‘‘মোক বহুবাৰ হাতীয়ে খেদিছে, কিন্তু কেতিয়াও মোৰ হাত-ভৰি ভগা নাই’’, মিচিকিয়া হাঁহি এটি মাৰি ৰবি কুমাৰ নেতামে এইদৰে কয়৷
আৰ্শিকানহাৰ ৰেঞ্জত অৰণ্যৰ লুংলুঙীয়া বাটেৰে ২৫ বৰ্ষীয় গোণ্ড আদিবাসী তৰুণজন নিঃশব্দে আগবাঢ়ে৷ ছট্টিশগড়ৰ উদন্তি সীতানদী ব্যাঘ্ৰ অভয়াৰণ্যত তেওঁ এজন হস্তী সন্ধানবিদ৷ তেওঁ জানে কিদৰ হাতীৰ ভৰিৰ খোজ আৰু লাদ বিচাৰি জাকটোৰ সন্ধান কৰিব লাগে৷
‘‘মোৰ জন্ম অৰণ্যতেই আৰু মই ইয়াতে ডাঙৰ-দীঘল হৈছো৷ অৰণ্যৰ কথা জানিবলৈ মোক আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নাই,’’ ধামতাৰি জিলাৰ থেনাহি গাঁৱৰ ৰবিয়ে এইদৰে কয়৷ দ্বাদশ শ্ৰেণীলৈ পঢ়া ৰবিয়ে বৰ্তমানৰ পেচাটোত যোগদান কৰাৰ পূৰ্বে চাৰি বছৰ আগেয়ে বন বিভাগৰ অগ্নি সুৰক্ষাদলত মকৰল হৈছিল৷
অনুসৰণকাৰীজনে আমাক গভীৰ অৰণ্যৰ ভিতৰলৈ আগুৱাই লৈ যোৱাৰ লগে লগে শাল (Shorea robusta) আৰু চেগুন (Tectona grandis) গছৰ আঁৰে আঁৰে ঝিলিৰ কৰ্কশ মাতে ঠাইডোখৰ অনুৰণিত কৰি তুলিলে৷ মাজে মাজে চৰাইৰ মাত আৰু গছৰ ঠেঙুল এটা ভঙাৰ শব্দও শুনা গ’ল৷ ট্ৰেকাৰজনে প্ৰতিটো শব্দ আৰু চৌপাশৰ পৰা পাব পৰা সূংশুত্ৰৰ প্ৰতিও কাণ দিব লাগে।












