অঞ্জন গাঁৱৰ উপকণ্ঠৰ পৱিত্ৰ টিলাটো গেৰুৱা আৰু বগা পতাকাৰে ভৰি আছে। বগা পতাকাবোৰ হৈছে শৰণা অনুগামীসকলৰ। তেওঁলোক হৈছে প্ৰকৃতিৰ উপাসক, আদিবাসী সম্প্ৰদায়ৰ লোক। এই অঞ্চলৰ ওৰাওঁ আদিবাসীসকল। আনহাতে গেৰুৱা পতাকাবোৰ হিন্দুধৰ্মৰ, ১৯৮৫ত ঝাড়খণ্ডৰ গুমলা জিলাৰ টিলাটোৰ শিখৰত স্থাপিত এটা হনুমান মন্দিৰৰ হিন্দু উপাসকসকলে তাত সেই পতাকা পুতিছে। তেওঁলোকে কয় যে সেই শিখৰটো হিন্দু দেৱতাৰ জন্মস্থান।

বাঁহৰ তোৰণখনত দুখন কমিটিৰ নাম থকা দুখন ডাঙৰ আকাৰৰ বেনাৰ ওলমি আছে। গুমলা বন প্ৰৱন্ধন মণ্ডল, যিটো বন বিভাগ আৰু অঞ্জন গাঁৱৰ গঞাই (যুটীয়াভাৱে সংযুক্ত গ্ৰাম বন প্ৰৱন্ধন সমিতি) চলায়। এই মণ্ডলে ২০১৬ চনৰ পৰাই উপসনাস্থলীলৈ অহা তীৰ্থভ্ৰমণকাৰীৰ পৰিচালনাৰ কাম কৰি আহিছে। মন্দিৰটোৰ পৰিচালনাৰ দায়িত্বত আছে ২০১৯ত হিন্দুৰ দ্বাৰা স্থাপিত অঞ্জন ধাম মন্দিৰ বিকাশ সমিতি।

ভিতৰৰ আদৰণি তোৰণত আমি দুটি ভিন্ন দিশে যোৱা চিৰি পাওঁ, দুই ভিন্ন উপাসনাস্থলীলৈ যোৱা বাট। পোনে পোনে থকা চিৰিয়ে আপোনাক টিলাটোৰ শিখৰত থকা হনুমান মন্দিৰটোলৈ লৈ যাব। আনটোৱে আপোনাক দুটা গুহালৈ লৈ যাব। হিন্দু মন্দিৰটো স্থাপনৰ বহু যুগ আগেয়েই শতিকাজুৰি সেই গুহাত আদিবাসী পাহানসকলে পূজা-অৰ্চনা কৰি আহিছে।

দুটা ধৰ্মীয় গোটৰ দুটা পৃথক বৰঙনিৰ বাকচ আছে, এটা গুহাৰ কাষত আৰু আনটো মন্দিৰটোৰ ভিতৰত। তৃতীয়টো বজৰংগ দলৰ, সিটো প্ৰাংগণত আছে। এইটো বাকচত জমা হোৱা বৰঙনিখিনিৰে মঙলবৰীয়া ভাণ্ডাৰা পতা হয় য’ত ধৰ্মপ্ৰাণ সাধু-সন্তৰ বাবে ভোজভাতৰ ব্যৱস্থা কৰা হয়। অৱশ্যে টিলাটোৰ পাদদেশত, গাওঁখনৰ কাষত আৰু এটা বৰঙনিৰ বাকচ আছে, তাত জমা হোৱা পইচাৰে আদিবাসীসকলে গুহাত প্ৰয়োজন হোৱা পূজাৰ সামগ্ৰী কিনে।

