চৰকাৰ বাহাদুৰে তেওঁক নাম দিছে অন্নদাতা আৰু এতিয়া অন্নদাতাই নিজৰ নামটোত আবদ্ধ হৈ পৰিছে। চৰকাৰ বাহাদুৰে যেতিয়া কৈছে, ‘বীজবোৰ সিঁচি দিয়া,’ তেওঁ পথাৰত বীজ সিঁচিছে। চৰকাৰ বাহাদুৰে যেতিয়া কৈছে, ‘সাৰ দিয়া,’ তেওঁ মাটিবোৰ সাৰুৱা কৰি তুলিছে। শস্য চপোৱাৰ পিছত সেয়া তেওঁ সেয়া চৰকাৰ বাহাদুৰক স্থিৰ দামত বিক্ৰী কৰি দিবলগীয়া হয়, যিয়ে বিশ্বৰ আগত তেওঁৰ মাটি কিমান সুফলা সেয়া গাব, ইফালে অন্নদাতাই পেট পুহিবলৈ বজাৰৰ পৰা তেওঁৰ নিজৰে উৎপাদিত খাদ্যশস্য কিনিবলগীয়া হয়। গোটেই বছৰটো এনেকৈয়ে চলিছিল আৰু তেওঁৰ হাতত আন কোনো উপায় নাছিল। এনেদৰেই চলি গৈ থাকোতে এদিন তেওঁ ধাৰত পোত গ’ল। তেওঁৰ ভৰিৰ তলৰ মাটি খহি পৰিল আৰু যিটো বন্দীশালত তেওঁ আবদ্ধ হৈ পৰিল, সিটো ক্ৰমশঃ দ হৈ আহিল। তেওঁ ভাবিলে, এই বন্দীশালৰ পৰা ওলোৱাৰ তেওঁ বাট বিচাৰি ল’ব। কিন্তু তেওঁৰ আত্মাও হৈ পৰিল চৰকাৰ বাহাদুৰৰ ভৃত্য। তেওঁৰ নিজৰ যি অস্তিত্ব আছিল, সন্মান নিধি আঁচনিৰ সেই জিলিকি থকা মূদ্ৰাৰ আন্ধাৰ ফালটোত সেয়া বহুদিন আগতেই সমাধি দি থোৱা আছিল।


SANGUR, PUNJAB
|MON, APR 24, 2023
অন্নদাতা আৰু চৰকাৰ বাহাদুৰ
প্ৰভাৱশালীবোৰে চৰকাৰী তথ্যৰ হেৰ-ফেৰ কৰা সময়তে কবিয়ে কলমেৰে সঁচা কথা লিখিবলৈ লৈছে। এই কবিতাটো উত্তৰ প্ৰদেশ আৰু দেশৰ অনান্য প্ৰান্তত কৃষকে কৰা আত্মহত্যাৰ ওপৰত লিখা
Poem and Text
Illustration
Editor
Translator
मौत के बाद उन्हें कौन गिनता
ख़ुद के खेत में
ख़ुद का आलू
फिर भी सोचूं
क्या मैं खालूं
कौन सुनेगा
किसे मना लूं
फ़सल के बदले
नकदी पा लूं
अपने मन की
किसे बता लूं
अपना रोना
किधर को गा लूं
ज़मीन पट्टे पर थी
हज़ारों ख़र्च किए थे बीज पर
खाद जब मिला
बुआई का टाइम निकल गया था
लेकिन, खेती की.
खेती की और फ़सल काटी
फ़सल के बदले मिला चेक इतना हल्का था
कि साहूकार ने भरे बाज़ार गिरेबान थाम लिया.
इस गुंडई को रोकने
कोई बुलडोज़र नहीं आया
रपट में पुलिस ने आत्महत्या का कारण
बीवी से झगड़े को बताया.
उसका होना
खेतों में निराई का होना था
उसका होना
बैलों सी जुताई का होना था
उसके होने से
मिट्टी में बीज फूटते थे
कर्जे की रोटी में बच्चे पलते थे
उसका होना
खेतों में मेड़ का होना था
शहराती दुनिया में पेड़ का होना था
पर जब उसकी बारी आई
हैसियत इतनी नहीं थी
कि किसान कही जाती.
जिनकी गिनती न रैलियों में थी
न मुफ़्त की थैलियों में
न होर्डिंगों में
न बिल्डिंगों में
न विज्ञापनों के ठेलों में
न मॉल में लगी सेलों में
न संसद की सीढ़ियों पर
न गाड़ियों में
न काग़ज़ी पेड़ों में
न रुपए के ढेरों में
न आसमान के तारों में
न साहेब के कुमारों में
मौत के बाद
उन्हें कौन गिनता
हे नाथ!
श्लोक पढूं या निर्गुण सुनाऊं
सुंदरकांड का पाठ करूं
तुलसी की चौपाई गाऊं
या फिर मैं हठ योग करूं
गोरख के दर पर खिचड़ी चढ़ाऊं
हिन्दी बोलूं या भोजपुरी
कैसे कहूं
जो आपको सुनाई दे महाराज…
मैं इसी सूबे का किसान हूं
जिसके आप महंत हैं
और मेरे बाप ने फांसी लगाकर जान दे दी है.
