সবাতোকৈ মৰমৰ তুমিয়ে অ' আই
নিচেই আপোন মোৰ
তোমাৰ গুণেই পাইছোঁ অ’ আই
এই জীৱন মোৰ
জীৱনৰ প্ৰথম যি কথা আছিল
সেয়া তোমাৰেই আছিল অ’ আই
তোমাৰ চেনেহী হাতত ধৰিয়ে
দিছিলো প্ৰথমটো খোজ
তোমাৰ আঙুলিত ধৰি
আগবাঢ়িছিলো পদে পদে
তুমিয়েই আঙুলি ধৰি শিকাইছিলা জীৱনৰ কুঁহিপাঠ


Kolkata, West Bengal
|FRI, JUL 21, 2023
গৰিয়াহাটৰ কবি আৰু গ্ৰন্থবিক্ৰেতাজন
ফুটপাথত দোকান দিয়াসকলক প্ৰায়ে উচ্ছেদ কৰা হয়, তাৰে মাজতে কিন্তু কেবাদশক ধৰি কিতাপ বিক্ৰী কৰি অহা গৰিয়াহাটৰ এইজন কবি মোহন দাস কিতাপৰ ক’লা ক’লা আখৰৰ প্ৰেমত পৰিছে
Student Reporter
Editor
Translator
কবিতাৰ এই পংক্তিকেইটা মোহন দাস নামে এজন কিতাপ বিক্ৰেতাৰ ষ্টলৰ সন্মুখত সজাই-পৰাই আঁউজাই থোৱা ব’ৰ্ড এখনত লিখা আছে। দোকানখন কলকাতাৰ গৰিয়াহাট বজাৰৰ। এই পংক্তিকেইটা আন কোনেও লিখা নাই, সেয়া তেওঁৰ নিজৰ সৃষ্টি।
“নিজেৰ কাজকে ভালোবাচা খুবই জৰুৰি আৰ আমাৰ জন্যে আমাৰ প্রথম ভালোবাচা হচ্ছে বই (নিজৰ কামটোক ভাল পোৱাটো খুবেই জৰুৰী, আৰু মোৰ প্ৰথম প্ৰেম হৈছে মোৰ কিতাপবোৰ),” ৫২ বৰ্ষীয় কিতাপ বিক্ৰেতাজনে কয়, লেখক হিচাপে তেওঁৰ নাম মণি মোহন দাস।
হেৰম্ব চন্দ্ৰ কলেজৰ পৰা বাণিজ্যৰ স্নাতক ডিগ্ৰী থকা স্বত্ত্বেও মোহনে সংগঠিত খণ্ডত কাম এটা যোগাৰ কৰি ল’ব নোৱাৰিলে। সেয়ে তিনি দশক আগতে, একপ্ৰকাৰ বাধ্যত পৰিয়ে তেওঁ ফুটপাথতে দোকান এখন দিলে।
তেওঁ কোনো পৰিকল্পনা অবিহনে এই পেছা আঁকোৱালি লয় যদিও কেতিয়াও সেয়া সলনি কৰাৰ চিন্তা কৰিবলগীয়া নহ’ল। “কিতাপবোৰ কেৱল পইচা অৰ্জনৰ উপায় নহয়, তাত আন বহু কিবাকিবি লুকাই আছে, আচলতে কিতাপ মোৰ প্ৰিয়,” তেওঁ কয়।