“এই ঠাই আদিবাসীসকলৰ। অঞ্জনত কোনোকালে পণ্ডিত-পুৰোহিত নাছিল।” এই ধৰ্মীয় স্থানত উপাসনাৰ এক আচহুৱা ৰূপ দেখি মনটো উৎসুকতাৰে ভৰি পৰিছিল, তাকে দেখি অঞ্জনৰ গাওঁবুঢ়া ৰণজয় ওৰাঁৱে মোক এইকথা কয়। “শেহতীয়াকৈহে বাৰাণসীৰ পৰা পণ্ডিতসকল আহিছে। ওৰাওঁ আদিবাসীসকলে বছৰ বছৰ ধৰি প্ৰকৃতিৰ দেৱী অঞ্জনীৰ পূজা কৰি আহিছে, অঞ্জনী যে হনুমানৰ সৈতে জৰিত, সেই কথা আমি জনা নাছিলো,” তেওঁ কয়।

“পণ্ডিতসকলে আহি ইয়াত প্ৰচাৰ চলালে যে অঞ্জনী আচলতে হনুমানৰ মাতৃ আছিল,” ৰণজয়ে কয়। “তাৰপিছত অঞ্জনখনক হনুমানৰ জন্মস্থান বুলি ঘোষণা কৰা হ’ল। মানুহে কিবা বুজি পোৱাৰ আগতেই পাহাৰখনৰ ওপৰত হনুমান মন্দিৰ এটা স্থাপন কৰা হ’ল আৰু ঠাইখনক অঞ্জনধাম বুলি ঘোষণা কৰা হ’ল।”

Left: The main entrance of Anjan Dham from where two staircases, one on the right and the other on the left, lead one to two different worship places up the mountain.
PHOTO • Jacinta Kerketta
Right: White flags on the mountain belong to the nature worshipping Sarna tribals. The saffron flag represents the Hindus, who also have a temple on the top of the hill
PHOTO • Jacinta Kerketta

বাওঁফালে: অঞ্জন ধামৰ মূল তোৰণ, ইয়াৰ পৰা পাহাৰখনলৈ দুটা ৰাস্তা যায়, দুয়োটাই ভিন্ন এক উপাসনাস্থলী। সোঁফালে: পাহাৰৰ ওপৰত বগা পতাকাবোৰ শৰণা জনগোষ্ঠীয় উপাসনাস্থলী। গেৰুৱা পতাকাবোৰ হিন্দুৰ, একেখন পাহাৰৰ ওপৰত থকা মন্দিৰ এটাৰ

আদিবাসীসকলে মন্দিৰ বিচৰা নাছিল, তেওঁ মোক কয়। সেয়া আছিল তেতিয়াৰ কৰ্মৰত উপ-সংমণ্ডল বিষয়াৰ পদক্ষেপ। তেতিয়া ঝাড়খণ্ড বিহাৰৰ অংশ আছিল।

হনুমান মন্দিৰটোৰ পুৰোহিত কেদাৰনাথ পাণ্ডেয়ে মন্দিৰ প্ৰতিষ্ঠাৰ বিষয়ে বৰ আমোদজনক কাহিনী কয়। “মোৰ ককা মানিকনাথ পাণ্ডেয়ে সপোনত দেখিছিল যে এইখন পাহাৰতে হনুমানৰ জন্ম হৈছিল।” গাওঁখনত মন্দিৰৰ পৰিচৰ্য্যাত থকা দুটামাত্ৰ পণ্ডিত পৰিয়ালৰ এটাৰ ৪৬ বছৰ বৰ্ষীয় পুৰোহিতগৰাকীয়ে কয়।

তেওঁ কয় যে তেতিয়াৰে পৰা তেওঁ ককাকে পাহাৰখনৰ ওপৰলৈ গৈ তাত ৰামায়ণ পঢ়িবলৈ লয়। “অঞ্জনা আছিল গৌতম ঋষিৰ জীয়ৰী আৰু তেওঁৰ ভাৰ্য্যা আছিল অহল্যা।” তেওঁৰ ককাকৰ পৰা শুনা কাহিনীটো আমাক কয়। “অঞ্জনা শাপিত হৈ এই অজান মুলুকৰ পাহাৰখনলৈ আহিছিল। তাৰপৰাই পাহাৰখনৰ নাম অঞ্জনা পাহাৰ হৈ পৰে। তেওঁ আছিল শিৱৰ ভক্ত। এদিন শিৱ তেওঁৰ উপাসনাত মুগ্ধ হৈ তাত আবিৰ্ভাৱ হয় আৰু তেওঁক শাপৰ পৰা মুক্তি দিয়ে। শাপৰ পৰা মুক্তি পোৱা সেই মন্ত্ৰৰেই বলত তেওঁৰ গৰ্ভৰ পৰা নহৈ উৰুৰ পৰা হনুমানৰ জন্ম হয়।”

