বাৰাণসীত ভোটদানৰ দিনা চালমাই দেখিলে যে ভোটদানৰ শাৰী দুটা – এটা পুৰুষৰ আৰু আনটো মহিলাৰ। বাংগালী তোলা ভোটদান কেন্দ্ৰটো বিশ্বনাথ মন্দিৰলৈ যোৱা ঠেক গলি এটাৰ চৰকাৰী স্কুল এখনত পতা হৈছিল।
২৫ বৰ্ষীয় ৰূপান্তৰিত মহিলাগৰাকীয়ে মহিলাৰ বাবে থকা শাৰীটোত থিয় হ’লগৈ, কিন্তু তেওঁ কয়, “আঁখে বড়ি হৌ গয়ী থি সবকি (সকলোৱে ট ট কৰি মোৰ ফালে চাই ৰৈছিল)”। পুৰুষবোৰে মোক নোচোৱাৰ ভাও জুৰিছিল আৰু মই শাৰীটোৰ একেবাৰে শেষত থিয় হোৱাৰ সময়ত মহিলাসকলে ফিচিঙা-ফিচিঙি কৰিছিল।”
কিন্তু চালমাই সেইবোৰলৈ কেৰেপ কৰি নাথাকিল। “মই আগবাঢ়ি গৈ থাকিলো,” তেওঁ কয়। “ভোটদানৰ মোৰ অধিকাৰ আছে আৰু মই বিচৰা পৰিৱৰ্তনৰ বাবে মই এই অধিকাৰ সাব্যস্ত কৰিছো।”
ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভাৰতত ৪৮,০৪৪ গৰাকী “তৃতীয় লিংগৰ ভোটাৰ” আছে। ইমান সংখ্যক ভোটাৰ থকা স্বত্ত্বেও ৰূপান্তৰিত ব্যক্তি হিচাপে চিহ্নিত ভোটাৰ কাৰ্ড এখন তেওঁলোকে পোৱাটো সহজ কাম নহয়। বাৰাণসীত বেচৰকাৰী সংস্থা প্ৰিজমেটিকৰ প্ৰতিস্থাপক-সঞ্চালক নীতিয়ে কয় যে তাত প্ৰায় ৩০০ গৰাকী ৰূপান্তৰিত ব্যক্তি আছে আৰু তেওঁলোকৰ পৰিচয় সম্বলিত ভোটাৰ কাৰ্ড পোৱাটো এখন সংগ্ৰাম। “আমি প্ৰায় ৫০ গৰাকী ৰূপান্তৰিত ব্যক্তিৰ ভোটাৰ পৰিচয় পত্ৰ পাইছো। কিন্তু নিৰ্বাচন আয়োগে ভোটাৰ কাৰ্ড ইছ্যু কৰাৰ আগেয়ে গৃহ সাক্ষাৎ কৰাৰ নিৰ্দেশ দিয়াটো আন এক সমস্যা হৈ পৰিছে, কিয়নো ৰূপান্তৰকামী আৰু ৰূপান্তৰিত সমাজৰ বহুতেই লিংগ পৰিচয় সত্যাপনৰ বাবে ঘৰলৈ মানুহ অহাটো নিবিচাৰে,” তেওঁ কয়।
চালমাই অৱশ্যে ভোটাৰ পৰিচয় পত্ৰখন পোৱাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল। “মই পৰিয়াল কিম্বা মোৰ পৰিচয় জনা কোনো লোকৰ সৈতে নাথাকো,” তেওঁ কয়।







