দিন নাই ৰাতি নাই
ডিঙা বাই বাই,
ওৰেটো জীৱন গুচি যায়
পাৰ নাপাইহে নাপায়।
পাৰাপাৰহীন সমুদ্ৰত
ঢৌৰ গৰ্জন
পাৰ পাওনো কেনেকৈ,
বুকুৰ দুখ বুকুতে লৈ
যাবতো নোৱাৰি
মাজ সমুদ্ৰত ডিঙা এৰি থৈ।


Dahod, Gujarat
|SAT, OCT 14, 2023
আশাময় জীৱনৰ অনন্তমালা গাঁথি ৱজেসিং গ’ল: কবিতাবোৰ নিনাদিত হ’ল
গুজৰাটৰ আদিবাসী কবি ৱজেসিং পাৰগিৰ ২০২৩ৰ ২৩ ছেপ্টেম্বৰত দেহাৱসান ঘটে। গুজৰাটী সাহিত্যৰ মূল ধাৰাত উপেক্ষিত হৈ অহা এইগৰাকী কবিয়ে অবৰ্ণনীয় কষ্টকৰ জীৱনটোৰ ইচ্ছা-আকাংক্ষা, পীড়া আৰু পেটৰ ভোকক লৈ কবিতা লিখি যায়। মাতৃভাষা পঞ্চমহলি ভিলি আৰু গুজৰাটী ভাষাত কবিতা লিখা এইজন কবিলৈ এয়া এক শ্ৰদ্ধাঞ্জলি
Author
Photos and Video
Editor
Translator
তেওঁ থমকি ৰোৱা নাছিল। আনকি জীৱনৰ শেষ সময়খিনিতো তেওঁ মুৰ দোওৱা নাছিল এখন হাৰি যাবলগীয়া যুঁজত, মাৰাত্মক কৰ্কট ৰোগৰ সৈতে তেওঁৰ যুঁজখনত।
সেয়া আছিল যন্ত্ৰণাময় সময়। উশাহ লোৱাত তেওঁ কষ্ট পাইছিল। হাড়ৰ সন্ধিবোৰ বিষাইছিল। শৰীৰত তেজ নাইকিয়া হৈ আহিছিল, ওজন কমিছিল। বেছি সময়ৰ বাবে বহি থাকিব নোৱাৰিছিল, ক্ষণিকতে ভাগৰ লাগিছিল। কিন্তু তাৰ মাজতে ৱজেসিঙে আমাক হস্পিতালৰ কোঠালীতে লগ কৰি আমাৰ সৈতে জীৱন আৰু কবিতাৰ কথা পাতিবলৈ মান্তি হৈছিল।
কবিৰ নাছিল বন্ধোৱা বাট। জন্মলগ্নৰে পৰা নিৰ্মম আছিল জীৱন। আধাৰ কাৰ্ডত অনুযায়ী তেওঁৰ জন্ম হৈছিল ১৯৬৩ত, দাহোদৰ ইতাৱা গাঁৱৰ এটা দৰিদ্ৰ ভিল আদিবাসী পৰিয়ালত।
চিচকা ভাই আৰু চতুৰা বেনৰ ডাঙৰ পুত্ৰ হিচাপে ডাঙৰ হোৱাৰ অভিজ্ঞতা কেনে আছিল, সেয়া বৰ্ণনা দিবলৈ গৈ তেওঁ কেৱল বাৰে বাৰে উচ্চাৰণ কৰিলে এটাই শব্দ, “দৰিদ্ৰতা…দৰিদ্ৰতা।” তাৰ পিছত সামান্য থমকি ৰ’ল। আনফালে ক্ষণিক চাই থাকিল, তেওঁ চকুৰ আগেৰে পাৰ হৈ গ’ল অত্যন্ত অভাৱী পৰিয়াল এটাত কটোৱা তেওঁৰ শৈশৱৰ ছবিবোৰ। “ঘৰখনত কোনোদিন খুদকণ কিনিবলৈকো পইচা নাছিল,” চকুকেইটা মোহাৰি তেওঁ কয়।
জীৱনৰ হ’ব অন্ত
পিছে পৰিক্ৰমাৰ
অন্তই বা ক’ত
মাজে মাজে এখন ৰুটিৰ ব্যাসাৰ্ধই
অতিক্ৰমি যায় পৃথিৱীকো
সঁচা কথা এয়াই যে
ভোকাতুৰসকলৰ বাহিৰে
কোনেও নাজানে
এখন ৰুটিৰ মাহাত্ম্য।
আদিবাসী কবি পাৰগিয়ে তেওঁৰ কবিতা পাঠ কৰা শুনক
দাহোদৰ কাইঝৰ মেডিকেল নাৰ্ছিং হোমৰ শয্যাশায়ী ৱজেসিঙে বিচনাত বহি বহিয়ে আমাক তেওঁৰ কবিতা পাঠ কৰি শুনালে, তাত তেওঁৰ চিকিৎসা চলি আছে
