প্ৰতিবাৰ যেতিয়া মই মোৰ মানুহৰ মৃত্যুৰ বিষয়ে লিখোঁ, মোৰ মনটো উকা হৈ পৰে, শৱ এটাৰ দৰে জঠৰ হৈ পৰে।
আমাৰ চৌপাশৰ পৃথিৱীখন ইমানেই সলনি হৈ গৈছে যে চাফাইকৰ্মীৰ জীৱনকলৈ কাৰো ভ্ৰুক্ষেপকে নাই। চৰকাৰে এনে ঘটনা ঘটা নাই বুলিয়ে কৈ দিয়ে। কিন্তু লোকসভাত এটা প্ৰশ্নৰ উত্তৰত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ মন্ত্ৰী ৰামদাস আঠৱালেয়ে দিয়া তথ্যই দেখুৱাইছে যে ২০১৯-২০২৩ বৰ্ষত “নলা-নদৰ্মা আৰু মলশোধন কক্ষ (চেপটিক টেংক) চাফাইৰ বিপজ্জনক কামত” নিয়োজিত হৈ ৩৭৭ গৰাকী শ্ৰমিকৰ মৃত্যু ঘটিছে।
যোৱা সাতটা বছৰত মেনহ’ল চাফা কৰোঁতে মৃত্যু ঘটা অসংখ্য লোকৰ ওচৰত মই ব্যক্তিগতভাৱে থিয় দিছোঁ। চেন্নাইৰ কেৱল আৱদি চহৰতে ২০২২ৰ পৰা এতিয়ালৈ ১২ জনতকৈও অধিক চাফাইকৰ্মীয়ে মেনহ’লত প্ৰাণ হেৰুৱাইছে।
১১ আগষ্টত ২৫ বৰ্ষীয় হৰি নামে আৱদিৰ বাসিন্দা আৰু অৰুন্ধতিয়াৰ সম্প্ৰদায়ৰ যুৱকজন চুক্তিভিত্তিক শ্ৰমিক হিচাপে নলা এটা চাফা কৰোঁতে ডুব গৈ মৃত্যু ঘটে।
বাৰ দিন পিছত মই হৰি আন্নাৰ মৃত্যুৰ প্ৰতিবেদন যুগুতাবলৈ গৈছিলো। তেওঁৰ পত্নী তামিল চেলভিক তেওঁৰ পৰিয়ালৰ লোকে মৃতকৰ পত্নী হিচাপে নিয়মখিনি কৰাইছিল। তেওঁৰ চুবুৰীয়াই তেওঁৰ তালি (বিবাহিত মহিলাৰ চিন) কাটি পেলাই দিয়াৰ আগেয়ে গোটেই গাতে হালধি সানি ধুউৱাই দিয়া হৈছিল। ঔপচাৰিকতাৰ সময়খিনিত তেওঁৰ মুখখন চিন্তাৰে ভাৰাক্ৰান্ত হৈ আছিল, মুখেৰে একো কথাই ওলোৱা নাছিল।




















