মুষলধাৰ এজাক বৰষুণৰ পিছত এআঁঠু পানীৰে উপচি পৰা পথাৰখনৰ এটা মূৰত থিয় হৈ তেওঁ উদাসভাৱে ক্ৰমাৎ শুভ্ৰ ৰূপালী বৰণ ধৰা কপাহৰ খেতিডঁৰালৈ চাই ৰৈছিল। বিদৰ্ভৰ কৃষক বিজয় মাৰোত্তৰৰ কপাহ খেতিডঁৰা একপ্ৰকাৰ নষ্ট হৈ পৰিছিল। ''এই খেতিডঁৰাত মই অতিকমেও ১.২৫ লাখ টকা খটুৱাইছো। কিন্তু এতিয়া বেছিভাগেই পানীত পৰিল,’’ এইদৰে কয় ২৫ বছৰীয়া বিজয়ে। ২০২২ চনৰ ছেপ্টেম্বৰত বিজয়ে প্ৰথমবাৰৰ বাবে খেতিত নামিছিল। প্ৰায় এবছৰ পিছত এতিয়া নিজৰ দুখৰ কাহিনী ক’বলৈ তেওঁৰ ওচৰত কোনোৱেই নাই।
৫ মাহ আগতে তেওঁৰ পিতৃ ঘনশ্যাম মাৰোত্তৰে আত্মহত্যা কৰিছিল, প্ৰায় দুবছৰ আগতে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ এই পৃথিৱীৰ পৰা মেলানি মাগিছিল তেওঁৰ মাতৃয়ে। অস্বাভাৱিক বতৰ আৰু টেঁটুৰ গুৰিলৈকে থকা ধাৰে বিদৰ্ভ অঞ্চলৰ আন বহু খেতিয়কৰ দৰে তেওঁৰ পিতৃ-মাতৃকো একপ্ৰকাৰ হতাশাত ভাগি পৰিছিল। পিছে তেওঁলোকক সহায় কৰিবলৈ কোনোৱেই নাছিল।
কিন্তু বিজয়ে বুজি উঠিছে যে তেওঁ দেউতাকৰ দৰে ভাগি পৰিলে নহ’ব। সেয়ে তেওঁ দুমাহ ধৰি পথাৰৰ পৰা পানী নিষ্কাষণত লাগি গৈছিল। হাতত এটা সামান্য বাল্টি লৈ পানী সিঁচি পেণ্টটো আঁঠুলৈ কোচাই তেওঁ পথাৰত খালী ভৰিৰে হাল বাইছিল, কষ্টত তেওঁৰ কামিজটো ঘামেৰে তিতি গৈছিল। হাউলি হাউলি তেওঁ পানী নিষ্কাষণৰ চেষ্টা চলাইছিল। ''মোৰ খেতিৰ মাটিখিনি দ’ ঠাইত আছে,’’ বিজয়ে কয়। ''সেয়ে বেছিকৈ বৰষুণ দিলে বৰ দিগদাৰ হয়। কাষৰ পথাৰৰ পৰা পানী বৈ আহি মোৰ খেতিত পৰে আৰু পানী বহুদিনলৈ নুশুকায়,’’ সমস্যাটোক লৈ উদ্বিগ্ন বিজয়ৰ মন্তব্য।
এনেদৰে প্ৰতিকূল জলবায়ু, অতিবৃষ্টি, খৰাং আৰু শিলাবৃষ্টিয়ে খেতিয়কসকলক মানসিকভাৱে জুৰুলা কৰি তুলিলেও তেওঁলোকক সহায় কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। (পঢ়িব পাৰেঃ মানসিক উদ্বেগৰ ঢৌ তোলা বিদৰ্ভৰ কৃষি সংকট) মানসিক স্বাস্থ্যসেৱা আইন, ২০১৭ৰ অধীনত উপলব্ধ হোৱা কোনো চিকিৎসা সেৱাই হতাশাত জৰ্জৰিত হৈ পৰা বিজয় অথবা জীৱিত অৱস্থাত বিজয়ৰ পিতৃয়ে লাভ নকৰিলে। আনকি ১৯৯৬ চনৰে পৰা আৰম্ভ হোৱা জিলা মানসিক স্বাস্থ্য আঁচনিৰ অধীনত আয়োজিত স্বাস্থ্য শিবিৰেও তেওঁলোকক ঢুকি পোৱা নাই।
২০১৪ চনৰ নৱেম্বৰত মহাৰাষ্ট্ৰ চৰকাৰে 'প্ৰেৰণা প্ৰকল্প ফাৰ্মাৰ কাউন্সেলিং হেলথ ছাৰ্ভিচ প্ৰগেম’ৰ আৰম্ভ কৰিছিল। পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ আৰ্হিত গ্ৰামাঞ্চলৰ কৃষকসকলক মানসিক সকাহ দিয়াৰ উদ্দেশ্যে যৱতমলস্থিত এটি স্বেচ্ছাসেৱী সংস্থা ইন্দিৰাবাই সীতাৰাম দেশমুখ বহুদেশীয় সংস্থাৰ সৈতে সন্মিলিতভাৱে জিলা প্ৰশাসনে এই কৰ্মসূচী হাতত লৈছিল। কিন্তু ২০২২ চনত বিজয়ৰ পিতৃয়ে আত্মহত্যা কৰাৰ সময়ত চৰকাৰৰ উক্ত আঁচনি একপ্ৰকাৰ ফুটুকাৰ ফেনত পৰিণত হৈছিল।









