કચ્છી
પિતળ તાળા ખોલ્યાસી ભેણ ત્રામેં તાળા ખોલ્યાસી,
બાઈએ જો મન કોય ખોલેં નાંય.(૨)
ગોઠ જા ગોઠ ફિરયાસી, ભેણ ગોઠ જા ગોઠ ફિરયાસી,
બાઈએ જો મોં કોય નેરે નાંય. (૨)
પિતળ તાળા ખોલ્યાસી ભેણ ત્રામે તાળા ખોલ્યાસી,
બાઈએ જો મન કોય ખોલે નાંય. (૨)
ઘરજો કમ કરયાસી,ખેતીજો કમ કરયાસી,
બાઈએ જે કમ કે કોય લેખે નાંય.
ઘરજો કમ કરયાસી, ખેતીજો કમ કરયાસી
બાઈએ જે કમ કે કોય નેરે નાંય
ગોઠ જા ગોઠ ફિરયાસી, ભેણ ગોઠ જા ગોઠ ફિરયાસી,
બાઈએ જો મોં કોય નેરે નાંય.
ચુલુ બારયાસી ભેણ,માની પણ ગડયાસી ભેણ,
બાઈએ કે જસ કોય મિલ્યો નાંય. (૨)
ગોઠ જા ગોઠ ફિરયાસી ભેણ ગોઠ જા ગોઠ ફિરયાસી,
બાઈએ જો મોં કોય નેરે નાંય. (૨)
સરકાર કાયધા ભનાય ભેણ,કેકે ફાયધો થ્યો ભેણ,
બાઈએ કે જાણ કોઈ થિઈ નાંય (૨)
ગોઠ જા ગોઠ ફિરયાસી ભેણ ગોઠ જા ગોઠ ફિરયાસી,
બાઈએ જો મોં કોય નેરે નાંય (૨)
অসমীয়া
পিতলৰ তলা খুলিছা সখি, খুলিছা তামৰ তলা (২)
কিন্তু নাৰীৰ হৃদয়খন খুলি চাব নোৱাৰিলা,
কোনোদিনেই যে নিবিচাৰিলা চাবি।
গোপন হৈ থাকিল নাৰীৰ মন, বুজিব নিবিচাৰিলে কেৱে
এই গাওঁ, সেই গাওঁ কৰি সাত গাওঁ ঘুৰিলা সখি
ওৰণিৰ তলতে লুকাই যে থাকিল, তাইৰ মুখখনি
মনকে নকৰিলা তুমি।
পিতলৰ তলা খুলিছা সখি, খুলিছা তামৰ তলা (২)
কিন্তু নাৰীৰ হৃদয়খন খুলি চাব নোৱাৰিলা,
কোনোদিনেই যে নিবিচাৰিলা চাবি।
চোতাল-ঘৰ সৰা, নানানটা কাম,
পথাৰতো সৰে টোপাটোপে ঘাম
এচিকুটো কেৱে নকৰিলে মন।
এই গাওঁ, সেই গাওঁ কৰি সাত গাওঁ ঘুৰিলা সখি
ওৰণিৰ তলতে লুকাই যে থাকিল, তাইৰ মুখখনি
মনকে নকৰিলা তুমি।
নিতৌ জুহালৰ জুইতে দহিলো, সিজালো দুকঠা চাউল
কেৱে আজিলৈ শলাগকে নল’লে, ইমান যে আওহেলা। (২)
এই গাওঁ, সেই গাওঁ কৰি সাত গাওঁ ঘুৰিলা সখি
ওৰণিৰ তলতে লুকাই যে থাকিল, তাইৰ মুখখনি
মনকে নকৰিলা তুমি।
মচনদৰ মানুহে ইখন-সিখন আইন লিখিছে,
আমাক যে কওঁতাও নাই, জনাওতাও নাই,
কোৱাচোন সখি, তাৰপৰা বাৰু কাৰনো লাভ হৈছে? (২)
এই গাওঁ, সেই গাওঁ কৰি সাত গাওঁ ঘুৰিলা সখি
ওৰণিৰ তলতে লুকাই যে থাকিল, তাইৰ মুখখনি
মনকে নকৰিলা তুমি।