ৰেক্সিনৰ সামগ্ৰী বিক্ৰী কৰা অনন্তপুৰৰ গলি গলিয়ে থকা দোকানবোৰে অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিৰ বিষয়ে শীততাপ নিয়ন্ত্ৰিত নিউজৰূমত বহি থকা পণ্ডিতসকলতকৈ অধিক ভালদৰে ৰেহৰূপ বুজি পায়। ইয়াৰ আগৰবাৰ নিৰ্বাচনত বুদ্ধিজীৱীসকলৰ সকলো জল্পনা-কল্পনা ভুল প্ৰমাণিত কৰিছিল আৰু জগমোহন ৰেড্ডীয়ে অনায়াসে নিৰ্বাচনত বিজয়ী হৈছিল। পিছে ৰেক্সিনৰ সামগ্ৰী বিক্ৰী কৰা দোকানবোৰৰ গলিবোৰে যেন কি হ’বলৈ গৈ আছে, সেয়া আগতীয়াকৈ গম পাই গৈছিল। “আমি নিৰ্বাচনৰ কেইমাহমানৰ আগেয়েই ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টীৰ ছবি থকা বাহন (মটৰবাইক)ৰ মোনা পাৰোমানে চিলাবলৈ আৰম্ভ কৰিছিলোঁ,” অঞ্চলটোৰ এজন ৰেক্সিনৰ সামগ্ৰী বিক্ৰী কৰা দোকানী ডি নাৰায়নস্বামীয়ে এনেদৰে কয়।
বাহনৰ মোনা বা ছেডলবেগৰ সৈতে জড়িত লোকসকলে যেন চকাৰ গতি কোনফালে ঢাল খাইছে সেয়া নিৰ্ভুলভাবে পঢ়ি পেলাইছিল। ৱাই এছ আৰ কংগ্ৰেছ দলৰ ছেডলবেগৰ তীব্ৰ চাহিদাই ২০১৯ চনৰ নিৰ্বাচনৰ ফলাফল কাৰ সপক্ষে যাব তাৰ পূৰ্বানুমান কৰিয়েই দিছিল।
নব্বৈৰ দশকত এই দোকানবোৰে কম দামী, মজবুট স্কুলবেগেই ঘাইকৈ চিলাইছিল। মই নিজৰ বাবেও ইয়াৰ পৰা কেইটামান তেনে স্কুলবেগ কিনিছিলো। দশকটো বাগৰালৈ জোতাৰ দোকানতহে অধিক স্কুলবেগ বিক্ৰী হবলৈ ল’লে আৰু ৰেক্সিনৰ দোকানবোৰে তেওঁলোকৰ প্ৰধান ব্যৱসায় ছীট কভাৰ, ছোফা আৰু কাৰ কভাৰৰ লগতে চিনেমাৰ তাৰকা, ৰাজনৈতিক নেতাৰ ছবি থকা মটৰবাইকত ওলমাই ল’বপৰা ছেডলবেগ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে। ২০১৯ চনৰ নিৰ্বাচনৰ আগে আগে ডিজাইনাৰ ৰাজনৈতিক বেগৰ বিক্ৰী তুংগত উঠিছিল। “ভোকত মৰি যাম, কিন্তু আমি পাৰ্টি পতাকা ধৰিয়েই থাকিম। আমি ধৰিয়েই থাকিব লাগিব, আমাৰ কোনো বিকল্প নাই।” আগৰ চৰকাৰখনৰ পৰা অনুগ্ৰহ লাভ কৰা তেলুগু দেশম পাৰ্টিৰ এজন ভোটাৰে ২০১৯ত মোক এনেদৰে কৈছিল। তেওঁ চলাই অহা মটৰচাইকেলখনত থকা টিডিপি ছেডলবেগটো মই মন নকৰাকৈ থকা নাছিলোঁ।




