চাহাৰাই মৰাপাটবোৰ এৰুওৱা কামটো শেষ কৰিবলৈ লৈছে আৰু... তেনেতে কণমানি মুনিয়াই তেওঁক প্ৰশ্ন কৰে, “আম্মি, স্কুল কেতিয়া খুলিব?” এইকেইদিন তেওঁৰ ১০ ডেচিমেল মাটিখিনিত ব্যস্ততা বাঢ়িছে। মুনিয়াৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁৰ হাতত সময় নাই।
“স্কুল খোলা কিয় নাই আম্মি…!” কণমানিজনীয়ে প্ৰশ্ন কৰিবলৈ পিছে এৰা নাই। বাৰে বাৰে ফেনেকি ফেনেকি একেটা প্ৰশ্নকে কৰি থকাত ইফালে গৰমত ৰঙা-চিঙা পৰা চাহাৰাই ক’লে, “দেখিচ না কি গৰম (ইমান গৰম পৰিছে, দেখা নাই? আঠ মাহ ধৰি বৰষুণ নাই।”
“সিহঁতে এচি কিয় নলগায়?” মুনিয়াৰ প্ৰশ্নৰ শেষ নাই।
“চৰকাৰৰ সিমান পইচা নাই নহয়,” প্ৰশ্নৰ উত্তৰ দি দি চাহাৰাৰ ধৈৰ্য্যৰ বান্ধ চিগো চিগো হৈছে।
“তেনেহ’লে বৰোলোক ইংলিছ স্কুলত (ধনী মানুহৰ ল’ৰা-ছোৱালীৱে পঢ়া ইংৰাজী মাধ্যমৰ বিদ্যালয়) কেনেকৈ ইমান এচি লগোৱা থাকে?”
চাহাৰাই কোনো উত্তৰ নিদিলে, তাই পুনৰাই দেহা মাৰি পেলোৱা সেই শ্ৰমত নিজকে নিমজ্জিত কৰিলে। আবেলিলৈকে তাই লাগি থাকিল। আজি অলপ সোনকালে কামখিনি অটাই মুনিয়াক লৈ ঘৰলৈ যাব লাগিব। আজি ভোটদানৰ দিন। চাহাৰাই তেওঁৰ আঠ বছৰীয়া ছোৱালীজনীক লৈ দৌৰাদৌৰিকৈ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰটোলৈ গ’ল।
“আমি ভোট কিয় দিব লাগে আম্মি?” মুনিয়াৰ মুখত আৰু এটা প্ৰশ্ন। প্ৰশ্নৰ বিষয়বস্তু সলনি হোৱাই চাহাৰাই সামান্য সকাহ পাইছে যদিও দিনটো এনেকৈ কাম কৰি ভাগৰুৱা হৈ পৰা চাহাৰাৰ গাত এতিয়া প্ৰশ্নৰ উত্তৰ দি থাকিবলৈ বল নাই।
“টিভিত সিদিনা শুনিছিলো। ডাঙৰ নেতা এজনে কৈ আছিল, সিহঁতক বোলে মুছলমানৰ ভোট নালাগে! আমি দেখোন মুছলমান আম্মি। আমি কিয় ভোট দিও তেনেহ’লে?”
চাহাৰাই হঠাতে থমকি ৰ’ল আৰু অতি বিৰক্তিৰে ঘোপাকৈ কণমানিজনীলৈ চাই ৰ’ল। মুনিয়াই জানে এনেকৈ চাই থকাৰ অৰ্থ কি। মানে তাইৰ প্ৰশ্নৰ ৰেলগাড়ী ৰখোৱাৰ সময় আহি পৰিল।