Diya Majumdar

Diya Majumdar
দক্ষিণ কলকাতাৰ গোলপাৰ্ক এলেকাৰ এটা ব্যস্ত চাৰিআলিত মোহনৰ কিতাপৰ ষ্টলখন তাত থকা প্ৰায় ৩০০ খন ষ্টলৰ মাজৰ এখন। মুখৰোচক খাদ্য, ফল-মূল, শাক-পাচলি, মাছ, কাপোৰ, কিতাপ আৰু পুতলা - কি কি যে সামগ্ৰী এই বজাৰখনত নাপাব। স্থায়ী দোকানৰ সমানে সমানে থকা এই অস্থায়ী পোহাৰেৰে ভৰি আছে এই বজাৰখন।
মোহনে কয় যে ৰাস্তাৰ কাষত থকা ষ্টলবোৰ আৰু দোকানৰ মালিকবোৰ পৰিয়ালৰ সদস্যৰ দৰে। “মানুহৰ মাজত এটা ভুল ধাৰণা আছে যে ইয়াৰ দোকানীবোৰে আমাক ভাল নাপায় (ফুটপাথৰ বিক্ৰেতাসকলক), কিন্তু সেয়া সঁচা নহয়.” তেওঁ কয়। তেওঁলোকে টিফিন ভগাই খায় আৰু বন্ধুৰ দৰে মিলিজুলি থাকে।
মোহনৰ দিনবোৰ দীঘলীয়া। তেওঁ দোকান খোলে পুৱা ১০ বজাত আৰু ৰাতি ৯ বজাত বন্ধ কৰে - এনেদৰে সপ্তাহৰ এটা দিনো ছুটি নোলোৱাকৈ তেওঁ দিনে ১১ ঘণ্টা কাম কৰে। তেওঁ এই কাম ভাল পায় যদিও কামটোৰ পৰা অহা টকাৰে পৰিয়ালটো নোজোৰে বাবে কেতিয়াবা আক্ষেপ কৰে। “কখনও টাকা পাই, কখনও আবাৰ একবেলা খাবাৰেৰ মতনও টাকা পাইনা (কেতিয়াবা পইচা ঘটো, কেতিয়াবা আকৌ এবেলা ভালকৈ খাবলৈ নোজোৰে,” পাঁচজনীয়া পৰিয়ালৰ এটাৰ দায়িত্ব মূৰত লৈ থকা মোহনে কয়।
কিতাপ বিক্ৰেতা আৰু কবি মোহনে তেওঁৰ জীয়েক পৌলমীক লৈ বহুত সপোন দেখে, তেওঁ কলকাতা বিশ্ববিদ্যালয়ত সম্প্ৰতি ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক ডিগ্ৰীত অধ্যয়নৰত। তাৰোপৰি আকৌ তেওঁ দুজনী ভনী প্ৰতিমা আৰু পুষ্পাৰ বিয়াৰ বাবেও তেওঁ পইচা যোগাৰ কৰিব লাগিব।

