পিন্ধনত ঘন নীলা কুৰ্তা আৰু ফুল থকা মেখেলা, খোপাত সুগন্ধী জেছমিনৰ থোপা। কাৰুম্বুকড়াই এম.পি. চেলভি বিৰিয়ানি মাষ্টাৰ নামে ৰান্ধনীশালাখনত দিনটোৰ কামৰ বাবে দায়িত্ব লোৱা পি চেলভিয়ে এই পোচাক পিন্ধি ৰান্ধনীশালাত সোমাইছে। কেটাৰিং ইউনিটৰ সকলোৱে মুৰ তুলি তেওঁলৈ চাইছে, দুই-এজনে পাতি থকা কথাৰ মহলা হঠাতে বন্ধ হৈছে। তাৰ মাজতে এজনে তেওঁক সম্ভাষণ জনাই বেগটো তেওঁৰ পৰা নিজ হাতত লৈছে।
চেলভি হৈছে বিৰিয়ানি মাষ্টাৰ। ষাঠিজন লোকে কাম কৰা এই বিশাল ৰান্ধনীশালাটোত তেওঁক সকলোৱে সমীহ কৰি চলে। কেইমিনিটমান পিছত সকলোৰে কামৰ ছন্দ পুনৰাই ঘূৰি আহিল আৰু প্ৰতিখন হাত চৌকাৰ জুই আৰু ধোঁৱাৰ আশে-পাশে দক্ষতাৰে চলিবলৈ ধৰিলে।
যোৱা তিনিটা দশক ধৰি চেলভি আৰু তেওঁৰ সহকাৰী ৰান্ধনীসকলে লগ লাগি এই বিশেষ দম মাটন বিৰিয়ানি প্ৰস্তুত কৰি আহিছে। এই বিৰিয়ানি হৈছে মাংস আৰু চাউলেৰে বনোৱা এবিধ ব্যঞ্জন। আন বিৰিয়ানিত মাংস আৰু চাউল পৃথকে পৃথকে বনোৱা হয়।
“মই কইম্ব’টৰৰ দম বিৰিয়ানি স্পেচিয়েলিষ্ট,” ৫০ বৰ্ষীয় ৰূপান্তৰকামী মহিলাগৰাকীয়ে কয়। “অকলেই মই সকলো চম্ভালো। সকলো হিচাপ-নিকাচ মই মনত ৰাখো। কেতিয়াবা আমি ছমাহৰ বাবে আগতীয়াকৈ বিৰিয়ানিৰ বুকিং পাই যাওঁ।”
আমাৰ সৈতে কথা পাতি থকাৰ মাজতে বিৰিয়ানি মচলাৰে জোল বৈ পৰা ডাঙৰ আকাৰৰ হেতা এখন এজনে তেওঁৰ হাতত তুলি দিলে। চেলভিয়ে সেই মেৰিনেডৰ স্বাদ লৈ “ঠিকে আছে” বুলি ক’লে। সেয়াই অন্তিমটো গুৰুত্বপূৰ্ণ পৰীক্ষা, সোৱাদৰ পৰীক্ষা। এতিয়া মূল ৰান্ধনীয়ে ঠিকে আছে বুলি কোৱাত সকলোৱে সকাহ পালে।
“সকলোৱে মোক ইয়াত চেলভি আম্মা (মা) বুলি মাতে। তিৰুনংগঈ (ৰূপান্তৰিত মহিলা)ক কোনোবাই আম্মা বুলি সম্বোধন কৰিলে মনত বৰ সন্তোষ পোৱা যায়,” চেলভিয়ে কয়।























