শ্ৰমিক শ্ৰেণীৰ লোকসকলে জৰাজীৰ্ণ ছেন্দেল এযোৰকো মূল্যৱান সম্পদৰ দৰে বুকুত সাবটি ৰাখে। মালবস্তু কঢ়িওৱা লোকসকলৰ ছেন্দেলবোৰত কটা-চিগাৰ চিন থাকে আৰু ভিতৰৰ তলুৱা ক্ষয় গৈ কাঁচিজোনটোৰ লেখীয়া হয়, আনহাতে খৰিকটীয়াসকলৰ ছেন্দেল কাঁইটেৰে থকা-সৰকা হৈ থাকে। মই মোৰ নিজৰ ছেন্দেলবোৰো পিন্ধিব পৰা কৰি ৰাখিবলৈ প্ৰায়ে ছেফটি পিনেৰে জোৰা মাৰি থৈছিলোঁ।
ভাৰতৰ বিভিন্ন ঠাই ঘূৰি ফুৰাৰ সময়ছোৱাত মই ধাৰাবাহিকভাৱে জোতা-ছেন্দেলৰ ফটো তুলি আহিছোঁ আৰু এতিয়া সেই ফটোবোৰৰ আঁৰৰ কাহিনীবোৰ বিচাৰিবলৈ আৰম্ভ কৰিছোঁ। এনে জোতা-ছেন্দেলৰ কাহিনীবোৰৰ মাজেৰে মোৰ নিজ জীৱনৰ যাত্ৰাও উন্মোচিত হ’ব ধৰিছে।
শেহতীয়াকৈ ওড়িশাৰ জাজপুৰলৈ কৰা কাম সংক্ৰান্তত ভ্ৰমণৰ সময়ত বাৰাবাংকি আৰু পুৰাণামন্তিৰা গাঁৱৰ বিদ্যালয়সমূহলৈ যোৱাৰ সুযোগ পাইছিলোঁ। আমি তাত উপস্থিত হোৱা সময়ত আদিবাসী সম্প্ৰদায়ৰ লোকসকল গোট খোৱা কোঠাটোৰ বাহিৰত বৰ পৰিপাটিকৈ থোৱা ছেন্দেলবোৰে মোৰ মনত কৌতূহলৰ সৃষ্টি কৰিছিল।
প্ৰথম অৱস্থাত বিশেষ গুৰুত্ব দিয়া নাছিলোঁ যদিও যাত্ৰাৰ তিনিদিনৰ পাছত মই জৰাজীৰ্ণ ছেন্দেলবোৰ লক্ষ্য কৰিবলৈ ধৰিলোঁ। তাৰ কিছুমানত ফুটাও আছিল।
























