“যোৱাৰাতি মা আৰু মোৰ মাজত এই লৈ কাজিয়া লাগিছে,” ২১ বৰ্ষীয় আশা বচ্ছিয়ে কয়। “যোৱা চাৰে-তিনি বছৰত মোৰ মোৰ পৰিয়ালে মোক পঢ়া এৰি বিয়াত বহিবলৈ জোৰ দি আহিছে,” আশাই বুজাই কয়।
য়াভাতমাল চহৰৰ সাবিত্ৰী জ্যোতিৰাও সমাজকাৰ্য্য মহাবিদ্যালয়ৰ চুড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী আশাই সমাজকৰ্ম বিষয়ত স্নাতক ডিগ্ৰী পঢ়ি আছে। আনুষ্ঠানিক শিক্ষা লাভ কৰা তেওঁ পৰিয়ালটোৰ প্ৰথমগৰাকী মহিলা। “কম বয়সত বিয়া হোৱা ছোৱালীবোৰক মানুহে প্ৰশংসা কৰে ঠিকেই, কিন্তু মই নিজকে শিক্ষিত কৰি তুলিব বিচাৰো। এই বাটেৰেই মই মোক স্বাধীন কৰিব পাৰিম।”
আশাৰ ঘৰ মহাৰাষ্ট্ৰৰ য়াভাতমাল জিলাৰ জেৱলি গাঁৱত। তেওঁলোক ৰাজ্যখনত বিমুক্ত (ডি-নটিফাইড) জনজাতি হিচাপে তালিকাভুক্ত মথুৰা লভান সম্প্ৰদায়ৰ। তেওঁৰ পৰিয়ালটোৱে জেৱলিত থকা ছয়া, কপাহ, গমধান, মিলেট আদিৰ খেতি কৰে।
পৰিয়ালৰ চাৰিটা ল’ৰা-ছোৱালী, তিনিজনী ছোৱালী আৰু এজন ল’ৰাসন্তানৰ পোহপালৰ বাবে পৰিয়ালটো খেতিৰ ওপৰতে নিৰ্ভৰশীল। আশা চাৰিজনৰ মাজত ডাঙৰ আৰু য়াভাতমাল চহৰত মোমায়েকৰ ঘৰত থাকি কলেজত পঢ়ি আছে।
আশাৰ পৰিয়ালে তেওঁক ঘৰৰ কাষৰে জিলা পৰিষদ স্কুলত ৭ বছৰ বয়সত স্থানীয় শিক্ষকৰ হেঁচাত পৰি নামভৰ্তি কৰাই দিছিল। আশাই তাত ৩য় শ্ৰেণীলৈকে পঢ়িলে। তাৰপিছত জেৱলিৰ পৰা ১১২ কিলোমিটাৰ দূৰৰ য়াভাতমাল চহৰলৈ গুছি গ’ল। তাত তেওঁ মহাৰাষ্ট্ৰ ৰাজ্যিক ব’ৰ্ডৰ অন্তৰ্গত স্কুল এখনত পঢ়িলে আৰু তাৰপিছত কাষৰে কলেজ এখনত নাম লগালে।








