বাজেট জাতীয় কথাক লৈ খুৰছিদৰ ভ্ৰূক্ষেপ নাই বুলিবই পাৰি। “মই নিউজ চেনেলৰ বাতৰি নাচাওৱেই,” এইদৰে কয় ৭২ বৰ্ষীয় খুৰছিদে। “এই চেনেলবোৰৰ বাতৰিৰ কোনটো সঁচা, কোনটো মিছা একো ধৰিবই নোৱাৰি।“
দুই-এজনৰ মুখৰ পৰা এইবাৰৰ বাজেটত কৰ ৰেহাই দিয়াৰ কথাতো তেওঁ নুশুনা নহয়। “আমাৰ মহল্লাত এইটোৰ পৰা লাভ হ'বলগীয়া চাগে কোনো নায়েই। আমি হৈছো কোনোমতে দুবেলা দুমুঠি খাই থকা মানুহ” কথাখিনি কওঁতে তেওঁৰ মুখেৰে হাঁহি ওলাই গৈছিল।
যোৱা প্ৰায় ৬০ বছৰ ধৰি মহাৰাষ্ট্ৰৰ পাৰভানি জিলাৰ গংগাখেড় নগৰত দৰ্জীৰ কাম কৰি আছে ছৈয়দ খুৰছিদে। পিতৃৰ পৰা চিলাই বিদ্যা শিকাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৮ বছৰ। তেতিয়াৰে পৰা একেটা কামকেই কৰি আহিছে যদিও লাভ বুলিবলৈ বিশেষ নাই। আক্ষেপেৰে তেওঁ কয়, "আজিকালিৰ ল'ৰা-ছোৱালীবোৰে ৰেডিমেড কাপোৰহে কিনে, আমাৰ ওচৰলৈ নাহেই।”




