“এই যে বছৰৰ শেষত বাজেটক লৈ ইমান হৈ-হাল্লা হয়, সি আমাৰ জীৱনলৈ কিঞ্চিতমানো কিবা পৰিৱৰ্তন আনে নেকি?” দুই সন্তানৰ মাতৃ কে. নাগাম্মাই প্ৰশ্ন কৰে। তেওঁৰ গিৰীয়েক ২০০৭ত চেপটিক টেংক এটা চাফা কৰোঁতে ঢুকাইছিল। তেনেকৈয়ে জন্ম হৈছিল চাফাই কৰ্মচাৰী আন্দোলনৰ, যাক আজি তেওঁ এগৰাকী আহ্বায়ক হিচাপে নেতৃত্ব দিছে। তেওঁৰ ডাঙৰজনী জীয়েক শৈলা এগৰাকী নাৰ্ছ। সৰুজনী আনন্দি অস্থায়ী চৰকাৰী চাকৰি এটাত কৰ্মৰত।
“আমাৰ বাবে বাজেট মাত্ৰ এটা চমক দিয়া শব্দ। আমি যিখিনি উপাৰ্জন কৰোঁ, সেইখিনিৰে ঘৰখন সাধাৰণভাবে চলোৱাটোও আমাৰ বাবে কঠিন। তাতে আকৌ আমাক চৰকাৰী পৰিকল্পনাৰ পৰাও বাহিৰত ৰখা হৈছে। কি বাজেট সেয়া? মোৰ ছোৱালীদুজনীৰ বিয়াত এই বাজেটে সহায় কৰিব পাৰিবজানো?”
নাগাম্মাৰ পৰিয়ালে তেওঁৰ জন্মৰ আগতে চেন্নাইলৈ গুছি আহিছিল, সেয়ে তেওঁৰ জন্ম চেন্নাইতে আৰু ইয়াতেই ডাঙৰ-দীঘল হৈছিল। তেওঁলোকৰ গৃহচহৰ নাগুলাপুৰমত থকা তেওঁৰ দেউতাকৰ ভনীয়েকৰ ল’ৰাৰ লগত তেওঁৰ ১৯৯৫ত বিয়া হৈছিল। অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ পামুৰুৰ কাষৰ এইখন গাঁৱত তেওঁৰ গিৰীয়েক কান্নানে ৰাজমিস্ত্ৰী হিচাপে কাম কৰিছিল। তেওঁলোকৰ পৰিয়ালটো মাডিগা সম্প্ৰদায়ৰ, অনুসূচিত জাতি হিচাপে তালিকাভুক্ত। “২০০৪ত দুটি সন্তানৰ অধিকাৰী হোৱাৰ পিছত আমি আমাৰ ছোৱালী দুজনীৰ শিক্ষাৰ বাবে চেন্নাইলৈ অহাৰ সিদ্ধান্ত ল’লো,” নাগাম্মাই মনত পেলায়। তাৰে তিনিবছৰ পিছত কান্নানৰ মৃত্যু ঘটে।