“কোৱাটো উচিত নহয়, তথাপি ক’বই লাগিব যে আমাৰ পিতৃ-মাতৃক লৈ আমি গৌৰৱ কৰিব পৰা নাছিলো,” ৱজেসিংই স্বীকাৰ কৰাৰ ভাবত কয়। তীব্ৰ ক্ষোভ আৰু চৰম হতাশা আৰু লজ্জাত তেওঁৰ যেন শৰীৰটো আৰু বেছি সংকুচিত হৈ পৰিল। “মই জানো এনে কথা মই ক’ব নালাগে, কিন্তু ওলাই যায়।” দাহোদৰ কাইঝৰ মেডিকেল নাৰ্ছি হোমৰ সৰু কেবিনটোৰ এটা চুকত টিনৰ টুল এখনত তেওঁৰ বৃদ্ধা মাতৃ বহি আছে, ৮৫ বছৰীয়া মানুহগৰাকীৰ কাণ গধুৰ হৈছে। “মই কেৱল আই-পিতাইক কষ্টৰ জীৱন কটোৱাই দেখিছো। মা-দেউতাই পথাৰত শ্ৰমিক হিচাপে কাম কৰিছিল।” তেওঁৰ দুগৰাকী ভনী, চাৰিটা ভাই এটা কোঠালীৰ কেঁচা ঘৰ এটাত থাকিছিল। ৱজেসিংই ইতাৱা এৰি আহমেদাবাদত কাম বিচাৰি আহোতেও তেওঁ তালতেজ চ্চলৰ বেৰ এখনৰ খোৰোং এটাত থাকিছিল। সেই ঠাইলৈ তেওঁৰ ঘনিষ্ঠতম বন্ধুও কাচিৎহে আহিছিল।
থিয় হ’ব খুজিলেই
খুন্দা খাও ঘৰৰ চালত,
দীঘল দি শুলেই
হাত-ভৰি লাগে বেৰত।
তাৰপিছতো এনেকৈয়ে
কুঁচি-মুচি কটাই দিছো
বছৰৰ পিছত বছৰ।
নোৱাৰিমেইনো কিয়?
জন্মৰ পূৰ্বে এনেকৈয়েতো
আছিলো আইৰ গৰ্ভত।
বঞ্চনাৰ এই ছবিখন কেৱল ৱজেসিঙৰেই নহয়। কবিৰ পৰিয়ালটো বাস কৰা অঞ্চলটোত এয়া এক বহুদিনৰ পৰা চলি অহা গতানুগতিক কাহিনী। দাহোদ জিলাৰ প্ৰায় ৭৪ শতাংশ জনসংখ্যা অনুসূচিত জনজাতিৰ, তাৰে ৯০ শতাংশই কৃষিকাৰ্য্যৰ লগত জড়িত। কিন্তু তেওঁলোকৰ মাটিৰ পৰিমাণ নিচেই কম আৰু উৎপাদনো কম। প্ৰায়ে খৰাং পৰে। আয়ৰ কোনো নিশ্চয়তা নাই। তদুপৰি অঞ্চলটোত দাৰিদ্ৰ্যৰ হাৰ ৰাজ্যখনৰ ভিতৰতেই বেছি - ৩৮.২৭ শতাংশ। এয়া বহুমাত্ৰিক দাৰিদ্ৰ্য সমীক্ষাৰ তথ্য।
“ঘনি টাকলি কৰি নে মোটা কৰিয়ে চে ই লোকোনে ধান্দা কৰি কৰি নে,” ৱজেসিংহৰ মাক চতুৰাবেনে মাতৃ হিচাপে নিজৰ জীৱনটোৰ সংগ্ৰামৰ কথা কয়। “মঝুৰি কৰিনে, ঘেৰ্নু কৰিনে, বিঝাণু কৰিনে খাভাদ্যু ছ (তেজক পানী কৰিছিলো। ঘৰত কাম কৰি উঠি ইঘৰ-সিঘৰত কাম কৰি সিহঁতৰ বাবে দুমুঠি যোগাৰ কৰিছিলো)।” কেতিয়াবা সিহঁতে কেৱল জোঁৱাৰৰ খিচিৰি খাই স্কুললৈ গৈছে, কেতিয়াবা খালিপেটে গৈছে। ল’ৰা-ছোৱালী ডাঙৰ কৰা ইমান সহজ কথা নাছিল, তেওঁ কয়।
নিৰ্ধৰ নামে গুজৰাটৰ উপান্ত শ্ৰেণীৰ বঞ্চিত লোকৰ মুখপত্ৰখনত ২০০৯ত তেওঁ দুটা খণ্ডৰ আত্মজীৱনী প্ৰকাশ পাইছিল। তাত তেওঁ লিখিছিল গুজৰাটৰ আদিবাসী লোকৰ বহল মনৰ কথা। এদিন জোখো ডামৰ আৰু তেওঁৰ পৰিয়ালটোৱে অনাহাৰে কটাইছিল। পাঁচটি আদিবাসী ল’ৰা-ছোৱালী বৰষুণৰ বাবে ঘৰ যাব পৰা নাছিল। সন্ধিয়া জোখোৰ ঘৰতে আশ্ৰয় লৈছিল। কবি ৱজেসিংহে কয়, “আমাৰ বাবে ভাদৰ্ভ মাহটো এনেও কঙালি মাহ।” গুজৰাটৰ প্ৰচলতি বিন্দু বিক্ৰম সম্বত পঞ্জিকা মতে ভাদৰ্ভ বছৰটোৰ একাদশ নম্বৰ মাহ। গ্ৰেগেৰিয়ান কেলেণ্ডাৰ অনুযায়ী ছেপ্টেম্বৰ মাহ পৰে।
“কেতিয়াবা ঘৰৰ চাউল শেষ হৈ যায়, পথাৰৰ ধানো চপাবৰ নহয়। সেয়ে পথাৰখন সেউজীয়া হৈ থাকিলেও আমি ভোকত থাকিবলগীয়া হৈছিল। দুই-এঘৰতহে সেইকেইটা দিনত দিনে দুবাৰ চৌকা জ্বলিছিল। তাতে যদি আগৰ বছৰ খৰাং পৰিল, বহুত পৰিয়ালে উতোলোৱা বা পোৰা মহুৱা খাই বৰ্ত্তাবলগীয়া হৈছিল। আমাৰ সম্প্ৰদায়টোৱে চৰম দাৰিদ্ৰ্যত জীৱন কটাবলগীয়া হৈছিল।”

