জাকিৰ হুছেইন আৰু মহেশ কুমাৰ চৌধাৰী দুয়োজন শৈশৱৰে বন্ধু। দুকুৰি বছৰ বয়স পাৰ কৰা দুয়োৰে সম্পৰ্ক এতিয়াও নিকপকপীয়া। জাকিৰ থাকে আজনা গাঁৱত, পাকুৰৰে ঠিকাদাৰ এজনৰ অধীনত তেওঁ কাম কৰে আৰু তাতেই মহেশে সৰু ৰেষ্টোৰাঁ এখন চলায়।
“পাকুৰখন (জিলা) বৰ শান্তিপূৰ্ণ ঠাই, তাত মানুহৰ মাজত শান্তিৰ পৰিৱেশ বিৰাজমান,” মহেশে কয়।
“বাহিৰৰ পৰা মানুহ আহি যেনে হিমন্ত বিশ্ব শৰ্মা (অসমৰ মুখ্যমন্ত্ৰী) আদিয়ে মানুহক নিজৰ ভাষণেৰে উচটায়,” বন্ধুৰ কাষতে বহি জাকিৰে কয়।
চাওতাল পৰগনা অঞ্চলটোৰে অংশ পাকুৰ ঝাৰখণ্ডৰ পূৱ দিশত অৱস্থিত, ২০২৪ৰ ২০ নৱেম্বৰত তাত নিৰ্বাচন অনুষ্ঠিত হ’ব। মুঠ আসনৰ সংখ্যা ৮১ খন। ২০১৯ৰ নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চা (জে.এম.এম.)ৰ মিত্ৰজোঁটে বিজেপিক পৰাস্ত কৰিছিল।
ক্ষমতা ঘূৰাই পোৱাৰ বাবে বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এই ঠাইৰ ভোটাৰক মুহিবলৈ ইয়ালৈ পঠিয়ায়। বিজেপি নেতাসকলে মুছলমান সম্প্ৰদায়ৰ প্ৰতি বিদ্বেষ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকক ‘বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী’ বুলি কৈছে।
“হিন্দু মানুহ আমাৰ কাষতে থাকে। সিহঁত আমাৰ ঘৰলৈ আহে, আমিও যাও,” জাকিৰে কয়, “কেৱল নিৰ্বাচনৰ সময়তহে হিন্দু-মুছলমানৰ বিষয়টো উত্থাপন কৰা হয়। নহ’লে বিজেপি কেনেকৈ জয়ী হ’ব?”
২০২৪ৰ ছেপ্টেম্বৰত জমছেদপুৰৰ এক ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অনুপ্ৰৱেশৰ বিষয়টোক লৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰে। “চাওতাল পৰগনা (অঞ্চল)ত আদিবাসী জনসংখ্যা দ্ৰুতগতিত কমি আহিছে। ভূমি দখল কৰা হৈছে। অনুপ্ৰৱেশকাৰীয়ে পঞ্চায়তৰ পদবী দখল কৰি আছে,” তেওঁ জনতাক উদ্দেশী কৈছিল।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও ৰাইজক সম্বোধন কৰি একেধৰণৰ কথাই কৈছে। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত কৈছে, “আমি ঝাৰখণ্ডত অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ আৰু জনজাতীয় লোকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কঠোৰ পদক্ষেপ ল’ম।”