সিহঁতক কোনে হিচাপত ধৰে
নিজৰেই মাটি, নিজৰেই খেতি
নিজহাতে ৰোৱা আলু
তথাপিও ভাবি নাপাও
কি খাই জীয়াই থাকো
কোনে পতিয়াব?
কোনে বিশ্বাস কৰিব?
শস্যৰ বদলি
সোণ চপাই লওঁ
কোনে শুনিব,
কোনে ল’ব মোৰ দুখৰ ভাগ
ক্ষোভ আৰু হতাশাৰ কথা
কাৰ আগত কও খুলি?
মাটিখিনি বন্ধকীৰ,
হাজাৰ হাজাৰ টকা বীজৰ নামত গৈছিল
সাৰ অহালৈ বীজ সিঁচাৰ সময় উকলিছিল
তথাপিও তেজক পানী কৰিলো, শস্য চপালো
কিন্তু শস্য বেচি পোৱা পইচাখিনি ইমানেই নগন্য আছিল
সুদখোৰে বজাৰৰ মাজতে বুকত খামুচি ধৰিছিল।
সকলোৱে তামাচা চাই ৰ’ল,
গুণ্ডাগিৰি ৰখাবলৈ বুলড’জাৰ নাহিল
পুলিচেও মৃত্যুৰ কাৰণ লিখিলে-
ঘৈণীয়েকৰ লগত কাজিয়া।
তাই থকা মানে
খেতিত বন নিৰাবলৈ আন কাকো নালাগিছিল।
তাই থকা মানে
মাটিখিনি খেতিৰ উপযোগী হৈ উঠিছিল।
তাই থকা মানে
বীজবোৰ অংকুৰিত হৈছিল।
ধাৰৰ বোজাত কোঙা হৈও তাই ৰুটি সেকিছিল,
তুলিছিল কোলাৰ সন্তান।
তাই আছিল পথাৰৰ সিৰলুৰ দৰে
তাই থকা মানে আছিল যেন
চহৰৰ সোঁমাজৰ সেউজীয়া জোপোহা এডাল গছ
কিন্তু তাইৰ পাল যেতিয়া পৰিল,
ভাল খেতিয়ক হোৱাৰ জোখাৰে
তাইৰ যোগ্যতা নাই বুলি লিখা হ’ল।
মিচিলত তাইক ধৰা হোৱা নাছিল
বিনামুলীয়া ৰেচনৰ বেগত তাই নাছিল,
হৰ্ডিঙত নাছিল
অট্টালিকাবোৰত নাছিল
বিজ্ঞাপনৰ গাড়ীবোৰত নাছিল
বিশাল মলবোৰত লগা চেলচত নাছিল
সংসদৰ চিৰিবোৰত নাছিল
গাড়ীত নাছিল
কাগজৰ গছত নাছিল
টকাৰ পাহাৰত নাছিল
আকাশৰ তৰাত নাছিল
চাহাবৰ ল’ৰাবোৰৰ হিচাপত
নাছিল তাইৰ গন্তি।
মৃত্যুৰ পিছত
সিহঁতক কোনে হিচাপত ধৰে?
হে নাথ! প্ৰভু মোৰ!
এতিয়া কি বুলি স্তুতি কৰো?
শ্লোক মাতো নে নিৰ্গুণ গাও?
সুন্দৰকাণ্ড পাঠ কৰো
নে তুলসিৰ চৌপাইতে ধৰো?
নে হঠযোগ কৰোঁ
গোৰখ প্ৰভুৰ চৰণত অৰ্ঘ্য যাঁচোগৈ?
হিন্দীত কওঁ নে প্ৰভু ভোজপুৰীত?
কেনেকৈ কওঁ
যে প্ৰভু মোৰ মাতে ঢুকি পায় আপোনাক, মহাৰাজ...
একেটা চুবাৰে খেতিয়ক মই
যিটো চুবাৰ আপুনি গোসাঁই
য’ত মোৰ পিতাইয়ে চিপজৰী লৈছে।
আপোনাৰ মনলৈ যদি আত্মহত্যাৰ ভাব আহিছে বা আপুনি এনে কোনো ব্যক্তিক জানে যি কোনো গভীৰ সংকটত পৰিছে . তেন্তে অনুগ্ৰহ কৰি ৰাষ্ট্ৰীয় হেল্পলাইন কিৰণৰ এইটো নম্বৰ 1800-599-0019 (২৪ ঘণ্টাই মুকলি, শুল্কবিহীন)ত ফোন কৰক নাইবা ইয়াৰে যিকোনো এটা নিকটৱৰ্তী হেল্পলাইন নম্বৰত ফোন কৰক । মানসিক স্বাস্থ্যখণ্ডত কাম কৰি অহা ব্যক্তি আৰু সেৱা সম্পৰ্কত জানিবলৈ অনুগ্ৰহ কৰি এছ.পি.আই.এফ.ৰ মানসিক স্বাস্থ্যৰ নিৰ্দেশিকাখন পঢ়ক ।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/অন্নদাতা-আৰু-চৰকাৰ-বাহাদুৰ

