“আমাক কি লাগে চৰকাৰে কেতিয়াবা সুধিছিলনে?” তেওঁৰ পত্নী মান্দাই একপ্ৰকাৰ জোৰ কৰি এই প্ৰতিবেদকলৈ প্ৰশ্ন কৰে। “আমাক নোসোধাকৈ তেওঁলোকে আমাৰ বাবে কেনেকৈ সিদ্ধান্ত ল’ব পাৰে? আমাক মাহটোৰ আটাইকেইটা দিনতে কাম লাগে।”
পুণে জিলাৰ শিৰুৰ তালুকৰ কুৰুলি গাঁৱৰ বাহিৰত তেওঁলোকৰ এটা কোঠাৰ টিন বেৰ দিয়া ঘৰটোত উখল-মাখল লাগিছে, সচৰাচৰ নোহোৱা ব্যস্ততা বাঢ়িছে। “আমি ২০০৪ত জালনাৰ পৰা ইয়ালৈ প্ৰব্ৰজিত হৈ আহিছিলো। আমাৰ নিজা গাওঁ বুলিবলৈ নাছিল। আমি ইঠাইৰ পৰা সিঠাইলৈ ঘুৰি ফুৰো কাৰণে আমাৰ মানুহখিনি সদায়ে গাঁৱৰ পৰা বাহিৰতে থাকে,” বাবাচাহেবে কয়।
তেওঁ আমাক নোকোৱা কথাটো হৈছে এসময়ত ব্ৰিটিছে ‘অপৰাধী’ বুলি ঘোষণা কৰা ভিল পাৰ্ধিসকলক বিমুক্ত কৰা হ’ল যদিও তাৰ ৭০ বছৰ পিছতো সামাজিক কালিমা লৈ বঞ্চিত জীৱন কটাবলগীয়া হৈ আছে। তেওঁলোকক মহাৰাষ্ট্ৰত অনুসূচিত জনজাতি বুলি তালিকাভুক্ত কৰাৰ পিছতো। দমনৰ বলি হৈয়ে তেওঁলোকে ইঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰিবলগীয়া হয়।
নিশ্চয়কৈ তেওঁলোকে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেটৰ ভাষণত প্ৰব্ৰজনৰ ওপৰত কোৱা কথাখিনি শুনা নাই। শুনিলেও তেওঁলোক কিজানি উত্হাসিত নহ’লেহেঁতেন। “গ্ৰামাঞ্চলত পৰ্য্যাপ্ত সুযোগ-সুবিধা সৃষ্টি কৰাটো আমাৰ উদ্দেশ্য যাতে প্ৰব্ৰজন এক বিকল্প হওঁক, আৱশ্যকতা হৈ নপৰক,” ২০২৫-২৬ৰ বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে এনেদৰে কৈছিল।



