“মই তোমাক গ্ৰীষ্মৰ এটা দিনৰ সতে ৰিজাম নেকি?” ১৯ বৰ্ষীয়া ফেইজা আনছাৰিয়ে ফুচফুচাই ক’লে৷ মুমব্ৰা অঞ্চলত কেৱল মহিলাসকলৰ কাৰণে থকা একমাত্ৰ গ্ৰন্থাগাৰ ৰেহনুমা লাইব্ৰেৰী কেন্দ্ৰটোৰ টাইলছ লগোৱা মজিয়াখনত লেপেটা কাঢ়ি বহি লৈছো।
ডাৰুল ফালাহ মছজিদৰ কাষত অৱস্থিত এটা জৰাজীৰ্ণ অট্টালিকাৰ প্ৰথম মহলাৰ দুটা কোঠালিৰ এপাৰ্টমেন্ট এটাক গ্ৰন্থাগাৰলৈ পৰিবৰ্তন কৰাৰ পিছত ইয়ালৈ বহু যুৱতীয়ে অহা-যোৱা কৰে৷ তেওঁলোকৰ বোৰ্খাবোৰ তাতে এনেই পাৰি থৈ দিয়া প্লাষ্টিকৰ চকীবোৰত আঁৰি থৈ শীতল মজিয়াখনত আৰামত বহি লয়৷ মুম্বাইৰ পৰা প্ৰায় ৩৫ কি.মি. মান দূৰত্বত উত্তৰ-পূৱ উপকণ্ঠত অৱস্থিত গ্ৰন্থাগাৰটোৰ বাহিৰৰ তাপমান প্ৰায় ৩৬ ডিগ্ৰী মান৷
ফেইজাই যেতিয়া শ্বেক্সপীয়েৰৰ ১৮ নং চনেটটোৰ পৰা ‘গ্ৰীষ্মৰ এটা দিনৰ’ কথা ক’লে, মই অন্য বেলেগ কিবা শুনাবলৈও জোৰ কৰিলো৷ ফেইজাৰ ভনীয়েক ৰাজিয়া সহিতে ইয়াত উপস্থিত থকা প্ৰতিগৰাকীৰে দৃষ্টি সেই সময়ত তাইৰ ওপৰতে নিবদ্ধ৷ ফেইজাই ‘ৰোমিঅ’ আৰু জুলিয়েট’খনৰ এটা শাৰীৰ সংক্ষিপ্তকৈ ব্যাখ্যা কৰি শুনালে, “এখন সুন্দৰ হৃদয় এখন ধুনীয়া মুখমণ্ডলতকৈ বেছি ভাল”৷ ৰাজিয়াই লজানম্ৰ হৈ বায়েকৰ ফালে চাই আছে৷ বাকীবোৰ ছোৱালীয়ে হৈ-হাল্লা কৰি, ইটোৱে সিটোক খুচিয়াই মেলি ভেবাৰ নিচিনা হাঁহি আছে৷ সিহঁতৰ হাঁহিৰ কাৰণ অনুমান কৰাতো ইমান সহজ নহ’ব!
১৮ বছৰীয়া ৰাজিয়া আনছাৰী আচলতে ইমান লাজকুৰীয়া ছোৱালী নহয়৷ তাই মোক এতিয়ালৈ তাই পঢ়া শ্বেক্সপীয়েৰৰ একমাত্ৰ চুটি গল্পটোৰ এটা চিত্তাকৰ্ষক সাৰাংশ আগবঢ়ালে৷ “টুৱেল্ভ নাইট গল্পটোৰ কাহিনীতো একেবাৰে হিন্দী চিনেমাৰ লেখীয়া৷ ভায়োলাই দ্বৈত চৰিত্ৰ ৰূপায়ণ কৰে”, তাই আচলতে চিজাৰিঅ’ হিচাপে ছদ্মবেশ ধাৰণ কৰা ভায়োলাৰ বিষয়ে তেনেদৰে ক’লে৷ ৰাজিয়াই ইংৰাজী ভাষাৰ দখল বঢ়োৱাত গুৰুত্ব দিছে আৰু তাৰ কাৰণে গ্ৰন্থাগাৰটোত থকা স্পকে’ন ইংলিছৰ শ্ৰেণীত যোগদানো কৰিছে৷ সপ্তাহটোৰ পাঁচদিন ৰাতিপুৱা ১১ বজাৰ পৰা সন্ধিয়া ৬টা বজালৈ এঘণ্টা সময়ৰ কেইবাটাও শ্ৰেণীত পাঠদান চলে৷













