সুনীতা ভুৰকুতেৰ মাতৃভাষা ক’লামি, কিন্তু এইগৰাকী কপাহ খেতিয়কে দিনটোৰ বেছিভাগ সময় মাৰাঠী ভাষাতেই কথা পাতে। “আমাৰ কপাহ বিক্ৰী কৰিবলৈ বজাৰৰ ভাষা আমি জানিব লাগিব,” তেওঁ কয়।
মহাৰাষ্ট্ৰৰ য়াভাতমাল জিলাত ডাঙৰ-দীঘল হোৱা তেওঁৰ ক’লাম আদিবাসী পৰিয়ালটোৱে ঘৰত ক’লামি ভাষা কয়। সুনীতাৰ মনত পৰে কেনেকৈ তেওঁৰ সুৰ দেৱী প’ড় (চুবুৰী)ৰ মাহেৰত (মাকৰ ঘৰত) আজোককাকহঁতে স্থানীয় মাৰাঠী ভাষা কোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল। “তেওঁলোক কেতিয়াও স্কুললৈ যোৱা নাছিল, ভঙা ভঙা বাক্যত (মাৰাঠী) ভাষা কৈছিল,” তেওঁ কয়।
কিন্তু পৰিয়ালৰ অধিক সংখ্যক লোক স্থানীয় বজাৰত কপাহ বিক্ৰী কৰিবলৈ যাবলৈ আৰম্ভ কৰাত তেওঁলোকে ভাষাটো আয়ত্ব কৰিলে। এতিয়া তেওঁলোকৰ ভুলগাড় গাঁৱৰ তেওঁৰ প’ড়ৰ সকলো ক’লাম আদিবাসী লোক বহুভাষিক। তেওঁলোকে মাৰাঠী কয়, হিন্দীও দুই-এষাৰ ক’ব পাৰে আৰু অৱশ্যেই নিজৰ ক’লামি ভাষা কয়।
ক’লামি এক দ্ৰাবিড়মূলৰ ভাষা যিটো মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলাংগনা আৰু চত্তীশগড়ত বহুসংখ্যকে কয়। ইউনেস্ক’ৰ এটলাচ অৱ দা ৱৰ্ল্ডচ্ লেংগুৱেজেচ ইন ডেঞ্জাৰত এই ভাষাটোক ‘নিশ্চিতভাৱে বিপন্ন’ বুলি তালিকাভু্ক্ত কৰা হৈছে, এই তালিকাত থকা মানে শিশুচামে এতিয়া আৰু এই ভাষাটো মাতৃভাষা হিচাপে নলয়।
“পান আমচি ভাষা কমি হোত নহী। আমহি ৱাপাৰতাত (কিন্তু আমাৰ ভাষাটো মৰি যোৱা নাই, আমি সেয়া ব্যৱহাৰ কৰি আছো),” ৪০ বৰ্ষীয় সুনীতাই যুক্তি দিয়ে।