“সেই সময়ত ৰঘুনাথ সিং আছিল গুমলাৰ উপ-সমংণ্ডল বিষয়া আৰু আমাৰ পিতৃৰ তেওঁ ঘনিষ্ঠ বন্ধু আছিল। তেওঁলোক দুজনে সিদ্ধান্ত ল’লে যে পাহাৰখনৰ ওপৰত এটা হনুমান মন্দিৰ হ’ব লাগে। আদিবাসীসকলে প্ৰথমে প্ৰতিবাদ কৰিলে আৰু ছাগলী এটা বলি দিলে। কিন্তু মন্দিৰটোৰ নিৰ্মাণ হ’ল আৰু পাহাৰখনক অঞ্জনধাম বুলি ঘোষণা কৰা হ’ল,” নিৰ্বিকাৰ হৈ তেওঁ কয়।

অঞ্জন গাঁৱৰ নামটো আহিছে অঞ্জনী মাৰ পৰা - এগৰাকী আদিবাসী দেৱী, প্ৰকৃতি মাতৃৰ এটা ৰূপ যিটো গাওঁখন আগুৰি থকা পাহাৰবোৰত বিৰাজ কৰে। শ শ বছৰ ধৰি তেওঁলোকে দেৱীগৰাকীক গুহাত পূজা আগবঢ়াই আহিছে।

“বহু বছৰলৈ মানুহে পাহাৰত শিলৰ পূজা কৰি আহিছিল,” ৫০ বছৰ বয়সীয়া মহেশ্বৰ ওৰাওঁৱে কয়। “এয়া আছিল প্ৰকৃতিৰ উপাসনা। এই পাহাৰত হনুমানজীৰ জন্মৰ কাহিনী বহু পিছত প্ৰচাৰ কৰা হৈছে।”

The cave on the mountain where pahans, traditional priests of the Adivasis, from Anjan village perform puja
PHOTO • Jacinta Kerketta

পাহাৰৰ গুহাবোৰ য’ত অঞ্জন গাঁৱৰ আদিবাসীসকলে পূজা কৰে, তাত তেওঁলোকৰ পাৰম্পৰিক পুৰোহিত পাহানসকল থাকে

The Hanuman temple on the mountain that is now called Anjan Dham
PHOTO • Jacinta Kerketta

পাহাৰৰ ওপৰত থকা হনুমান মন্দিৰটো, যাৰ নাম এতিয়া অঞ্জনধাম

বিৰছা ওৰাওঁ অঞ্জন গাঁৱৰ গাওঁবুঢ়া। ষাঠিবছৰীয়া বিৰছাই তেওঁৰ জীৱনকালতে হনুমান মন্দিৰটো হোৱা দেখিছে। “আদিবাসীসকল হিন্দু নহয়,” তেওঁ কোনো দ্বৰ্থ্যবোধ নৰখাকৈ কয়। “গাওঁখনৰ গৰিষ্ঠসংখ্যক লোকেই ওৰাওঁ আদিবাসী, শৰণা ধৰ্ম অনুসৰণ কৰি আহিছে। শৰণা ধৰ্মত গছ-পাহাৰ, নৈ-নিজৰা আদি সকলোৰে উপাসনা কৰা হয়। আমাক জীয়াই থকাত সহায় কৰা সকলো বস্তুকে আমি উপাসনা কৰো।”

