মালিকানাৰ এই নৱতম অনুভূতিৰ আনন্দ উপভোগ কৰিছে সন্তোষী ক’ৰীয়ে। “আমি মহিলাখিনিয়ে খেতিয়কৰ সমবায় এটা খোলাৰ সিদ্ধান্ত লৈছিলো। এতিয়া আমাৰ গাঁৱৰ পুৰুষসকলে স্বীকাৰ কৰে যে এই ধাৰণাটো ভাল আছিল,” তেওঁ হাঁহি মাৰি ক’লে।
৩০০ আদিবাসী, দলিত আৰু অন্যান্য পিছ পৰা শ্ৰেণীৰ মহিলাৰ মাজৰ তেওঁ ভাইৰাহা পঞ্চায়তৰ অধীনৰ গুচাৰা গাৱঁৰ এগৰাকী দলিত কৃষক আৰু ২০২৪ চনৰ জানুৱাৰীত তেওঁ ৰুঞ্জ মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোপাৰেটিভ লিমিটেড চমুকৈ (এমএফপিঅ’) সদস্য ভৰ্তি মাচুল হিচাপে ১০০০ টকা জমা দিছিল। সন্তোষী হ’ল ৰুঞ্জৰ পাঁচ গৰাকী ব’ৰ্ড সদস্যৰ মাজৰ এগৰাকী আৰু তেওঁক মেল-মিটিংবোৰত কথা ক’বলৈ আৰু তেওঁলোকৰ কথাবোৰ প্ৰচাৰ কৰিবলৈ আমন্ত্ৰণ কৰা হয়।
“আগেয়ে, বিচলীয়া (বেপাৰী) আহি আমাৰ অৰহৰ দাল(ৰহৰ দালি)বোৰ কম দামতে লৈ গৈছিল, কাৰণ সেইবোৰ মিলত দিয়া হোৱা নাছিল। বেপাৰীজন কেতিয়াও সময়ত নাহিছিল আৰু আমাৰ পইচাও কেতিয়াও সময়্মতে পোৱা নাছিলোঁ,” এইবুলি তেওঁ পাৰিক জনালে। এই ৪৫ বছৰ বয়সীয়া তিনিটা সন্তানৰ মাতৃ গৰাকীয়ে তেওঁৰ পৰিয়ালৰ দুই একৰ বৃষ্টি নিৰ্ভৰ মাটিত ৰহৰ দালিৰ খেতি কৰে। তেওঁ লগতে আৰু এক একৰ মাটি খেতিৰ বাবে ভাড়াত লৈছে। দেশখনৰ মাত্ৰ ১১ শতাংশ মহিলাৰহে মাটিৰ মালিকীস্বত্ব আছে আৰু মধ্যপ্ৰদেশ তাৰ কোনো ব্যতিক্ৰম নহয়।
ৰুঞ্জ হ’ল বাঘেইনৰ এক উপনৈ, যি যমুনাত পৰিছেগৈ। ৰুঞ্জ নদীখনৰ আলমতে নামাকৰণ কৰা - ৰুঞ্জ এমএফপিঅ’ হৈছে অজয়্গড় আৰু পান্না উন্নয়ন খণ্ডৰ ২৮ খন গাৱঁৰ মহিলা কৃষকৰ সন্মিলিত সংঘ। মাত্ৰ ছমাহ সময়তে এই সংঘই ইতিমধ্যে ৪০ লাখ উপাৰ্জন কৰিছে আৰু অহা বছৰত তাৰ দুগুণ কৰাৰ লক্ষ্য লৈছে।