Diya Majumdar

Diya Majumdar
জীৱিকাক লৈ ইমান অনিশ্চিত জীৱন যদিও তেওঁ আশা এৰি দিয়া নাই। “কোনোবাই আমাক ইয়াৰ পৰা খেদি পঠিয়াব বুলি ভয় নকৰো। আমি (ৰাস্তাৰ কাষৰ দোকানী) বহুত মানুহ আছে আৰু আমাৰ জীৱিকা ৰাস্তাৰ ওপৰতে নিৰ্ভৰ কৰে। আমাক ইয়াৰ পৰা আঁতৰাই পঠিওৱা সহজ নহয়।” কিন্তু চেষ্টা চলি থাকে।
“কি কৰিম ভাবি পোৱা নাছিলো,” মোহনে ১৯৯৬ৰ ‘অপাৰেচন চানচাইন’ৰ কথা মনত পেলাই কয়। সেই অভিযানত চৰকাৰ আৰু পৌৰনিগমে চহৰখনৰ ৰাস্তাৰ দাঁতিৰ দোকান-পোহাৰবোৰ আঁতৰোৱাৰ সিদ্ধান্ত লৈছিল।
তেতিয়া মোহন আছিল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ সদস্য, পশ্চিমবংগত সেই সময়ত শাসনত থকা লেফ্ট ফ্ৰণ্ট এলায়েন্সৰ অংশীদাৰ। তেওঁ অফিছলৈ গৈ তেওঁলোকৰ সেই পৰিকল্পনা বাতিল কৰিবলৈ কোৱা মনত পৰে। কিন্তু কৰ্তৃপক্ষ আছিল সেই সিদ্ধান্ত লৈ অলৰ-অচৰ। কিন্তু মোহনৰ দিন ভাল আছিল। সেই অঞ্চলটোত যেতিয়া অভিযান চলে, মোহনে নিজৰ সামগ্ৰীখিনি লৈ কোনোমতে উচ্ছেদৰ আগেয়ে তাৰ পৰা ওলাব পাৰিছিল।
“সেয়া আছিল চৰকাৰে হঠাতে লোৱা সিদ্ধান্ত,” তেওঁ কয়। “সেই এটা ৰাতিতে যে কিমান মানুহে জীৱিকা হেৰুৱাইছিল, সেই কথা তেওঁলোকে উপলব্ধি কৰিব পৰা নাছিল।” ভালেকেইমাহ প্ৰতিবাদ কৰি আৰু কলকাতা উচ্চ ন্যায়ালয়ত আৰ্জি এখন দিয়াৰ পিছত তেওঁলোকে দোকান পুনৰাই খুলিব পাৰিছিল। আন্দোলন কৰিছিল দক্ষিণ কলকাতা হকাৰ ইউনিয়নে, ১৯৯৬ৰ ৩ ডিচেম্বৰত আৰ্জি দাখিল কৰা হৈছিল। তাৰে সদস্য আছিল মোহন। তেতিয়াৰে পৰা তেওঁ ৰাজনৈতিক দল এৰি দিয়ে আৰু কোনো ৰাজনৈতিক কাৰ্য্যকলাপৰ সৈতে তেতিয়াৰে পৰা জড়িত নহয়।