ৰমণী ওৰাওঁৱে কয় যে গঞাই পূৰ্বৰে পৰা শৰণা ধৰ্ম মানি আহিছিল, সেয়া আছিল বিশুদ্ধ প্ৰকৃতিৰ পূজা। “আমাৰ মানুহে এতিয়াও প্ৰকৃতিৰ সৈতে সম্পৰ্কিত পূজা যেনে চাৰাহুল (বসন্ত উৎসৱ) আৰু কৰম (শস্য চপোৱা উৎসৱ) পূজা বৰ উৎসাহেৰে উদযাপন কৰি আহিছে। এই মন্দিৰটো স্থাপন হোৱাৰ আগতে আমি কেতিয়াও হনুমানৰ বিষয়ে জনা নাছিলো। আমি পাহাৰ-পৰ্বতৰ পূজা কৰিছিলো। শিলৰ পাহাৰখনত কিছুমান গুহা আছিল। আমি সেয়াই পূজা কৰিছিলো,” গাওঁখনৰ ৩২ বছৰ বয়সীয়া ৰমণীয়ে কয়। “পিছলৈ হনুমান জনপ্ৰিয় হৈ পৰে, এই মন্দিৰটো স্থাপন হয় আৰু ভাৰতৰ বিভিন্ন স্থানৰ পৰা মানুহ উপাসনাৰ বাবে আহিবলৈ লয়। তেতিয়াই কেইগৰাকীমান আদিবাসীয়ে হনুমানৰ পূজা কৰিবলৈ লয়,” তেওঁ কয়।

অঞ্জনত হিন্দু মন্দিৰে আদিবাসী উপাসনাস্থলী দখলৰ কাহিনী কোনো নতুন কাহিনী নহয়। আচৰিত হ’বলগীয়া কাহিনীও নহয়, ৰনেন্দ্ৰ কুমাৰে কয়। ঝাৰখণ্ডৰ এগৰাকী ঔপন্যাসিক তথা ষ্ট’ৰিটেলাৰ, ৬৩ বছৰ বয়সীয়া ৰনেন্দ্ৰই আঙুলিয়াই দি কয়, “আগতেও বহুত আদিবাসী দেৱীক বৈদিক সমাজৰ অংশ কৰি পেলোৱা হৈছে।”

“প্ৰথমে বৌদ্ধ ধৰ্মালম্বীসকলে আদিবাসীৰ পৰা মহিলা দেৱীসকলৰ ওপৰত অধিকাৰ দেখুৱালে আৰু পিছলৈ সেয়াই হিন্দুধৰ্মৰ অংশ হৈ পৰিল। তাৰা, বজ্ৰ ডাকিনী, দান্তেশ্বৰী - চত্তীশগড়ৰ এই সকলো দেৱী আগতে আদিবাসীসকলৰ আছিল,” তেওঁ যুক্তি দৰ্শায়। “ভুল সাদৃশ্য থকা দেখুৱাই কৰা উপাসনাৰ যোগেদি আদিবাসীসকলক এতিয়া হিন্দুত্বৰ আওতালৈ অনা হৈছে।”

ঝাৰখণ্ডৰ কুৰুখ ভাষাৰ এগৰাকী অধ্যাপক ডা. নাৰায়ন ওৰাওঁৱে বলপূৰ্বক অন্তৰ্ভূক্তিকৰণ বা সাংস্কৃতিক দখলৰ বৰ্তমান স্থিতি সন্দৰ্ভত বুজাই কয়। “সৰু সৰু মাটিৰ মূৰ্তি আৰু মাৰাই, ধৰ্মীয় অনুষ্ঠানৰ বাবে মুকলি ঠাইবোৰ দেৱীৰ মণ্ডপ নাইবা হিন্দুৰ মন্দিৰলৈ পৰিৱৰ্তন কৰি পেলোৱা হ’ল।” এবাৰ মন্দিৰ সজাৰ পিছত ভক্তৰ সমাগম ঘটিল আৰু আদিবাসীসকলে সেই ঠাইত নিজা ধৰ্মীয় ৰীতি-নীতি অনুসৰণ কৰি থকাটো অসম্ভৱ হৈ পৰিল।

