“আৱৌ আৱৌ সুনো অপনা ভৱিষ্যবাণী, সুনো আপনি আগে কী কহানি…” জুহু বীচ্চৰ চিঞৰ-বাখৰৰ মাজেৰে তেওঁৰ ৰহস্যঘন সন্মোহনী মাতটো ভাঁহি আহিছে। মুম্বাই উপকণ্ঠ অঞ্চলৰ এই প্ৰাণচঞ্চল বেলাভূমিত বেলি ডুবিব ধৰিছে। তেনে এক সময়তে প্ৰায় ২৭ বৰ্ষীয় উদয় কুমাৰে মানুহক ভৱিষ্যৎবাণী শুনাবলৈ বৰ আগ্ৰহেৰে মাতিছে।
তেওঁ কোনো জ্যোতিষবিদ নহয়, কোনো হস্তৰেখাবিদো নহয়। কিম্বা হাতত ভাটৌ চৰাই লৈ থকা কোনো টেৰ’ট কাৰ্ড ৰিডাৰো তেওঁ নহয়। তাৰ পৰিৱৰ্তে তেওঁ তাত থিয় হৈ আছে এক ফুটমান ওখ ৰবট এটাৰ সৈতে, ৰবটটোৰ গাত মেৰিওৱা আছে ৰং-বিৰঙী লাইট। ৰবটটো থোৱা আছে চাৰিফুট ওখ জপাই থ’বপৰা মেজ এখনত। ৰবটটোৰ সৈতে এইজন প্ৰতিবেদকক চিনাকি কৰি দিওঁতে তেওঁ কয়, “এইটোৰ নাম জ্যোতিষ কম্পিউটাৰ লাইভ ষ্ট’ৰি”।
সেই মেচিনটোৱে ব্যক্তিৰ কম্পন অনুভৱ কৰিব পাৰে, উৎসুক গ্ৰাহক এজনক হেডফোনযোৰ আগবঢ়াই দি তেওঁ কয়। সামান্য থমকি ৰৈ নাৰীসুলভ মাত এটাৰে হিন্দীতে ভৱিষ্যতৰ গোপন কথা ক’বলৈ ধৰিব। এই আটাইখিনি আপুনি জানিব পাৰিব মাত্ৰ ৩০ টকাতে।
কেইটামান দশক পূৰ্বে বিহাৰৰ গেন্ধা চুবুৰীৰ পৰা মুম্বাইলৈ প্ৰব্ৰজন কৰা তেওঁৰ খুৰাক ৰাম চন্দৰৰ পৰা (চহৰত তেওঁক ৰাজু বুলিয়ে মানুহে জানিছিল) তেওঁ এই বিস্ময়কৰ প্ৰযুক্তিৰ নিদৰ্শন লাভ কৰিছিল, এতিয়া তেঁৱেই ইয়াৰ একমাত্ৰ গৰাকী। প্ৰতিবাৰে গাঁৱলৈ উভতি আহিলে খুৰাকে নতুন নতুন কাহিনী তেওঁলোকক কৈছিল। “খুৰাই আমাক ক’লে যে তেওঁ চহৰত অজুবা (আচৰিত বস্তু) এটা পাইছে, সি ভৱিষ্যতৰ কথা ক’ব পাৰে। তেনেকৈয়ে তেওঁ পইচা ঘটিছে। মানুহে তেওঁৰ কথা শুনি হাঁহিছিল, ৰগৰ কৰা বুলি ভাবিছিল। কিন্তু মই শুনি মুগ্ধ হৈছিলো!” উদয়ে মনত পেলায়। তেনেকৈয়ে ৰাজু চাচাই তেওঁৰ ১১ বছৰীয়া নাতিক মেচিনটোৰ লগতে চহৰৰ বিস্ময়কৰ জীৱনৰ সৈতে পৰিচয় কৰাই দিছিল।
উদয়ৰ মাক-দেউতাকে নিজা কেইবিঘামান মাটিত খেতি কৰিছিল যদিও প্ৰায়ে আৰ্থিক অনাটনত ভুগিছিল। ফলত উদয়ে চতুৰ্থমানৰ পৰাই পঢ়া এৰিবলগীয়া হৈছিল। বিহাৰৰ ৱেশালে জিলাৰ নিজ গাওঁ এৰি মুম্বাই চহৰত খুৰাক ৰাজুৰ সৈতে কাম কৰিবলৈ আহোতে তেওঁৰ মনত এই কথাটোৱেও ক্ৰিয়া কৰি আছিল যে পৰিয়ালটোক সামান্য হ’লেও সকাহ দিব লাগে। তেতিয়া তেওঁ কৈশোৰ অৱস্থাতে আছিল, তেওঁ কয়, “ৱহ মেচিন দেখনা থা ঔৰ মুম্বাই ভী (সেই মেচিনটো চাবৰ মন আছিল আৰু মুম্বাইখনো)!” উদয় সামান্য নষ্টালজিক হৈ পৰা যেন লাগিল।