Umesh Solanki

Umesh Solanki
বৰ্তমানৰ প্ৰজন্মই কৰ্মৰ সন্ধানত খেড়া, বৰোদা বা আহমেদাবাদলৈকে যায়, ৱজেসিঙে কয়। কিন্তু তেতিয়া মানুহে ঘৰ এৰি যোৱা নাছিল, ঘৰতে ভোকত শুকাই-ক্ষীণাই মৰিছিল। পঢ়া-শুনাত কোনেও ইমান গুৰুত্ব দিয়া নাছিল। “আমি গৰু-ম’হ চৰাবলৈ যাও বা আন কিবা কাম কৰোঁ- কোনোৱে একো মন নকৰিছিল। আনকি আমাৰ মা-দেউতা আৰু শিক্ষাগুৰুসকলে এটাই ইচ্ছা কৰিছিল - শিশুহঁতে আখৰকেইটা চিনক, লিখিব পৰা হওঁক। সিমানেই। ইয়াত কোনে আৰু ইমান পঢ়ি-শুনি দেশ চলাবলৈ যাব!”
ৱজেসিঙৰ সপোনবোৰ আছিল অলপ ভিন্ন প্ৰকৃতিৰ। তেওঁ ইউকেলিপ্টাছৰ দৰে ওখ হ’ব খুজিছিল, বিহংগৰ মনৰ কথা জানিব বিচাৰিছিল। সাগৰখন সাতুৰি সিপাৰে কি আছে, জনাৰ কৌতুহল তেওঁৰ মনত জাগিছিল। তেওঁ আশা কৰিছিল, নেদেখাজনে তেওঁক এই সমস্ত যন্ত্ৰণাৰ পৰা মুক্তি দিব। অসত্যক নেওচি সত্যৰ জয় নিজ চকুৰে দেখিব, ইশ্বৰক বিচাৰি পাব। গল্পৰ চলেৰে যেন আজোককাই তেওঁক সপোন দেখুৱাইছিল। পিছে ৰূপকথা ৰূপকথাই হৈ থাকিল, জীৱনটো তাৰ যেন ঠিক বিপৰীতে গতি কৰিলে।
ককাই যি সিঁচি দিছিল মন-মগজুত
আশাৰ সেই বীজ
যে কিবা এটা নিশ্চয়কৈ ভাল হ’ব,
সেই বীজ আজিও মই মোৰ তেজত কঢ়িয়াই লৈ ফুৰিছো।
নাচোৰবান্দা আশা বুকুত লৈ
বাচি আছো মই,
কিবা এটা ভাল হ’ব, হ’বই!
এই আশাক সাৰথি কৰিয়েই তেওঁ শিক্ষাৰ সংগ্ৰাম চলাই নিছিল। এবাৰ প্ৰায় আকস্মিকভাবে শিক্ষালাভৰ পথত অহাৰ পিছত তেওঁ থমকি ৰোৱা নাছিল। শিক্ষাৰ বাবে তেওঁ যি পাৰে সেয়াই কৰিছিল। ছয়-সাত কিলোমিটাৰ খোজকাঢ়ি স্কুললৈ গৈছিল। কেতিয়াবা একো নোখোৱাকৈয়ে শুইছিল, কেতিয়াবা ইঘৰৰ পিছত সিঘৰ সামান্য খাদ্য বিচাৰি ঘূৰি ফুৰিছিল, কেতিয়াবা হেড মাষ্টৰৰ বাবে মদ কিনি নিয়া কাম কৰিছিল। গাওঁখনত উচ্চতৰ মাধ্যমিক বিদ্যালয় নথকা স্বত্ত্বেও তেওঁ পঢ়ি গৈছিল। দাহোদলৈ যাবলৈ বুলি গাওঁখনৰ পৰা যান-বাহন একো নাছিল। তাত ভাড়া কৰি থাকিবলৈকো তেওঁৰ হাতত পইচা নাছিল। কনষ্ট্ৰাকচন চাইটত কাম কৰিছিল, ৰেলৱে ষ্টেছনত ৰাতি কটাইছিল, খালিপেটে শুইছিল, জাগিছিল, ব’ৰ্ড পৰীক্ষাৰ আগেয়ে ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰিছিল, তথাপি তেওঁ পঢ়াৰ আশা এৰি দিয়া নাছিল।
ৱজেসিঙে এই সকলো বাধাৰ প্ৰাচীৰ ভাঙি আগবাঢ়িবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল:
এই আছো,
এই কেতিয়াবা আচম্বিতে মুৰ ঘূৰাই পৰি যাওঁ
হতাশাই খামোচ মাৰি ধৰে বুকু।
তথাপি বিন্দুসম আশাৰে আকৌ সাৰ পাই উঠো মই
বাচি থাকিম, বাচি থাকিম বুলি মনে কয়
আৰু দুৰ্দশাত কোঙা শৰীৰটো এনেকৈয়ে লওঁ পোনাই।