“ৰাঁচী পাহাৰী মন্দিৰ, হাৰ্মু মন্দিৰ, আৰগোড়া মন্দিৰ, কানকে মন্দিৰ, মোৰাবাদী মন্দিৰ আদি ইয়াৰ উদাহৰণ,” তেওঁ কয়। “আজিও এই মন্দিৰবোৰৰ কাষত আদিবাসী উপাসনাৰ অৱশেষাংশ পোৱা যায়। এসময়ত যিবোৰ ঠাই আদিবাসীসকলে উপাসনাস্থলী আছিল, সেইবোৰ এতিয়া দূৰ্গা পূজা নাইবা আন বাণিজ্যিক বজাৰ আদিৰ বাবে ব্যৱহৃত হয়। উদাহৰণ স্বৰূপে ৰাঁচীৰ আৰগোড়াত আগতে ওৰাওঁ-মুণ্ডা লোকে তেওঁলোকৰ উপাসনা আৰু উৎসৱ উদযাপন কৰিছিল।”

গুঞ্জাল ইকিৰ মুণ্ডাই আমাক ৰাঁচীৰ কাষৰ দেওৰি মন্দিৰৰ বিষয়েও কয়। ৰাঁচীৰ বুন্দুস্থিত দেওৰি মন্দিৰ থকা স্থানত আগতে কেতিয়াও মন্দিৰ নাছিল, তেওঁৰ সম্পৰ্কীয়ই আগতে তাত আদিবাসীসকলৰ বাবে পূজা আগবঢ়াইছিল। “তাত কেৱল এটা শিল আছিল, মুণ্ডা আদিবাসীসকলে তাত প্ৰাৰ্থনা কৰিছিল। মন্দিৰটো নিৰ্মাণৰ পিছত তাত বুজন সংখ্যক হিন্দু ধৰ্মালম্বী লোক আহিবলৈ লয় আৰু ঠাইখিনি তেওঁলোকৰ বুলি দাবী কৰিবলৈ ধৰে। বিষয়টো আদালতলৈ নিয়া হয় আৰু সেই অনুযায়ী এতিয়া দুয়োটা ধৰ্মৰ লোকে একেখন ঠাইতে উপাসনা কৰাৰ অনুমতি দিয়া হয়। সপ্তাহৰ কেইটামান দিন পাহানে পূজা কৰে আৰু আন দিনকেইটাত হিন্দু পুৰোহিতৰ পূজা চলে।”

PHOTO • Manita Kumari Oraon


পাহাৰখনত উপাসনাৰ দুটা স্থল আছে। আদিবাসী পাহানে দুটা গুহাত আদিবাসীৰ পৰম্পৰাগত পূজা পাতে আৰু আনফালে পাহাৰখনৰ একেবাৰে ওপৰত থকা হনুমান মন্দিৰত হিন্দু পুৰোহিতে পূজা চলায়

চকুৰে দেখাখিনিতকৈও কিছুমান চিন্তা উদ্ৰেগকাৰী কথাও ইয়াতে লুকাই আছে।

আদিবাসীসকলক হিন্দুধৰ্মৰ আওতালৈ আনিবলৈ চলা প্ৰক্ৰিয়াত অন্ধবিশ্বাসৰো আশ্ৰয় লোৱা হ’ল। লোকায়তা নামে কিতাপখনত লেখক দেৱীপ্ৰসাদ চট্টোপাধ্যায়ে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে - বৈদিক ধৰ্ম অনুসৰণ কৰা জনসংখ্যা যদি ১৮৭৪ত মুঠ জনসংখ্যাৰ মাত্ৰ ১০ শতাংশ আছিল, তেন্তে কেনেকৈ এইখন দেশত হিন্দুধৰ্মই গৰিষ্ঠসংখ্যকৰ ধৰ্ম হোৱাৰ স্থিতি পালেগৈ? উত্তৰটো বোধকৰো লোকপিয়লত আছে।

