পান্না জিলাত গোটেই আগষ্ট মাহটো বৰষুণ দিয়ে আছে, কেইথাবাৰো বান্ধটো ভৰ্তি হৈ পৰিছে। সেয়া পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (পিটিআৰ)ৰ গাতে লাগি পাহাৰৰ দাঁতিত অৱস্থিত।
হাতত হাতুৰী এডাল লৈ সুৰেণ আদিবাসী বান্ধটোত উপস্থিত হৈছে। তেওঁ পানীৰ সোঁত ভালকৈ নিৰীক্ষণ কৰিছে, চাইছে যাতে কোনো শিল বা জাবৰে সোঁতত ব্যাঘাত জন্মোৱা নাই। তেওঁ হাতুৰীৰে কোবাই কেইটামান শিল আঁতৰাই দিছে।
“পানী বিনা বাধাই বৈ গৈছে নে নাই, মই সেয়া চাবলৈ আহো,” তেওঁ পাৰিক কয়। “হয়, ভালদৰেই বৈ আছে,” বিলপুৰা গাঁৱৰ ক্ষুদ্ৰ খেতিয়কগৰাকীয়ে মুৰ ডুপিয়াই কয়। তেওঁ এইবুলি সকাহ পাইছে যে কেইমিটাৰমান দূৰত থকা তেওঁৰ ধানখেতিখন এতিয়া পানীৰ অভাৱত শুকাই নাযায়।
সৰু বান্ধটোৰ চাৰিওফালে চকু ফুৰাই তেওঁ কয়, “এয়া আমাৰ বাবে বৰ ডাঙৰ এটা আশীৰ্বাদ। ধান খেতি কৰিব পাৰিছো, গমধানৰো খেতি কৰিব পাৰিছো। ইয়াৰ আগতে খেতিমাটিত জলসিঞ্চনৰ ব্যৱস্থা নাছিল আৰু মোৰ এই এক একৰ মাটিত খেতিও কৰিব পৰা নগৈছিল।”
বিলপুৰা গাঁৱৰ বাসিন্দাসকলে নিজেই নিজকে দিয়া এয়া আশীৰ্বাদ, তেওঁলোকেই লাগি-ভাগি বান্ধটো নিৰ্মাণ কৰিছিল।
প্ৰায় হাজাৰমান মানুহ থকা বিলপুৰা গাওঁখন ঘাইকৈ গোণ্ড আদিবাসী (অনুসূচিত জনজাতি) খেতিয়কৰ গাওঁ, ঘৰে ঘৰে কেইটামানকৈ গৰু-ম’হ আছে। ২০১১ৰ লোকপিয়ল অনুযায়ী গাওঁখনত এটামাত্ৰ হেণ্ডপাম্প আৰু কুঁৱা আছে। ৰাজ্য চৰকাৰে জিলাখনত আশে-পাশে আৰু ভিতৰত পুখুৰী খান্দিছে, কাষে কাষে শিল পাৰি দিছে যদিও স্থানীয় লোকে কয় যে সেই জলাশয়বোৰে পানী দৰি ৰাখিবপৰা নাই, “পানী ৰূকতা নহী হ্যে (পানী নৰয়ে)।”