Diya Majumdar

Diya Majumdar
*****
“আজকাল আৰ কেউ বই পড়ে না (আজিকালি কোনেও কিতাপ নপঢ়ে)।” গুগলৰ কাৰণে ভালেকেইজন গ্ৰাহক হেৰুৱাইছে বুলি মোহনে কয়। “এতিয়া এই গুগলবিধ আহিছে। মানুহে যিখিনি তথ্য লাগে, সেইখিনি নিজে চাই বিচাৰি-খুঁচৰি লয়।” তাতে আকৌ ক’ভিডেও ভূতৰ ওপৰত দানহ পৰাদি পৰিছে।
“আগতে কেতিয়াও ইচ্ছা কৰি দোকান বন্ধ কৰা নাছিলো, কিন্তু ক’ভিডৰ পাল্লাত পৰি দোকান বন্ধ কৰি ঘৰতে বহি থাকিবলগীয়া হ’ল।” অতিমাৰীৰ সময়ত মোহনৰ গাঁঠিৰ ধন উদং হ’ল। ২০২৩ৰ জানুৱাৰীত পাৰিৰ সৈতে কথা পাতোতে তেওঁ কয়, “ব্যৱসায় সাংঘাতিক মন্দা হৈ পৰিছে।”
মোহনে ভাবে যে চৰকাৰে তেওঁলোকক বিপণনৰ লাইচেন্স দিলে তেওঁৰ ব্যৱসায়ৰ অনিশ্চয়তা দূৰ হৈ যাব। তেওঁ পাঁচ বছৰ আগতে লাইচেন্সৰ কাৰণে আবেদন দাখিল কৰিছে যদিও এতিয়াও পোৱা নাই। সেইখন নথকাত তেওঁৰ হাতত থকা একমাত্ৰ সুৰক্ষাৰ বাটটো হৈছে হকাৰ ইউনিয়নৰ সদস্যপদ, তাৰবাবে তেওঁ সপ্তাহত ৫০ টকাকৈ দিয়ে। সদস্যপদ থকা কাৰণে বজাৰত তেওঁৰ স্থান নিশ্চিত হৈ আছে।
মোহনে কয় যে ২০২২ৰ শেষৰ ফালে কলকাতা পৌৰনিগম কৰ্তৃপক্ষই পশ্চিমবংগ নগৰী ফেৰিৱালা (জীৱিকা সুৰক্ষা আৰু বাটে-পথে বিক্ৰী নিয়ন্ত্ৰণ) নিয়ামৱলী, ২০১৮ বাহাল ৰখাৰ সিদ্ধান্ত লয়। ৰাস্তাৰ আটাইবোৰ দোকানীক প্লাষ্টিকৰ শ্বীটবোৰ আঁতৰোৱাৰ বাবে নিৰ্দেশ দিয়া হয়। “এতিয়াতো ঠিকেই আছে, কিন্তু বৰষুণ দিলে কি কৰিম?” মোহনে প্ৰশ্ন কৰে।
মা আমার মা
সবচে কাছের তুমিই মাগো
আমার যে আপন
তোমার তরেই পেয়েছি মা
আমার এ জীবন
প্রথম কথা বলি যখন
তোমার বোলেই বলি
তোমার স্নেহের হাত ধরে মা
প্রথম আমি চলি
হাতটি তোমার ধরেই মাগো
চলতে আমার শেখা
হাতটি তোমার ধরেই আমার
লিখতে শেখা লেখা
করতে মানুষ রাত জেগেছ
স্তন করেছ দান
ঘুম পাড়াতে গেয়েছে মা
ঘুম পাড়ানি গান
রাত জেগেছ কত শত
চুম দিয়েছ তত
করবে আমায় মানুষ, তোমার
এই ছিল যে ব্রত
তুমি যে মা সেই ব্রততী
যার ধৈয্য অসীম বল
সত্যি করে বলো না মা কী
হল তার ফল
আমার ব্রতের ফসল যেরে
সোনার খুকু তুই
তুই যে আমার চোখের মনি
সদ্য ফোটা জুঁই ।
আই, অ’ মোৰ আই
সবাতোকৈ মৰমৰ তুমিয়ে অ' আই
নিচেই আপোন মোৰ
তোমাৰ গুণেই পাইছোঁ অ’ আই
এই জীৱন মোৰ
জীৱনৰ প্ৰথম যি কথা আছিল
সেয়া তোমাৰেই আছিল অ’ আই
তোমাৰ চেনেহী হাতত ধৰিয়ে
দিছিলো জীৱনৰ প্ৰথমটো খোজ
তোমাৰ আঙুলিত ধৰি
আগবাঢ়িছিলো পদে পদে
তুমিয়েই শিকাইছিলা জীৱনৰ কুঁহিপাঠ
মোক মানুহ কৰি গঢ়িবলৈ
কত প্ৰহৰ যে উজাগৰে আছিলা অ’ আই
বুকুৰ গাখীৰ খুৱাই গুচাইছিলা ভোক
টোপনি আহিবলৈ গাইছিলা সুৱদি নিচুকনি গীত
কত শতবাৰ উজাগৰে আছিলা
মৰমৰ চুমা দিছিলা ততবাৰ
মোক মানুহ কৰিবা -
সেয়াইটো আছিল ব্ৰত তোমাৰ
তোমাৰ যে আই
ধৈৰ্য্য অপৰিসীম
সঁচাই কোৱাচোন আই,
কি পালা তাৰ ফল ?
মোৰ সংকল্পৰ ফল তুমি মোৰ চেনেহীজনী
তুমিয়েই মোৰ জগত উজলোৱা বাখৰ
তুমিয়েই মোৰ নয়নৰ মণি
সদ্য প্ৰস্ফুটিত এপাহ শেৱালি
টেক্সট্ অনুবাদ: পংকজ দাস
কবিতাৰ অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/the-poet-and-bookseller-of-gariahat-as