১৮৭১ৰ পৰা ১৯৪১ৰ মাজৰ কালচোৱাৰ লোকপিয়লত আদিবাসীসকলৰ ধৰ্মক বিভিন্ন শ্ৰেণী যেনে আদিবাসী সম্পৰ্কীয় (এবৰিজিনেল), খিলঞ্জীয়া (ইণ্ডিজেনিয়াচ), জনজাতীয় আৰু জড়োপাসক আদি ভাগত ভগোৱা হৈছে। কিন্তু স্বাধীন ভাৰতত ১৯৫১ত হোৱা প্ৰথম লোকপিয়লত আটাইবোৰ বৈচিত্ৰময় পৰম্পৰাক জনজাতীয় ধৰ্ম বুলি এটা শ্ৰেণীত অন্তৰ্ভূক্ত কৰি পেলোৱা হয়। ১৯৬১ত তাকো আঁতৰাই হিন্দু, খ্ৰীষ্টান, জৈন, শিখ, মুছলমান আৰু বৌদ্ধধৰ্ম শ্ৰেণীৰ দৰে ‘অন্যান্য’ বুলি অভিহিত কৰা হয়।

ফলস্বৰূপে, ২০১১ৰ লোকপিয়লত কেৱল ০.৭ শতাংশ ভাৰতীয়ই নিজকে “অন্য়ান্য ধৰ্ম আৰু পন্থা”ৰ বুলি চিনাকী দিয়ে। এয়া বৰ্গীকৃত অনুসূচিত জনজাতিৰ এক নগণ্য অংশ, দেশৰ জনসংখ্যাৰ ৮,৬ শতাংশ মাত্ৰ।

১৯৩১ত লোকপিয়লৰ প্ৰতিবেদনত , ভাৰতৰ লোকপিয়লৰ আয়ুক্ত জে.এইছ. হাট্টনে জনজাতীয় ধৰ্মৰ পৰিসংখ্যাৰ বিষয়ে তেওঁৰ চিন্তা ব্যক্তি কৰিছিল। “কোনো ব্যক্তিয়ে কোনো স্বীকৃত ধৰ্মৰ অনুগামী হোৱাৰ দাবী কৰিলে তেওঁক কোনো পৰৱৰ্তী অনুসন্ধান অবিহনে ‘হিন্দু’ বুলি লিখাৰ প্ৰৱণতা দেখা যায়,” তেওঁ লিখিছে। “ভাৱৰ প্ৰক্ৰিয়াটো এনেকুৱা যে এইখন হিন্দুস্থান, হিন্দুৰ দেশ। গতিকে ইয়াত বাস কৰা সকলোৱে আন কোনো ধৰ্মৰ বুলি দাবী নকৰিলে তেওঁলোক হিন্দু হ’বই লাগিব।”

*****

One of the caves called ' Chand gufa'. In the caves sacred stones are being worshipped by the Adivasis for centuries before the temple came into existence
PHOTO • Jacinta Kerketta

এটা গুহাৰ নাম ‘চন্দ গুফা’। মন্দিৰ হোৱাৰ বহু আগৰে পৰা গুহাৰ পৱিত্ৰ শিলক আদিবাসীসকলে যুগ যুগ ধৰি পূজা কৰি আহিছে

“লোকপিয়লত আমি আদিবাসীসকলে নিজৰ ধৰ্মটো ক’ত পঞ্জীয়ন কৰোঁ?”

এই প্ৰশ্ন কৰে অঞ্জন গাঁৱৰ প্ৰমোদ ওৰাওঁৱে। “সেই স্তম্ভটো আঁতৰাই পেলোৱা হ’ল,” তেওঁ বুজাই কয়। “আমি বহুতেই নিজকে অজানিতে হিন্দু বুলি লিখি পেলাইছো। কিন্তু আমি হিন্দু নহয়। হিন্দুধৰ্মৰ ঘাইশিপাতে জাত-পাতৰ ব্যৱস্থা আছে,সেয়া আমাৰ ক্ষেত্ৰত নাখাটে।”

৪০ বছৰ বয়সীয়া প্ৰমোদে ফঁহিয়াই দেখুৱাবলৈ যত্ন কৰে, “আমি প্ৰকৃতিৰ উপাসক। আমাৰ বিশ্বদৰ্শন অধিক মুকলিমুৰীয়া আৰু সকলোকে আঁকোৱালি লোৱাবিধৰ। ধৰ্মান্ধতাৰ স্থান ইয়াত নাই। সেয়ে আমাৰ কোনোবা যদি হিন্দু, ইছলাম কিম্বা খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হয়, আমি ধৰ্মৰ নামত কাকো মাৰি নেপেলাও। আমাৰ মানুহে গৈ হনুমানৰ পূজা কৰিলে আমি তেওঁলোকক হিন্দু বুলি নকওঁ।”