শিক্ষাজীৱনত তেওঁৰ বাবে আটাইতকৈ স্মৰণীয় আছিল কলেজীয়া সময়ছোৱা। তেতিয়া তেওঁ গুজৰাটী ভাষাত নৱজীৱন আৰ্টছ এণ্ড কমাৰ্চ কলেজত স্নাতক ডিগ্ৰী পঢ়িবলৈ লৈছিল। তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ স্নাতকোত্তৰ মহলাত নাম লগালে। কিন্তু প্ৰথম বৰ্ষত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ সেই পাঠ্যক্ৰম এৰি বি.এড.ত ভৰ্ত্তি হ’ল। তেওঁক পইচাৰ প্ৰয়োজন আছিল আৰু সেয়ে তেওঁ সোনকালে পৰীক্ষাত উত্তীৰ্ণ হৈ শিক্ষক হোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু বি.এড. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে এক সাংঘাতিক দুৰ্যোগ নামি আহিল তেওঁৰ জীৱনলৈ। এদিন হতাহতি লাগি থকাৰ মাজতে এটা গুলি তেওঁৰ গল ফালি পাৰ হৈ গ’ল, কণ্ঠনলী আঘাতপ্ৰাপ্ত হ’ল। ১৪ বাৰকৈ তেওঁ অস্ত্ৰোপচাৰ কৰোৱালে, কিন্তু প্ৰতিবাৰ বিফল হ’ল। এনেকৈ চিৰদিনৰ বাবে তেওঁ কথা ক্ষেত্রত বাধাগ্ৰস্ত হৈ থাকিল। আনফালে ঋণৰ বোজাতো তেওঁ বুৰ গ’ল।

Umesh Solanki

Umesh Solanki
তেওঁৰ মূৰৰ ওপৰতে যেন সৰগ ভাঙি পৰিল। তেওঁলোকৰ আদিবাসী সমাজখনৰ হৈ মাত মাতিবলৈ কোনো নাছিল, এতিয়া তেওঁ শিক্ষিত হৈ যি এক কণ্ঠ শক্তিশালী কৰিবলৈ লৈছিল, সেইটোও তেওঁ হেৰুওৱাৰ উপক্ৰম হ’ল। তেওঁ তেনেকৈয়ে নিজৰ সপোনবোৰ একাষৰীয়া কৰি থৈ চৰ্দাৰ পাটেল ইনষ্টিটিউট অৱ ইকনমিক এণ্ড ছ’চিয়েল ৰিচাৰ্ছত ঠিকাভিত্তিক কাম কৰিবলৈ লয় আৰু পিছলৈ আৰ্হিকাকত শুধৰোৱা (প্ৰুফ ৰিডিং)ৰ কামত সোমায়। এনেকৈয়ে তেওঁ জীৱনৰ প্ৰথম প্ৰেমৰ সৈতে পৰিচিত হয় - সেয়া হ’ল ভাষা। দুটা দশক আগতে লিখা সাহিত্যকৰ্মৰ সান্নিধ্য লাভ কৰিলে কবিগৰাকীয়ে।
আৰু তাৰপিছত কি হ’ল?
“ভাষাটোৰ বিষয়ে কি ভাবো, সেয়া মই খোলাখুলিকৈ কওঁ শুনক,” বৰ আগ্ৰহেৰে তেওঁ আমাক কয়। “গুজৰাটী ভাষা-সাহিত্যিকসকল নিজৰ ভাষাটোক লৈ বৰ উদাসীন। শব্দ চয়নত কবিসকল বৰ অসাৱধান। তেওঁলোকৰ প্ৰায়ভাগে কেৱল গজল লিখে আৰু কেৱল আৱেগক লৈয়ে তেওঁলোক সীমাবদ্ধ। তেওঁলোকে সেয়াই আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভাবে। শব্দবোৰ ঠিকেই আছে, সেইবোৰতো থাকিবই।” এই যে শব্দৰ সুক্ষ্ম বোধ, সেইবোৰ সজাই নিয়াৰ কৌশলী কলা, তাৰোপৰি কবিতাত নিজ অভিজ্ঞতাৰ সমাৱেশ- ৱজেসিং পাৰগিৰ কবিতাত এই সকলোৰে প্ৰতিফলন ঘটিছে। তথাপি মূলধাৰাৰ সাহিত্যত তেওঁৰ কবিতাৰ দুই সংকলনে এতিয়াও কোনোধৰণৰ স্বীকৃতি লাভ কৰা নাই।
