"মেদাপুৰমত আমি যিদৰে উগাড়ি উদযাপন কৰোঁ, তেনেকৈ আন কোনো ঠাইতে উগাড়ি উদযাপন কৰা নহয়", পাচলা কোণ্ডান্নাই এইদৰে কয়, ৮২ বছৰীয়া কৃষকজনে অন্ধ্ৰ প্ৰদেশৰ তেওঁৰ গাঁৱত উদযাপন কৰা মাৰ্চ বা এপ্ৰিল মাহত উদযাপন কৰা তেলেগু নৱবৰ্ষ উগাড়ি উৎসৱৰ বিষয়ে গৌৰৱেৰে কয়।

শ্ৰী সত্যচাই জিলাৰ এখন গাওঁ মেদাপুৰমত এই অনুসূচীত জাতিৰ সম্প্ৰদায়টোৱে অতি উল্লাসেৰে এই উৎসৱ পালন কৰে।

উগাড়িৰ আগদিনা ৰাতি দেৱতাৰ প্ৰতিমা কঢ়িয়াই নিয়া এক শোভাযাত্ৰাৰ সৈতে এই উৎসৱটো আৰম্ভ হয়। এটা গুহাৰ পৰা মন্দিৰলৈ প্ৰতিমাটোৰ এই ভব্য যাত্ৰাক ভক্তসকলে যথেষ্ট প্ৰত্যাশা আৰু উৎসাহেৰে প্ৰত্যক্ষ কৰে। মন্দিৰৰ আঠটা ৰক্ষক পৰিয়ালৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা সৰু অনুসূচীত জনজাতিৰ সম্প্ৰদায়ে এই অনুষ্ঠানত এক কেন্দ্ৰীয় ভূমিকা পালন কৰে যদিও তেওঁলোকেই হৈছে মেদাপুৰমৰ সংখ্যালঘূ লোক যাৰ জনসংখ্যা হৈছে ৬,৬৪১ জন (লোকপিয়ল ২০১১ অনুসৰি)।

উগাড়িৰ দিনা গাওঁখনত মন্দিৰৰ চৌপাশে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া বাহনবোৰ ৰঙীন সজ্জাৰে আলোকিত কৰি তোলা হয়। ভক্তসকলে আগন্তুক বছৰৰ বাবে সহযোগিতা আৰু আশীৰ্বাদৰ প্ৰতীক হিচাপে প্ৰসাদম বিতৰণ কৰে। বাহনৰ শোভাযাত্ৰা সমাপ্ত হোৱাৰ লগে লগে আবেলি পাঞ্জু সেৱা ৰ ৰীতি-নীতি অনুষ্ঠিত হয়। এই ৰীতি-নীতিৰ বাবে অংশগ্ৰহণকাৰীসকলে শোভাযাত্ৰাৰ সেই একেটা পথকে অনুসৰণ কৰি আগ নিশা ব্যৱহাৰ কৰা পথটো শুদ্ধ কৰে।

এই উৎসৱত সকলোকে তেওঁলোকৰ গাঁৱলৈ প্ৰতিমা অনাৰ সমগ্ৰ কাহিনীটো পুনৰাবৃত্ত কৰি মাদিগা সম্প্ৰদায়ৰ সংগ্ৰামৰ কথা সোঁৱৰাই দিয়ে।

এই চলচ্চিত্ৰখন চাওক: মেদাপুৰমত উগাড়ি: শক্তি আৰু পৰিচয়

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Naga Charan

ନାଗ ଚରଣ ହାଇଦ୍ରାବାଦର ଜଣେ ସ୍ୱାଧୀନ ଚଳଚ୍ଚିତ୍ର ନିର୍ମାତା।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Naga Charan
Text Editor : Archana Shukla

ଅର୍ଚ୍ଚନା ଶୁକ୍ଳା ପିପୁଲସ୍ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଜଣେ କଣ୍ଟେଣ୍ଟ ଏଡିଟର ଏବଂ ସେ ପ୍ରକାଶନ ଟିମ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Archana Shukla
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Manoranjan Majumder