“পানী লে’ লৌ! পানী (পানী লওঁক, পানী)!”
এই মাত শুনি আপুনি পিছে বাল্টি-কলহ লৈ দৌৰি নাহিব। কিয়নো পানীৰ এইখন গাড়ী তেনেই এধানিমান। ৰবৰৰ পুৰণি চেন্দেল, প্লাষ্টিকৰ বটল আৰু চুটি এডাল পাইপ আৰু কাঠেৰে বনোৱা হৈছে এই টেংকাৰখন, ধাৰণ ক্ষমতা এগিলাচ পানী।
বলবীৰ সিং, ভৱানী সিং, কৈলাশ কাঁৱৰ আৰু মোতি সিং - এই আটাইকেইজন চানৱাতাৰ শিশু। বয়স ৫ৰ পৰা ১৩ বছৰ। ৰাজস্থানৰ পূব দিশে থকা তেওঁলোকৰ গাওঁখনত সপ্তাহত দুবাৰ অহা পানীৰ টেংকাৰখন দেখিলে তেওঁলোকৰ মাক-দেউতাক আৰু গাঁৱৰ আন মানুহ কেনেদৰে উৎফুল্লিত হৈ পৰে, তাকে দেখি তেওঁলোকে এইখন পুতলা টেংকাৰ সাজিছে।
ধৰাতল শুকান, মাইলৰ পিছত মাইল পানীৰ চিন-চাব নাই। ওপৰতো নাই, তলতো নাই। অ’ৰান (পবিত্ৰ বন)ৰ বিস্তৃত অঞ্চলত কেইটামান ডাঙৰ ডাঙৰ পুখুৰী অ’ত-তত সিঁচৰতি হৈ আছে।
কেতিয়াবা ল’ৰা-ছোৱালীকেইটাই পানীৰ টেংকাৰখনৰ ঠাইত এটা কেৰিয়াৰ লগাই দিয়ে। কেৰিয়াৰ মানে আধা কটা প্লাষ্টিকৰ বটল এটা। এই প্ৰতিবেদকে কিয় আৰু কেনেকৈ বুলি সোধোতে তেওঁলোকে ক’লে যে বিভিন্ন অংশবোৰ সংগ্ৰহ কৰোঁতে সময় লাগে, কিয়নো তেওঁলোকে পেলনীয়া সামগ্ৰী বিচাৰি ফুৰিবলগীয়া হয়।
এবাৰ গাড়ীখন নিৰ্মাণ হৈ উঠাৰ পিছত আহে গাড়ীখন চলোৱাৰ কথা। তাৰবাবে আছে ধাতুৰ তাঁৰ এডাল, সিডালেৰে টানি টানি ওখোৰা-মোখোৰা চকাৰে গাড়ীখন তেওঁলোকৰ ঘৰৰ কাষতে থকা কেৰ গছ (Capparis decidua)ৰ ছাঁত চলি আছে। ইটোৱে সিটোক গেৰি মাৰিলেই ঢুকি পোৱা দূৰত্বত আটাইকেইজন আছে।
অনুবাদ: পংকজ দাস