“মোৰ বোধেৰে আৰু বেছি নিয়মীযাকৈ লিখি যাব লাগে,” তেওঁ কিয় আগশাৰীৰ কবিৰ মাজত ঠাই নাপালে, তাৰ কাৰণ চিন্তা কৰি তেওঁ কয়। “মই যদি এটা বা দুটা কবিতাই লিখি থ’লোহেঁতেন, তেতিয়া কোনেনো বাৰু মন কৰিলেহেঁতেন। এই কবিতাবোৰ শেহতীয়া। মই মানুহৰ প্ৰশংসা বুটলিবলৈ কবিতা লিখা নাছিলো। নিয়মিতভাৱে লিখিব পৰা নাছিলো। মই ইমান চিৰিয়াচলি লিখাও নাছিলো চাগে। ভোক আমাৰ তেজত শিপাইছিল। সেয়ে তাকেই লিখিছিলো। সেয়া আছিল এক স্বাভাৱিক অভিব্যক্তি।” কথোপকথনৰ সময়চোৱাত মানুহজনে কেৱল নিজকেই দোষ দিছিল - আনলৈ দোষ ঠেলি দিব বিচৰা নাছিল, পুৰণি ঘাঁ খুঁচৰিব বিচৰা নাছিল, নিজৰ ভাগৰ ৰ’দকণো তেওঁ দাবী কৰা নাছিল। কিন্তু সেই কথাটো তেওঁ নজনা নাছিল, গোটেই কাৰবাৰটো তেওঁ সচেতনভাৱে কৰি গৈছিল…
নিশ্চিতভাবে কোনোবাই
আদবাটতে কাঢ়িছে
আমালৈ অহা পোহৰ
আৰু আমি ওৰেতো জীৱন
প্ৰখৰ ৰ’দত,
কেৱল জ্বলিছো
আৰু জ্বলিছো।
ইমানৰ পিছতো
চৌদিশ ধূসৰ, মাথো ধূসৰ।
তেওঁৰ পেচাগত জীৱনটোতো সন্মুখীন হৈছিল এলান্ধুকলীয়া বৈষম্যমূলক নীতিৰ। প্ৰুফৰিডাৰ হিচাপে নিজৰ দক্ষতাৰ শলাগ পোৱাটো দূৰৰ কথা, তেওঁ চিকাৰ হৈছিল বৈষম্যমূলক আচৰণৰ। এবাৰ তেওঁ মিডিয়া গোষ্ঠী এটাৰ প্ৰৱেশিকা পৰীক্ষাত ‘এ’ গ্ৰেড পোৱা স্বত্ত্বেও তেওঁক এনে এটা পদৰ প্ৰস্তাৱ দিয়া হ’ল যে যিটো পদত ‘চি’ গ্ৰেড পোৱা এজনতকৈও দৰমহা কম। নিৰাশাত তেওঁ ভাঙি পৰিছিল। প্ৰশ্ন কৰিছিল যে এয়া কেনে নীতি, যিয়ে এনে কুসংস্কাৰৰ জন্ম দিয়ে। শেষত তেওঁ সেই প্ৰস্তাৱ নাকচ কৰিবলৈ বাধ্য হৈছিল।

Umesh Solanki
হ্ৰস্বম্যাদী চুক্তিত তেওঁ আহমেদাবাদৰ বিভিন্ন মিডিয়া গোষ্ঠীৰ সৈতে তেওঁ কাম কৰিছিল। পইচা পাইছিল নামমাত্ৰ। পাৰগি চাহাবক প্ৰথম লগ পোৱাৰ সময়ত কিৰিট পাৰমাৰে ‘অভিযান’ৰ বাবে লিখি আছিল। তেওঁ কয়, “২০০৮ত মই অভিযানত যোগদান কৰোঁতে পাৰগি চাহাবে সম্ভৱ মিডিয়াত কাম কৰি আছিল। কাগজে-কলমে তেওঁ প্ৰুফৰিডাৰ হ’লেও আমি জানিছিলো যে তেওঁক কিবা এটা চাবলৈ দিলে তেওঁ সেয়া সম্পাদনাও কৰিছিল। তেওঁ সমলখিনিক এক নতুন ৰূপ দিছিল। ভাষাৰ ব্যৱহাৰ আছিল খুবেই সুন্দৰ। কিন্তু তেওঁ প্ৰাপ্য সন্মান নাপালে, প্ৰাপ্য সুযোগ-সুবিধাৰ পৰাও তেওঁ বঞ্চিত হ’ল।”
‘সম্ভৱ' গোষ্ঠীত তেওঁ মাহে ৬,০০০ টকা পাইছিল। যিখিনি পাইছিল, সেইখিনিৰে পৰিয়ালৰ ভৰণ-পোষণ, ভাই-ভনীকেইটাৰ পঢ়া-শুনাৰ খৰছ বহন কৰিছিল। তেনেকৈ আহমেদাবাদত টিকি থকা সম্ভৱেই নাছিল। সেয়ে তেওঁ ইমেজ পাব্লিকেচনত ফ্ৰীলাঞ্চ কৰিবলৈ ল’লে। তেওঁ দিনৰ দিনটো সম্ভৱৰ অফিছত কাম কৰি সন্ধিয়া ইমেজ পাব্লিকেছনৰ দপ্তৰলৈ যায়।
“পিতৃ ঢুকোৱাৰ পিছত তেঁৱেই আমাৰ পিতৃৰ দৰে হৈ পৰিছিল,” তেওঁৰ সৰুজন ভাতৃ মুকেশ পাৰগি (৩৭)য়ে কয়। “হাজাৰ সমস্যাৰ মাজতো তেওঁ আমাৰ পঢ়া-শুনাকে আদি কৰি সকলো খৰছ বহন কৰিছিল। তালতেজৰ এটি ভগা-চিগা জৰাজীৰ্ণ কোঠাত তেওঁক থকা মই দেখিছিলো। কোঠাটোৰ টিনৰ ওপৰেৰে কুকুৰবোৰ দৌৰি ফুৰিছিল। ৫-৬ হাজাৰ যেনেতেনে যোগাৰ কৰিছিল, সেইখিনিৰে নিজকে নোজোৰে, তাৰ উপৰিঞ্চি তেওঁ আমাক চাইছিল, পঢ়া-শুনাৰ খৰছ বহন কৰিছিল। সেইবোৰ কথা কেতিয়াও পাহৰিব নোৱাৰো,” মুকেশ পাৰগিয়ে কয়।