অঞ্জনৰ বিৰছা ওৰাওঁৱে  কয় যে “আদিবাসীসকল নমনীয় আৰু বহল মনৰ। তেওঁলোকৰ বিশ্বাস আৰু দৰ্শনক কোনোবাই হাইজেক কৰিব বিচাৰিছে, কৰক। কোনোবাই তেওঁলোকৰ সৈতে সংযুক্ত হ’ব বিচাৰিছে, হওঁক। তেওঁলোকে সন্মান কৰিব। এতিয়া বহু হিন্দুলোক হনুমান মন্দিৰলৈ পূজা কৰিবলৈ আহে, মুছলমান লোকো ধামলৈ আহে। সকলোৰে বাবে দুৱাৰ মুকলি। বহু আদিবাসীয়ে এতিয়া দুয়োফালে পূজা কৰে - এফালে পাহাৰৰ গুহাত পূজা কৰে আৰু আনফালে হনুমান মন্দিৰত। কিন্তু তেওঁলোকে নিজকে হিন্দু বুলি নহয়, আদিবাসী বুলি পৰিচয় দিয়ে।”

হনুমানৰ পূজাৰ কথাটো অকণমান জটিল।

“আদিবাসীসকলে ৰাম আৰু লক্ষ্ণণৰ পূজা নকৰে,” একেখন গাঁৱৰে মহেশ্বৰ ওৰাওঁৱে কয়। “কিন্তু তেওঁলোকে বিশ্বাস কৰে যে হনুমান সৱৰ্ণ সম্প্ৰদায়ৰ নাছিল। তেওঁ আদিবাসী সম্প্ৰদায়ৰ আছিল। তেওঁক সামান্য মানুহ আৰু জন্তু দুয়োটাৰে সমাহাৰ ঘটাই মুখ এখন দি সৱৰ্ণ লোকে আদিবাসীসকলক উপলুঙা কৰিছিল, যিদৰে তেওঁলোকে হনুমানকো উপলুঙা কৰিছিল।”

Left: Hills near Anjan village where people believe Anjani Ma, an Adivasi goddess, resides.
PHOTO • Jacinta Kerketta
Right: After the Hanuman temple came up the place was declared Anjan Dham
PHOTO • Jacinta Kerketta

বাওঁফালে: অঞ্জন গাঁৱৰ কাষৰ পাহা, য’ত আদিবাসী দেৱী অঞ্জমী মাৰ আলয় বুলি আদিবাসীসকলে বিশ্বাস কৰে। সোঁফালে: হনুমান মন্দিৰটো নিৰ্মাণৰ পিছত ঠাইখন অঞ্জন ধাম বুলি ঘোষণা কৰা হয়

মানুহে পুৰোহিতসকলৰ দাবী মানি লোৱাৰ কাৰণ হৈছে আদিবাসীসকলে হনুমানক সৱৰ্ণ সমাজৰ বুলি নাভাবে, ৰণজয় ওৰাওঁৱে কয়। “তেওঁলোকৰ মাজৰ এজন হোৱা হ’লে হনুমানৰ নেজ এডাল নাথাকিলেহেঁতেন,” তেওঁ কয়। “আদিবাসী হোৱা হেতুকেই তেওঁক তেনেকৈ জন্তু হিচাপে বৰ্ণনা কৰা হৈছে। সেইটো কাৰণতে অঞ্জনা মাৰ সৈতে হনুমানৰ সম্পৰ্ক এটাৰ কথা সেই অঞ্চলটোৰ মানুহে মানি লৈছিল।”

