পাৰ্বতীয়ে নিজৰ ১২ একৰ ভূমি পানীৰ দামত লীজত দি চিলাইৰ কাম শিকাৰ সিদ্ধান্ত লৈছিল৷ ‘‘মই সৰু থাকোঁতে চিলাইৰ কিছু কাম কৰিছিলো৷ তেতিয়াই এই কাম কৰিব পাৰিম বুলি মই অনুভৱ কৰিছিলো’’, তেওঁ এইদৰে কয়৷ এয়া একপ্ৰকাৰৰ দিন হাজিৰা কামৰ দৰেই লাগিছিল কিয়নো তেওঁ মাল্লাপ্পাৰ ঋণো শুজিবলগীয়া হৈছিল৷ ইয়াৰ বাবে তেওঁ লাভ কৰা ক্ষতিপূৰণৰ ধন আৰু ঘৰৰ পোহনীয়া জন্তুকে ধৰি অন্যান্য সামগ্ৰীও বিক্ৰী কৰিবলগীয়া হৈছিল৷ তাৰোপৰি তিনিগৰাকী কিশোৰী কন্যাৰ সৈতে অকলে জীৱন নিৰ্বাহ কৰাটোও তেওঁৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছিল৷ ডাঙৰ জীয়েক দুজনী পঢ়া-শুনাত ভাল৷ এজনীয়ে বিজ্ঞানৰ পৰীক্ষাত ৫০ৰ ভিতত ৪৯ পাইছে৷ পাৰ্বতীৰ লক্ষ্য হ’ল ‘‘জীয়েককেইজনীয়ে যিমানলৈ পঢ়িব পাৰে সিমানলৈ পঢ়োৱা’’৷
চিলাইৰ কামেই কিয়? তেওঁ গাঁওখনত চকু ফুৰাইছিল৷ ‘‘আমাৰ ইয়াত প্ৰায় ৮০০ টা পৰিয়াল আছে৷ প্ৰায় প্ৰতিটো পৰিয়ালতে এজনীকৈ ছোৱালী আছে৷ এইটো সঁচা যে চিলাইৰ কাম কৰি মই মাত্ৰ কেইটামানহে টকা পাওঁ৷ কিন্তু এইটোও সঁচা যে ইয়াত চিলাইৰ কাম শিকোৱাৰ অৱকাশ আছে৷ যদি ১০ শতাংশ পৰিয়ালেও তেওঁলোকৰ ছোৱালীক চিলাইৰ কাম শিকিবলৈ পঠিয়ায়, তেতিয়াও মই চম্ভালিব পৰাকৈ শিক্ষাৰ্থী মোৰ বাবে হৈ যায়’’, তেওঁ এইদৰে কয়৷ এনেদৰে তেওঁ দুটা চিলাই মেচিন যোগাৰ কৰি ‘‘স্কুল’’খন আৰম্ভ কৰিছে৷ ‘‘মোৰ ছোৱালীকেইজনী স্কুলত থকাৰ সময়ত মই যথেষ্ট কাম কৰিব পাৰো৷ সিহঁতবোৰ স্কুলৰ পৰা অহাৰ পিছত হুলস্থুল আৰম্ভ হৈ যায়’’, তেওঁ এইদৰে কয়৷
‘‘তেওঁৰ সাহস অদম্য’’, অনন্তপুৰৰ ৰুৰেল ডেভেলপমেণ্ট ট্ৰাষ্টৰ ইক’লজি চেণ্টাৰৰ সঞ্চালক মাল্লা ৰেড্ডীয়ে এইদৰে কয়৷ এই ছোৱালীবোৰৰ শিক্ষাত সহায় কৰা সংস্থাটোৰ সৈতে তেওঁ জড়িত৷ ‘‘তিনিজনী ছোৱালীৰ সৈতে অকলে থকা আৰু প্ৰত্যাহ্বানসমূহৰ অকলশৰীয়াকৈ মুখামুখি হোৱাটো সাধাৰণ কথা নহয়৷ কিন্তু তেওঁ এয়া হেলাৰঙে সম্পন্ন কৰিছে৷ আৰু তেওঁ সন্তানকেইটিৰ ভৱিষ্যত উজ্বল হোৱাৰ সপোন দেখিছে৷ জীৱনটোক লৈ তেওঁৰ এয়েই আশা৷’’
জিলাখনৰ শ শ পাৰ্বতী আৰু কৃষ্ণাম্মাৰ কাহিনী প্ৰায় একেই৷ বহুতৰে ঋণৰ ধন পৰিশোধ কৰিবলৈ পোহনীয়া জন্তু, মাটি পৰ্যন্ত বিক্ৰী গৈছে, কিন্তু এতিয়াও ঋণমুক্ত হোৱা নাই৷ বহুতৰে সন্তানে স্কুললৈ যোৱা বাদ দিছে৷ বহুতে হাঁড় ভঙা শ্ৰম কৰিও প্ৰাপ্য ধনখিনি পোৱা নাই৷ হয়তোবা তেওঁলোকে ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োজন নিশ্চিতি কাৰ্যসূচীৰ অধীনত কাম পালে অধিক উপাৰ্জন কৰিব পাৰিলেহেঁতেন৷ অঞ্চলটোত বৰ্ধিত এই আত্মহত্যাৰ ঘটনাই পৰিয়ালবোৰক দুৰ্ভিক্ষ আৰু হতাশাৰ গভীৰ কুঁৱাৰ ভিতৰলৈ থেলি দিছে৷ কিছুমান পৰিয়ালত এটাতকৈও অধিক আত্মহত্যাৰ ঘটনা ঘটা দেখা গৈছে৷ লক্ষাধিক পৰিয়ালে এতিয়াও পৰিস্থিতিৰ সৈতে যুঁজি আছে যাতে পৰৱৰ্তী প্ৰজন্মই এই দুখ সহ্য কৰিবলগীয়া নহয়৷ পাৰ্বতী মাল্লাপ্পাই কোৱাৰ দৰে, ‘‘এয়া আমাৰ সন্তানবোৰৰ বাবে৷ আমাৰ সময় পাৰ হৈছে৷’’
এই প্ৰৱন্ধটোৰ মূল সংস্কৰণ দি হিন্দুত ২৬ জুন ২০০৭ তাৰিখে প্ৰকাশিত হৈছিল৷
অনুবাদক: মনোৰঞ্জন মজুমদাৰ