শেষৰ পাঁচ-ছটা বছৰ আহমেদাবাদৰ এটা বেচৰকাৰী প্ৰুফৰিডিং সংস্থাৰ সৈতে ৱজেসিং চাহাবে কাম কৰিছিল। “জীৱনটোৰ বেছিভাগ সময় মই ঠিকাভিত্তিক কামেই কৰিলো। শেহতীয়াকৈ কাম কৰিছিলো চিগনেট ইনফোটেকত। গান্ধীজীৰ নৱজীৱন প্ৰেছৰ সৈতেও চুক্তি হৈছিল। তাত মই তেওঁলোকে প্ৰকাশ কৰা কিতাপবোৰৰ কাম কৰিছিলো। নৱজীৱনৰ আগতে মই আন আন প্ৰকাশন গোষ্ঠীৰ সৈতেও কাম কৰিছিল,” ৱজেসিঙে কয়। “কিন্তু গুজৰাটৰ কোনো প্ৰকাশকে মোক প্ৰুফৰিডাৰৰ স্থায়ী কাম এটা নিদিলে।”
তেওঁৰ বন্ধু আৰু লিখক কিৰিট পাৰমাৰৰ সৈতে কথোপকথনত তেওঁ কয়, “গুজৰাটীত ভাল প্ৰুফৰিডাৰ এজন পোৱাটো টান, ইয়াৰ কাৰণ হৈছে নিচেই কম পাৰিতোষিক। প্ৰুফ-ৰিডাৰজন হৈছে ভাষা এটিৰ অভিভাৱক, ভাষাৰ হৈ যেয়ে ওকালতি কৰে। তথাপিও কিয় আমাক যথাযোগ্য সন্মান আৰু পাৰিতোষিক নিদিয়ে? আমি দিনে দিনে বিলুপ্ত হৈ গৈছো। আৰু ক্ষতি কাৰ হৈছে, গুজৰাটী ভাষাটোৰ।” ৱজেসিঙে স্বচক্ষে গুজৰাটী মিডিয়া সংস্থাৰ পুতৌলগা অৱস্থা দেখিছিল। তেওঁলোকে ভাষাটোক এচিকুটো সন্মান নকৰে আৰু লিখা-পঢ়া কোনোমতে জনা লোকক তেওঁলোকে প্ৰুফৰিডাৰ হিচাপে নিয়োগ কৰে।
“সাহিত্যৰ জগতখনত এটা ভুল ধাৰণা আছে যে প্ৰুফৰিডাৰ হ’বলৈ কোনো জ্ঞান, দক্ষতা বা সৃজনীশীলতাৰ প্ৰয়োজন নাই,” তেওঁ কয়। তেওঁ আজীৱন গুজৰাটী ভাষাৰ ৰক্ষক হৈ ৰ’ল। “সাৰ্থ জোড়ানি কোষ (এখন জনপ্ৰিয় অভিধান)ৰ বাবে গুজৰাট বিদ্যাপীঠে এখন পৰিপূৰক তালিকা প্ৰকাশ কৰিছিল। তেওঁলোকে ৫,০০০ নতুন শব্দ শব্দকোষত যোগ দিয়াৰ প্ৰস্তাৱ দিছিল,” কিৰিট ভাইয়ে মনত পেলায়। “সেইখনত বাৰপাচি ভুল আছিল। কেৱল বানানৰ ভুলেই নাছিল, তথ্যগত ভুলো আছিল। ভালেমান সুক্ষ্ম সুক্ষ্ম ক্ৰুটিৰে ভৰি আছিল সেইখন।” ৱজেসিঙে এই আটাইবোৰ ভুল টুকি লৈ তেওঁলোকক জবাবদিহি কৰিছিল। গুজৰাটত এনে কাম কৰা মানুহ আজিলৈকে কাকো নাপালো, যিটো ৱজেসিঙে কৰিছিল। আনকি তেওঁ ৰাজ্যখনৰ শিক্ষা ব’ৰ্ডৰ ৬ম, ৭ম আৰু ৮ম মানৰ কিতাপত থকা ভুলবোৰো আঙুলিযাই দিছিল।”

Umesh Solanki

Umesh Solanki

Umesh Solanki
ইমানখিনি প্ৰতিভা আৰু দক্ষতা থকা স্বত্ত্বেও তেওঁ কেৱল উপেক্ষা আৰু বৈষম্যৰ বলি হৈ দিন কটালে। তথাপি কেৱল আশা আৰু সহনশীলতাৰ কথাই তেওঁৰ কবিতাত প্ৰতিফলিত হ’ল। নিজৰ যি আছে, সেইৰেই তেওঁ জীৱনটো নিচুকাব লাগিব বুলি জানিছিল। ইশ্বৰৰ ওপৰত ভৰসা বহু আগেয়েই এৰি দিছিল তেওঁ।
এখন হাতত ভোক
আনখনত হাড়ভঙা শ্ৰমৰ নচিব
এনেকৈয়েতো জন্ম মোৰ;
হে ঈশ্বৰ, তোমাক পূজিবলৈ
আৰু এখন হাত
মই পাওঁৱেইনো ক’ত?
