প্ৰতি বছৰে জুলাই মাহত সমগ্ৰ মহাৰাষ্ট্ৰৰ পৰা লাখ লাখ ৱাৰকৰিয়ে চোলাপুৰ জিলাৰ পান্ধাৰপুৰত তেওঁলোকৰ প্ৰাণৰো প্ৰাণ ভগবান ৱিথোবা আৰু ৰাখুমাইক দৰ্শন কৰিবলৈ আহে। তেওঁলোকে এই তীৰ্থযাত্ৰা কৰে পদব্ৰজে, দেহু আৰু আলন্দিৰ পৰা প্ৰায় ২৪০ কিলোমিটাৰ বাটকুৰি বাই ভক্তগণ যায়। যাত্ৰাপথটো হৈছে কেইবাশতিকা আগতে পশুপালক যাযাবৰসকলে বাছি লোৱা এটা পথ, যিটো ৮০০ বছৰৰো অধিক পুৰণি বুলি জনবিশ্বাস আছে।
দেহু হৈছে সন্ত তুকাৰামৰ জন্মস্থান। আলন্দিত আছে সন্ত জ্ঞানেশ্বৰৰ সমাধি। দুয়োজনেই সমতাবাদী আৰু জাতিভেদহীন ভক্তি মাৰ্গ (ৱাৰকৰি পন্থা)ৰ সন্মানীয় সাধু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰীসকলে এটা ডিণ্ডি গঠন কৰে আৰু আলন্দি অথবা দেহুত উপস্থিত হয়। তাৰপৰা তেওঁলোকৰ এই দুসপ্তাহজোৰা যাত্ৰা আৰম্ভ হয়। প্ৰতিটো ডিণ্ডি এখন গাঁৱৰ পুৰুষ আৰু মহিলাসকলৰ তীৰ্থযাত্ৰীৰ এটা সৰু দল। তেওঁলোকে একেলগে ভ্ৰমণ কৰে। কিছুমান ডিণ্ডি পুণেত সমবেত হয় বা আৰম্ভ তাৰ পৰা হয়। আন কিছুমানে তেওঁলোকৰ গাঁৱৰ পৰা যাত্ৰাৰম্ভ কৰি পোনে পোনে এক শুভ দিন হিচাপে গণ্য কৰা আহাৰ মাহৰ একাদশীৰ দিনা পান্ধাৰপুৰত উপস্থিত হয়।



