“মোৰ সদায়ে পইচাৰ অভাৱ থাকেই,” পৰিয়ালৰ বাজেট মিলাবলৈ জোৰা-টাপলি দি থকা ববিতা মিত্ৰই কয়। “মই খোৱা-বোৱাৰ বাবে পইচা আচুতীয়াকৈ থও আৰু শেষত দৰৱৰ নামত সেয়া শেষ হৈ যায়। সন্তানৰ টিউশ্যনৰ পইচাখিনি ৰেচন কিনোতে যায়। প্ৰতিমাহে মই নিযোক্তাৰ পৰা ধাৰে ল’বলগীয়া হয়...”
৩৭ বৰ্ষীয় এইগৰাকী ঘৰুৱা শ্ৰমিকে কলকাতাৰ কালিকাপুৰ অঞ্চলত দুঘৰ মানুহৰ তাত কাম কৰি কোনোমতে বছৰটোত ১ লাখ টকা উপাৰ্জন কৰে। তেওঁ মাত্ৰ ১০ বছৰ বয়সতে পশ্চিমবংগৰ নাদিয়া জিলাৰ আচাননগৰৰ পৰা চহৰলৈ প্ৰব্ৰজিত হৈছিল। “মোৰ মা-দেউতাই তিনিটা সন্তান পোহপাল দিয়াৰ দায়িত্ব ল’বলৈ অপাৰগ আছিল। সেয়ে কলকাতাতে থিতাপি লোৱা আমাৰ গাঁৱৰে মানুহ এঘৰৰ তাত পঠিয়াই দিছিল।”
তেতিয়াৰে পৰা ববিতাই মানুহৰ ঘৰে ঘৰে মজদুৰি কৰিবলৈ লয়। কলকাতাত থকা সময়চোৱাত ২৭তম কেন্দ্ৰীয় বাজেটে তেওঁ কিম্বা তেওঁৰ দৰে ভাৰতৰ ৪২ লাখ ঘৰুৱা শ্ৰমিকৰজীৱনৰ একো বিশেষ পৰিৱৰ্তন সাধিব পৰা নাই। চৰকাৰী হিচাপৰ বিপৰীতে স্বতন্ত্ৰ সংস্থাই কৰা হিচাপমতে তেওঁলোকৰ সংখ্যা ৫০ লাখৰো অধিক।
২০১৭ত ববিতাৰ দক্ষিণ ২৪ পৰগনা জিলাৰ ভগৱানপুৰ অঞ্চলৰ উচ্চেপোটা পঞ্চায়তৰ দুকুৰি বয়সৰ অমল মিত্ৰৰ সৈতে বিয়া হয়। কাৰখানা এটাত দিনহাজিৰা কৰা গিৰীয়েকে ঘৰখন চলাবলৈ বিশেষ এটা সহায় নকৰাত তেওঁৰ দায়িত্ব বিয়াৰ পিছত বাঢ়িহে যায়। তেওঁৰ আয়ৰ যোগেদিয়েই তেওঁলোকৰ ৫ আৰু ৬ বছৰ বয়সৰ দুই পুত্ৰ, ২০ বছৰ বয়সৰ সতীয়া জীয়েক, শাহুৱেকক লৈ ছজনীয়া পৰিয়ালটো চলে।
চতুৰ্থ মানৰ পৰা পঢ়া এৰা ববিতাই ভাৰতৰ দুটা দশকৰ জেণ্ডাৰ বাজেটিঙৰ বিষয়ে খুব কমেইহে জানে। ২০২৫-২৬ৰ বাজেটত মহিলাৰ দ্বাৰা উন্নয়নৰ যি ধাৰণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে পোষণ কৰিছে, তাৰ বিষয়েও তেওঁ নাজানে। কিন্তু ববিতাৰ প্ৰাত্যহিক জীৱনৰ অভিজ্ঞতা তেওঁ দিয়া উত্তৰত ফুটি উঠে: “মহিলাৰ বাবে ইমান কিবাকিবি কৰা বুলি যে বাজেটখনক লৈ হৈ-চৈ কৰা হৈছে, আমাৰ বিপদৰ সময়ত যে সহায়ৰ বাবে হাত এখন বিচাৰি নাপাও, তাক লৈ কিবা কৰা হৈছে জানো?” ক’ভিডৰ সময়ৰ দুৰ্বিষহ যাতনাৰ দিনবোৰ তেওঁৰ মনত পৰে।






