ভাৰতৰ পূব প্ৰান্তৰ সাগৰৰ পাৰত সময় তেতিয়া নিশা ৩ বাজিছে। টৰ্চলাইট জ্বলাই অলিভ ৰিডলে নামৰ সামুদ্ৰিক কাছবিধৰ কণীৰ সন্ধান কৰিছে ৰামলু লক্ষমায়াই। হাতত কাঠৰ এডাল দীঘল লাঠি আৰু এটা পাত্ৰ লৈ লাহে লাহে তেওঁ নিজৰ ঘৰ জলাৰিপেটাৰ পৰা আৰকে বীচ্ছৰ মাজৰ বালিময় চমু পথছোৱাৰে আগবাঢ়িছে।
সামুদ্ৰিক এই কাছবিধৰ মাইকী কাছবোৰে কণী পাৰিবলৈ পাৰলৈ উঠি আহে। বিশাখাপট্টনমৰ সমুদ্ৰ তীৰ বালিময় আৰু এঢলীয়া হোৱা বাবে এই কাছবিধে কণী পাৰিবলৈ উক্ত ঠাইখিনিকে বাচি লৈ আহিছে। ১৯৮০ চনৰে পৰা কাছবিধক উক্ত ঠাইত কণী পৰা দেখা গৈছে। অৱশ্যে কেবা কিলোমিটাৰ উত্তৰৰ ওড়িশা উপকূলতেই দেশৰ ভিতৰতে সৰ্বাধিক কাছই কণী পাৰি আহিছে। মাইকী কাছই এবাৰত ১০০-১৫০ কণী পাৰে আৰু সেই কণী বালিৰ দ গাঁত খান্দি ঢাকি থয়।
''বালি যেতিয়া ঢিলা ধৰণৰ হৈ পৰা দেখা যায় তেতিয়াই আমি তাত কাছই কণী পৰা বুলি অনুমান কৰো,’’ লাঠিৰে ভিজা বালি সাৱধানেৰে খুপিয়াই চাই ফুৰা লক্ষমায়াই কয়। লক্ষমায়াৰ সৈতে আছে কাৰি জাল্লিবাবু, পুত্তিয়াপানা, য়েৰানা আৰু পুল্লা পোলাৰাও। আটাইকেইগৰাকীয়েই জালাৰি সম্প্ৰদায়ৰ (অন্ধ্ৰপ্ৰদেশৰ অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত সম্প্ৰদায়)। ২০২৩ চনত সামুদ্ৰিক কাছ সংৰক্ষণ প্ৰকল্পৰ অধীনত তেওঁলোকে অন্ধ্ৰপ্ৰদেশ বন বিভাগে অলিভ ৰিডলে কাছবিধৰ কণী সংৰক্ষণৰ বাবে হাতত লোৱা পদক্ষেপক বাস্তৱায়িত কৰিবলৈ অংশকালীন পহৰাদাৰৰ কামত যোগ দিছে।
অলিভ ৰিডলে কাছবিধক (Lepidochelys olivacea) ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অব নেচাৰ্ছ (IUCN)ৰ ৰেড লিষ্টত দুষ্প্ৰাপ্য প্ৰজাতি হিচাপে চিহ্নিত কৰা হৈছে। ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ (১৯৯১ত সংশোধিত)ৰ প্ৰথম অনুসূচীৰ অধীনত এই কাছবিধৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে।
উপকূলীয় বিনাশ তথা আন তেনেধৰণৰ একাধিক কাৰণত কাছ এতিয়া সংকটৰ সন্মুখীন হৈ আহিছে। ''কণী পৰা ঠাইবোৰত হৈ অহা উন্নয়নমূলক কাম-কাজৰ লগতে জলবায়ু পৰিৱৰ্তনৰ বাবেও সামুদ্ৰিক জীৱকূললৈ দুৰ্যোগ নামি আহিছে,’’ এইদৰে কয় বিশাখাপট্টনমস্থিত কাম্বালকোণ্ডা বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰকল্প বিজ্ঞানী যজ্ঞপাঠি আদাৰিয়ে। একেদৰে মাংস আৰু কণীৰ বাবে কাছ চিকাৰ কৰি অহাটোও দুষ্প্ৰাপ্য হৈ পৰাৰ অন্যতম কাৰণ বুলিও তেওঁ কয়।