তেওঁৰ খুৰাকে ব্যৱহাৰ কৰা সেই মেচিনটো সাজি উলিয়াইছিল চেন্নাই আৰু কেৰেলাৰ শিল্পীয়ে। মুম্বাইলৈ মেচিনটো আহে নব্বৈৰ দশকৰ শেষৰফালে, উদয়ে মনত পেলায়। ৰাজু চাচাই সেই শিল্পীসকলৰ এজনক লগ পায় আৰু কেইদিনমান চলাই চাবলৈ বুলি মেচিনটো ভাৰাত লয়।
“এই কামটোত প্ৰায় ২০-২৫ জনমান লোক আছিল,” উদয়ে কয়। “তাৰে প্ৰায়ভাগেই আছিল দাক্ষিণাত্যৰ, কেইজনমানহে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আছিল। তেওঁলোক আটাইৰে একেবিধে মেচিন আছিল।”
ৰাজুৰ দৰে তেওঁলোক আটাইয়ে চহৰখনত এই কৌতূহলী মেচিনটো লৈ ঘূৰি ফুৰিছিল আৰু ঘূৰি ফুৰা ঠাইবোৰৰ ভিতৰত তেওঁলোকৰ প্ৰিয় ঠাই আছিল জুহু বীচ্চ। খুৰাকৰ লগত এই চহৰ ভ্ৰমি ফুৰা কামটোত উদয়ো আছিল। ৰাজু চাচাই ব্যৱসায় আৰম্ভ কৰাৰ সময়ত মেচিনটোৰ দাম বহুত বেছি আছিল, প্ৰায় ৪০ হাজাৰ টকা। কিন্তু তেওঁ কোনোমতে যোগাৰ কৰিছিল।
উদয়ে এই মেচিনটো বনোৱাৰ কৌশল বহুবাৰ আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিল যদিও পৰা নাছিল। কেবাবছৰ আগতে খুৰাক ঢুকোৱাৰ পিছতহে খুৰাকৰ মেচিনটো তেওঁৰ হাতলৈ আহিল। তেনেকৈয়ে সেই কৌতূহলী মেচিনটো এসময়ত দেখি বিস্ময়াভিভূত হোৱা উদয়ে খুৰাকৰ পৰম্পৰা অব্যাহত ৰখাৰ সুযোগ এটা পালে।
এটা দশক আগতে মানুহে ভৱিষ্যতলৈ এভূমুকি মৰাৰ বাবে ২০ টকা দিছিল। এতিয়া সেয়া বাঢ়ি বাঢ়ি ৪০ টকা হৈছে। ক’ভিডৰ সময়ত তেওঁৰ ব্যৱসায়ত বৰ ঘাটি হৈছিল। “সময় বাগৰাৰ লগে লগে বহুতেই এই কামটো এৰিলে,” উদয়ে কয়। ক’ভিডৰ পিছত এইবিধ ৰহস্যময়ী ভৱিষ্যদ্ৰষ্টা মেচিনটোক সাৰথি কৰি চলি থকা তেঁৱেই একমাত্ৰ ব্যক্তি।
কেৱল মেচিনটোৰ পৰা হোৱা উপাৰ্জনেৰে পেট পোহাটো উদয়ৰ বাবে সম্ভৱ নহয়। তেওঁৰ পত্নী তথা পাঁচ বছৰীয়া সন্তান গাঁৱত থাকে। ল’ৰাটোক মুম্বাইলৈ পঢ়ুৱাবলৈ অনাৰ মন। পুৱাৰ ভাগত তেওঁ ইটো-সিটো বিভিন্ন কাম কৰে - ক্লাৰিকেল কাম আনকি পামফ্লেট আদি বিলোৱা কামো কৰে। যি কামেই পায়, সেয়াই তেওঁ কৰিবলৈ সাজু। “পুৱাৰ ভাগত একো কাম নাপালে মই এই ৰবটটো লৈ ইয়াত থাকো, যাতে দুপইচা আৰ্জি ঘৰলৈ পঠিয়াব পাৰো,” তেওঁ কয়।