গাওঁখনৰ গাওঁবুঢ়া ৩৮ বছৰ বয়সীয়া কৰ্মি ওৰাওঁৱে কয় যে এসময়ত গাঁৱৰ গোটেই মানুহে বাৰ্ষিক পূজাৰ সময়ত পাহাৰখনলৈ গৈছিল। “তেতিয়া তাত কেৱল গুহা আছিল। মানুহে তালৈ গৈ বৰষুণৰ বাবে পূজা কৰিছিল। আজিও আমি একেই পৰম্পৰা অনুসৰণ কৰো। আমি সামূহিক পূজা কৰাৰ পিছতেই কেনেকৈ বৰষুণ আহে চাওক।”

“এতিয়া মানুহে মন্দিৰটোৰ পৰিক্ৰমা কৰে যিহেতু পাহাৰখনৰ ওপৰতে মন্দিৰটো আছে। কিছুমান আদিবাসীয়ে মন্দিৰটোৰ ভিতৰলৈ গৈও পূজা কৰে। মানুহে য’তে শান্তি পায়, তালৈ যাব পাৰে,” তেওঁ কয়।

গাঁৱৰ আন মহিলাসকলে কয় যে তেওঁলোকে নিজকে হিন্দু বুলি নামানে। কিন্তু তেওঁলোকৰ কিছুমানে মন্দিৰটোলৈ গৈ পূজা কৰে। “মন্দিৰটো পাহাৰখনতে আছে যিহেতু সিও তাৰে এটা অংশ। মানুহে পাহাৰখনলৈ যাব আৰু হনুমানৰ পূজা নকৰাকৈ থাকিব? দুগৰাকী দেৱ-দেৱী লগ লাগি যদি আমালৈ বৰষুণ আনে, ক্ষতি কিহৰ?”

অনুবাদ: পংকজ দাস

Jacinta Kerketta

ଓରାଓଁ ଆଦିବାସୀ ସମୁଦାୟର ଜେସିଣ୍ଟା କେରକେଟ୍ଟା ଜଣେ ନିରପେକ୍ଷ ଲେଖିକା ଏବଂ ଗ୍ରାମୀଣ ଝାଡ଼ଖଣ୍ଡର ଖବରଦାତା। ତାଙ୍କ କବିତାରେ ଆଦିବାସୀ ସମୁଦାୟଙ୍କ ସଂଘର୍ଷ ଏବଂ ସେମାନଙ୍କ ପ୍ରତି ହେଉଥିବା ଅନ୍ୟାୟର ବର୍ଣ୍ଣନା ଦେଖିବାକୁ ମିଳିଥାଏ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Jacinta Kerketta
Illustration : Manita Kumari Oraon

ମନିତା କୁମାରୀ ଓରାଓଁ ଝାଡ଼ଖଣ୍ଡରେ ରହୁଥିବା ଜଣେ କଳାକାର। ସେ ଆଦିବାସୀ ସମୁଦାୟ ପାଇଁ ସାମାଜିକ ଓ ସାଂସ୍କୃତିକ ଗୁରୁତ୍ୱ ବହନ କରୁଥିବା ପ୍ରସଙ୍ଗ ଉପରେ ମୂର୍ତ୍ତି ଓ ଚିତ୍ର ଆଙ୍କିଥାନ୍ତି ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Manita Kumari Oraon
Editor : Pratishtha Pandya

ପ୍ରତିଷ୍ଠା ପାଣ୍ଡ୍ୟା ପରୀରେ କାର୍ଯ୍ୟରତ ଜଣେ ବରିଷ୍ଠ ସମ୍ପାଦିକା ଯେଉଁଠି ସେ ପରୀର ସୃଜନଶୀଳ ଲେଖା ବିଭାଗର ନେତୃତ୍ୱ ନେଇଥାନ୍ତି। ସେ ମଧ୍ୟ ପରୀ ଭାଷା ଦଳର ଜଣେ ସଦସ୍ୟ ଏବଂ ଗୁଜରାଟୀ ଭାଷାରେ କାହାଣୀ ଅନୁବାଦ କରିଥାନ୍ତି ଓ ଲେଖିଥାନ୍ତି। ସେ ଜଣେ କବି ଏବଂ ଗୁଜରାଟୀ ଓ ଇଂରାଜୀ ଭାଷାରେ ତାଙ୍କର କବିତା ପ୍ରକାଶ ପାଇଛି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pratishtha Pandya
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das