ৱজেসিঙৰ জীৱনত ইশ্বৰৰ শূন্যতা প্ৰায়ে পুৰণ কৰিছিল কবিতাই। তেওঁ দুখনকৈ কাব্যগ্ৰন্থ প্ৰকাশ কৰিছিল - আগিয়ানু আজাৱালুন (জোনাকী পৰুৱাৰ পোহৰ), ২০১৯ আৰু ঝাকলনা মোতি (নিয়ৰৰ মুকুতা), ২০২২)। আৰু কেইটামান কবিতা তেওঁ মাতৃভাষা পঞ্চমহলি ভিলিত লিখিছিল।
অবিচাৰ, শোষণ, বৈষম্য আৰু বঞ্চনাৰে ভৰা জীৱনটোৰ শেষ সময়কণতো তেওঁৰ মুখত বিৰক্তিৰ কোনো লেখমানো চিন নাই। কোনো অভিযোগো নাই। “কাক অভিযোগ দিম? সমাজক? সমাজলৈ আঙুলি টোৱাব আমি নোৱাৰো, তেওঁলোকে আমাক ডিঙি চেপি মাৰি পেলাব,” তেওঁ কয়।
ৱজেসিং পাৰগি চাহাবে তেওঁৰ কবিতাৰ মাধ্যমেৰে ব্যক্তিগত ঘাত-প্ৰতিঘাতৰ পৰা উৰ্দ্ধলৈ গতি কৰিছিল, মানৱ জীৱনৰ সাৰ্বজনীন অথচ কৰুণ ছবিখন তেওঁ উপলব্ধি কৰিব পাৰিছিল। তেওঁৰ মতে ব্যাপ্তিৰ অভাৱেই বৰ্তমান সময়ৰ আদিবাসী আৰু দলিত সাহিত্যৰ বিফলতাৰ কাৰণ। “দলিত সাহিত্য কিছুমান পঢ়ি দেখিছো যে বৃহত্তৰ পৰিসৰত মানৱীয় প্ৰমূল্যবোধৰ তাত অভাৱ ঘটিছে। সেয়া কেৱল আমাৰ ওপৰত হোৱা অত্যাচাৰৰ দলিল, আৰু একো নহয়। কিন্তু ইয়াৰ পৰা আমি কোনদিশে আগবাঢ়িম? আজিকালি আদিবাসীসকলে মাত মাতিবলৈ লৈছে। বৃহত্তৰ প্ৰশ্নবোৰ কোনোকালে উত্থাপিত হোৱা নাই,” তেওঁ কয়।
দাহোদ নিবাসী কবি প্ৰবীণ ভাই যাদৱৰ কথাত, “সৰুকালিৰ পৰাই আমাৰ অঞ্চলটোৰ কিতাপবোৰ ওলট-পালট কৰি মই পঢ়িছো। ২০০৮ চনতহে মই ৱজেসিঙৰ নামটো সংকলন এখনত পাইছিলো। মানুহজনক বিচাৰি পাওতে চাৰিবছৰ লাগিল। তেওঁক দেখা কৰাৰ বাবে আৰু সময় লাগিল। তেওঁ মুশায়েৰা কৰা কবি নাছিল। তেওঁৰ কবিতাত আছিল আমাৰ জীৱনৰ যন্ত্ৰণাকাতৰ এক ছবি, উপান্ত শ্ৰেণীৰ।”
কলেজীয়া জীৱনতে কাব্যিকতাৰ সৈতে ৱজেসিং গভীৰভাৱে জড়িত হৈ পৰিছিল। প্ৰশিক্ষণ বা গুৰুতৰ সাধনাৰ কথা ভবাৰ সময় নাছিল। “দিনে-নিশাই মোৰ মনত কেৱল কবিতাই সোমাই থাকিছিল,” তেওঁ কয়। “সেয়া আছিল আমাৰ অস্তিত্বৰ বিৰামহীন অভিব্যক্তি, কেতিয়াবা শব্দ হৈ ওলাইছিল, কেতিয়াবা পলাই সাৰিছিল। কিমানযে কথা অব্যক্ত হৈ ৰৈছে। ইমান দীঘলীয়া প্ৰক্ৰিয়া এটা অনন্তকাল ধৰি ৰাখিব নোৱাৰি। সেয়ে মই তাক মনৰ ইচ্ছা অনুযায়ী কবিতাৰ আকাৰ দিলো। তথাপি কিমান যে কবিতা লিখিবলৈ থাকি গ’ল।”
হাওঁফাওঁৰ কৰ্কট - দুবছৰ ধৰি গাত এই মাৰাত্মক ব্যাধি লৈ এই অলিখিত কবিতাৰ তালিকাখন আৰু দীঘল কৰি পেলাইছে। ৱজেসিং পাৰগিৰ যন্ত্ৰণাময় জীৱন আৰু সংগ্ৰামৰ দিশে চকু নুফুৰালে বুজাটো কঠিন যে তেওঁৰ কিমান কবিতা লিখিবলৈ থাকি গ’ল। জোনাকী পৰুৱাৰ সেই অকণমান পোহৰ তেওঁ কেৱল নিজৰ বাবে ৰখা নাই, বৰঞ্চ সেয়া তেওঁৰ গোটেই সম্প্ৰদায়টোৰ সাঁচিছে। সেই কথাখিনি ক’বলৈ, লিখিবলৈ থাকি গ’ল। নিষ্ঠুৰ-নিৰ্মম এই জগতত কবিৰ হাতত হিমকণাবোৰ কেনেকৈ মুকুতা হৈ সৰিল, সেয়া লিখিবলৈ ৰৈ গ’ল। নিৰ্মম জগতখনত কেনেকৈ এটা কণ্ঠ সদায় সহানুভূতিশীল আৰু অনুকম্পাৰে ভৰি থাকিল, সেয়াওতো লিখা নহ’ল। গুজৰাটী ভাষাৰ শ্ৰেষ্ঠ কবিসকলৰ তালিকাত ৱজেসিং পাৰগিৰ নামটোও লিখিবলৈ থাকি গ’ল।