উদয়ে জুহু বীচ্চত আবেলি ৪ বজাৰ পৰা মাজনিশালৈকে থাকে। আন ঠাইবোৰত তেওঁক পুলিচে জৰিমনা বিহিব বুলি ভয় এটা আছে, তাৰোপৰি মেচিনটো কঢ়িয়াই লৈ ফুৰাটোও মস্কিল। সপ্তাহান্তাত ভৱিষ্যত চাবলৈ উৎসুক গ্ৰাহকৰ ভীৰ বেছি লাগে বাবে তেওঁৰ ব্যৱসায় আন দিনতকৈ ভাল হয়। তেনে এটা দিনত তেওঁ প্ৰায় ৩০০ৰ পৰা ৫০০ টকা উপাৰ্জন কৰে। এনেকৈ মাহত তেওঁৰ ৭ৰ পৰা ১০ হাজাৰ টকা উপাৰ্জন হয়।
“গাঁৱত মানুহে জ্যোতিষীক বিশ্বাস কৰে, কিন্তু মেচিনক বিশ্বাস নকৰে। সেয়ে তাত তেওঁৰ উপাৰ্জন ভাল নহয়,” মেচিনটোৰ ৰহস্যময়ী গুণৰ কথা নিজ গাঁৱৰ বিহাৰী বন্ধুহঁতক তেওঁ কৈছিল যদিও কোনেও বিশ্বাস নকৰা সম্পৰ্কত তেওঁ কয়। মুম্বাইয়ে তেওঁৰ ব্যৱসায়ৰ বাবে ভাল ঠাই, তেওঁ কয়। অৱশ্যে তেওঁৰ এই ভৱিষ্যদ্ৰষ্টা মেচিনটো মানুহে কৌতূহলৰ লগতে সন্দেহৰ দৃষ্টিৰেও চায়।
“কিছুমানে বৰ ৰস পায় আৰু হাঁহে, কিছুমান আচৰিত হয়। অলপতে এজন মানুহে নিজৰ বন্ধুজনক জোৰ-দবৰদস্তি কৰাত বন্ধুজনে অবিশ্বাসত হাঁহিছিল, কিন্তু পিছত তেওঁ ভৱিষ্যতবাণী শুনি আচৰিত হৈছিল। তেওঁ কৈছিল যে ৰবটটোৱে জানে যে তেওঁৰ পেটৰ সমস্যা হৈ আছে যদিও তেওঁ চিন্তা কৰি থাকিব নালাগে। আৰু কথাটো হয়ো, তেওঁৰ সঁচাকৈয়ে পেটৰ সমস্যা আছিল। তেনে বহুতকে মই লগ পাইছো,” উদয়ে কয়। “বিশ্বাস কৰিব বিচৰাজনে বিশ্বাস কৰিব পাৰে।”
“মেচিনটোৰ কেতিয়াও খোকোজা লগা নাই,” মেচিনটোৰ ৰহস্যজনক মজবুতিক লৈ গৌৰৱ কৰাৰ দৰে উদয়ে দাবী কৰি কয়।
কেতিয়াবা বন্ধ হৈ গৈছে নেকি মেচিনটো?
কেতিয়াবা তাঁৰ আদি কিবা চিগিলে ভাল কৰিবলৈ চহৰতে মেকানিক এজন আছে।
“ই যি কয় মই বিশ্বাস কৰোঁ। কাম কৰি গৈ থাকিবলৈ ই মোক সাহস যোগায়,” উদয়ে কয়। মেচিনটোৱে অৱশ্যে তেওঁৰ নিজৰ ভৱিষ্যতৰ কথাও কৈ থাকে। “এই মেচিনটোৰ ভিতৰত মেজিক আছে, মোৰ বিষয়ে যি যি কয় সেই ভাবি মই এতিয়াও মুগ্ধ হৈ পৰো। মই আপোনাক বিশ্বাস কৰিবলৈ নকওঁ। নিজেই শুনক চিন্তা কৰকচোন,” তেওঁ হাঁহি এটা মাৰি কয়।
অনুবাদ: পংকজ দাস