‘‘প্ৰথম দিনা মাজিদানে মোক শিকাওতে মাৰিছিল জানে!’’, ৬৫ বৰ্ষীয়া কাৰছাদ বেগমে এইদৰে কয়৷ কাষতে বহি থকা মাজিদান বেগমে সেই পুৰণি দিনৰ বোৱা-কটাৰ কথা মনত পেলাই আমোদ পায় আৰু স্ব-পক্ষ সমৰ্থন কৰি কৈ উঠে৷ “কাৰছাদে তেতিয়া কামেই নাজানিছিল। মই তাইক মাত্ৰ এবাৰ চাপৰ এটাহে মাৰিছিলোঁ৷ কিন্তু তাৰপিছতেই দেখোন তাইৰ হাতখন খৰ হৈছিল, পাকৈত হৈ পৰিছিল৷’’
পাঞ্জাৱৰ ভাটিণ্ডা জিলাৰ ঘাণ্ডা বানা গাঁৱৰ এই দুগৰাকী বৃদ্ধা মাজিদান আৰু কাৰছাদ কপাহ, মৰাপাট আৰু পুৰণি কাপোৰৰ সৈতে হাতে বোৱা দড়ি [কম্বল] প্ৰস্তুত কৰাৰ বাবে প্ৰখ্যাত৷
‘‘মই ৩৫ বছৰ বয়সত মাজিদানৰ পৰা দড়ি বোৱা কাম শিকিছিলো’’, কাৰছাদে কৈ যায়৷ ‘‘তেতিয়াৰে পৰা আমি দুয়ো একেলগে দড়ি বৈ আহিছো৷’’ ‘‘এয়া এজন মানুহৰ কাম নহয়, ইয়াত দুজন মানুহৰ আৱশ্যক হয়’’, ৭১ বৰ্ষীয়া মাজিদানে এইদৰে কয়৷
এখন ঘৰৰ দুগৰাকী ভাতৃলৈ বিয়া হৈ অহা মাজিদান আৰু কাৰছাদে কয়, ‘‘আমাৰ সম্পৰ্ক সহোদৰ ভগ্নীতকৈ মুঠেও কম নহয়৷’’ মাজিদানে লগে লগে কৈ উঠে, ‘‘যদিওবা আমাৰ স্বভাৱ সম্পূৰ্ণ বিপৰীত’’৷ কাৰছাদেও ততালিকে কৈ উঠে, ‘‘তেওঁ অলপ কথাচহকী, তাৰ বিপৰীতে মই শান্ত৷’’
দড়ি বোৱাৰ উপৰিও মাজিদান আৰু কাৰছাদে ঘৰৰ উপাৰ্জনৰ বাবে ঘৰুৱা সহায়ক হিচাপেও কাম কৰে৷ তেওঁলোকৰ বয়সৰ মহিলাৰ বাবে দুয়োটা কামেই শাৰীৰিকভাৱে কষ্টকৰ৷


