Umesh Solanki
কিন্তু ৱজেসিং কেতিয়াও বিপ্লৱৰ কবি নাছিল। তেওঁৰ মতে শব্দবোৰ ফিৰিঙতি নহয়।
সোঁসোঁৱাই বলা বতাহ এজাকৰ অপেক্ষাত
ৰৈ আছো।
কিন্তু মই যে উত্তাপ শূন্য ফুটছাই,
শুকান বন এডালো জ্বলাবলৈ
মোৰ সামৰ্থ্যই বা ক’ত
কিন্তু বতাহত উৰি মই
সেইসকলৰ চকুত পৰিমেই পৰিম
আৰু ৰঙা কৰি দিম সিঁহতৰ
এজন নহয় এজনৰ চকু।
প্ৰায় সত্তুৰটা অপ্ৰকাশিত কবিতা আজিও আমাৰ চকু আৰু চেতনাত বালি হৈ ৰৈ গৈছে, আমিও সেই তীব্ৰ বতাহজাক অহালৈ ৰৈ আছো…
ঝুলড়ি*
শৈশৱত,
পিতাইয়ে আনি দিছিল এটা ঝুলড়ি
প্ৰথমবাৰ ধোওতেই কোঁচ-মোচ খাইছিল চোলাটো,
ৰংবোৰ উৱলি গৈছিল,
সূতাবোৰ ওলাই আহিছিল।
চোলাটো মোৰ একেবাৰে ভাল নলগা হৈছিল।
মই ফেপেৰি পাতি ধৰিছিলো, কৈছিলো
মোক নালাগে এইটো চোলা,
একেবাৰে ভাল নালাগে।
আইয়ে মোৰ মূৰত হাত বুলাই দিছিল চেনেহী মাত
কৈছিল, “ফিচিকি নোযোৱালৈকে পিন্ধাচোন এইটো।
তেতিয়াহে নতুন এটা আনি দিম, হ’বনে সোণাইটো-পুতাইটো?”
আজি মোৰ এই দেহটোও অপ্ৰিয় ঝুলড়িটোৰ দৰেই ওলমি আছে,
ছালবোৰ শোতোৰা পৰিছে, হাড়ৰ জোৰাবোৰ উৱলি গৈছে
উশাহ লওঁতে মই বাৰে বাৰে কঁপিছো
মনটোৱে কৈছে, খুলি পেলোৱা এই চোলা!
এই চোলাটো এৰিবলৈ মন গ’লেই আইৰ সেই মিঠা মাত ভাঁহি আহে -
“ফিচিকি নোযোৱালৈকে পিন্ধাচোন, অ’ মোৰ সোণাই
এবাৰ গুছি গ’লেই…
এয়া ৱজেসিং পাৰগিৰ অপ্ৰকাশিত কবিতাৰ অনুবাদ।
*ঝুলড়ি মানে আদিবাসী সম্প্ৰদায়ৰ শিশুৱে পিন্ধা এম্ব্ৰইডেৰি কৰা সূতাৰ কাপোৰৰ উপবস্ত্ৰ।
প্ৰয়াণৰ কেইদিনমান আগেয়ে আমাৰ সৈতে কথা পতাৰ বাবে ৱজেসিং পাৰগিৰ প্ৰতি প্ৰতিবেদকে অশেষ কৃতজ্ঞতা যাঁচিছে। লগতে মুকেশ পাৰগি, কবি আৰু সমাজকৰ্মী কাঞ্জি পাটেল, নিৰ্ধৰৰ সম্পাদক উমেশ সোলাংকি, ৱজেসিং পাৰগিৰ লেখক-বন্ধু কেতন পাৰমাৰ আৰু গালালিয়াভাড় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সতীশ পাৰমাৰৰ প্ৰতি লিখকে ধন্যবাদ জনাইছে। তেওঁলোকৰ সহায় অবিহনে এই প্ৰতিবেদন অসম্পূৰ্ণ হৈ ৰ’লহেঁতেন।
এই প্ৰতিবেদনত ব্যৱহৃত আটাইবোৰ কবিতা ৱজেসিং পাৰগিয়ে গুজৰাটী ভাষাত লিখিছে আৰু তাৰ ইংৰাজী তৰ্জমাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।
কবিতাৰ অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি
টেক্সট্ অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/vajesinh-pargi-a-life-in-letters-and-worse-as

