‘আমাৰ প্ৰজন্মৰ বাবে ভেড়া চৰোৱাতো বৰ টান কাম,’’ এইদৰে কয় ভোৰথাঁই গাঁৱৰ প্ৰত্যন্ত অঞ্চল পেহলিৰ ভেড়াৰখীয়া তালিব কাছনাই৷ দূৰ শিক্ষাৰ জৰিয়তে তেঁও ৰাজনীতি বিজ্ঞান বিষয়ত এমএ পঢ়ি আছে।
পশুপালনৰ সৈতে জড়িত বকৰৱাল সম্প্ৰদায়ৰ লোকসকলে পশুধনৰ বাবে চৰণীয়া পথাৰ বিচাৰি হিমালয়ৰ পাদদেশ ভ্ৰমি ফুৰিছিল। তালিবে আৰু কয়, “গাঁৱত থাকি ভেড়া চোৱাচিতা কৰাৰ পৰিৱৰ্তে এবাৰ পঢ়া-শুনাত অভ্যস্ত হ’লে আমি আন বহু কামতো অভ্যস্ত হৈ পৰো... আমি নিজৰ বাবে বন্ধ বাথৰুম বিচাৰো বা একে ঠাইতে বহি পঢ়া-শুনা কৰো।
জম্মুৰ কথুৱা জিলাৰ বকৰৱাল বস্তি অঞ্চলত তালিবৰ ঘৰ। এয়া সম্পূৰ্ণ স্থায়ী বসতিস্থল নহয়, আৰু তাৰ বাসিন্দাসকলৰ ভূমিৰ ওপৰত কোনো অধিকাৰ নাই।
যোৱা দহ বছৰত এই অৰ্ধ যাযাবৰী সম্প্ৰদায়ৰ বহু যুৱকৰ নিজৰ পৰম্পৰাগত বৃত্তিটোৰ প্ৰতি মোহভংগ ঘটিছে আৰু উচ্চ শিক্ষাৰ দিশলৈ ধাৱমান হৈছে। আৰ্থিকভাৱে সক্ষম হ’বলৈ তেওঁলোকে চিকিৎসা আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত নিজৰ ভৱিষ্যত বিচাৰিছে, নহ’লে চৰকাৰী চাকৰি আৰু ৰাজনীতিলৈ যোৱাৰ কথা ভাবিছে।
যিকোনো বকৰৱাল পৰিয়ালৰ দুজন পুত্ৰৰ ক্ষেত্ৰত সাধাৰণতে ধাৰণা কৰা হয় যে তেওঁলোকৰ এজনে ভেড়া পালনৰ কাম কৰি আৰু আনজনে চাকৰি বিচাৰিব। তালিব কাছনায়ো পঢ়া-শুনা আগবঢ়াই নিব বিচাৰে, কিন্তু কনিষ্ঠ ভাতৃয়েও ভেড়া পালনৰ কাম কৰাৰ পৰিৱৰ্তে বাহিৰত কিবা এটা কৰিবহে বিচাৰে। কিন্তু ভায়েকৰ মনতো সংশয় আছে, "আমাৰ দৰে মানুহে চাকৰি পামেই বা ক'ত?"














