুৰ ঢোল আৰু বাঁহী সংগত কৰি গীত গায় এক ঐক্যবদ্ধ অসমৰ
Author
Translator

Pranshu Protim Bora
এই ভিডিঅ’টোত চান্তো তাঁতিয়ে গাইছে যে, ‘অসমে আমাক আৱৰি আছে,’ ২৫ বছৰ বয়সীয়া যুৱকজনে গীতৰ কথা আৰু সংগীত ৰচিছে ঝুমুৰ শৈলীৰে। গীতটিত তেওঁ সেই পাহাৰ আৰু আৰু পৰ্বতবোৰৰ কথা কৈছে, যি তেওঁৰ ঘৰৰ ঠিকনা। অসমৰ যোৰহাট জিলাৰ ছৈক’টা চাহ বাগিছাৰ ঢেকীয়াজুলি শাখাত তেওঁৰ ঘৰ আৰু তেওঁ এখন ছাইকেল মেৰামতি কৰা দোকানত কাম কৰে। তেওঁ ৰচা সংগীত নিয়মিয়াভাৱে সামাজিক মাধ্যমত প্ৰকাশ কৰে।
ঝুমুৰ হ’ল এক জনপ্ৰিয় স্থানীয় সংগীত শৈলী আৰু তাঁতীয়ে তেওঁৰ গীতত মাদলৰ চেও আৰু বাঁহীৰ সুৰৰ কথা কৈছে। এই গীতবোৰ শাদ্ৰী ভাষাত গোৱা হয় আৰু অসমৰ চাহ বাগিছাবোৰত কাম কৰিবলৈ মধ্য, দক্ষিণ আৰু পূৱ ভাৰতৰ –বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, মধ্য প্ৰদেশ, ছত্তীশগড় আৰু তেলেংগনাৰ পৰা প্ৰৱজ্জিত হোৱা আদিবাসী জনগোষ্ঠীৰ লোকসকলে সেইবোৰ নৃত্যৰ মাজেৰে প্ৰকাশ কৰে।
এই আদিবাসী জনগোষ্ঠীৰ লোকসকল ক্ৰমে পৰস্পৰৰ মাজত বান্ধ খোৱাৰ লগতে স্থানীয় জনগোষ্ঠীৰ লগতো সাঙোৰ খাই পৰিল। ‘চাহ জনগোষ্ঠী’ হিচাপে পৰিচিত এনে ছয় নিযুত লোকে অসমত বাস কৰে। তেওঁলোকৰ মূল ৰাজ্যবোৰত অনুসূচীত জাতি হিচাপে স্বীকৃত হ’লেও ইয়াত তেওঁলোকক সেই মৰ্যাদা দিয়া হোৱা নাই। জনগোষ্ঠীটোৰ ১২ লাখমান মানুহ ৰাজ্যখনৰ প্ৰায় ১০০০ চাহ বাগিছাত শ্ৰমিক হিচাপে নিয়োজিত।
ভিডিঅ’টোত নৃত্য কৰা সকল হ’ল চাহ শ্ৰমিকঃ সুনীতা কৰ্মকাৰ, গীতা কৰ্মকাৰ, ৰূপালী তাঁতী, প্ৰতিমা তাঁতী আৰু আৰতি নায়ক।
চান্তো তাঁতীৰ আন ভিডিঅ’ প্ৰত্যক্ষ কৰিবলৈ আৰু তেওঁৰ জীৱনৰ বিষয়ে জানিবলৈ ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ‘পাৰি’ত প্ৰকাশ হোৱা চান্তো তাঁতীৰ আশা-নিৰাশা আৰু শ্ৰমৰ গান চাওক।
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/অসমৰ-ঝুমুৰ-গায়ক-চান্তো-তাঁতি

