ৰীতা আক্কাৰ জীৱনটোৱে আমাক এটাই শিক্ষা দিয়ে যে এই পৃথিৱীত জন্মগ্ৰহণ কৰা প্ৰত্যেকজন মানুহৰ জীৱনৰে এক বিশেষ উদ্দেশ্য আছে৷ পেছাত এগৰাকী চাফাই কৰ্মচাৰী হিচাপে কৰ্মৰত বিধবা আক্কাই কাণেৰে নুশুনাৰ উপৰি কথাও ক’ব নোৱাৰে৷ তেওঁৰ একমাত্ৰ ১৭ বছৰীয়া ছোৱালীজনীয়েও মাকক অকলশৰীয়া কৰি এৰি আইতাকৰ লগত থাকিবলৈ গুছি গৈছে। ৪২ বৰ্ষীয় ৰীতা আক্কা নিসংগ যদিও তেওঁ এই যুদ্ধত হাৰ মনা নাই।
ওচৰ-চুবুৰীয়াই তেওঁক ‘ৰীতা আক্কা’ বুলিয়েই সম্বোধন কৰে যদিও কিছুমানে তেওঁক ‘উমাছি’ (মূক-বধিৰসকলৰ প্ৰতি ব্যৱহাৰ কৰা ইতিকিংসূচক মাত) বুলিও মাতে৷ ৰীতা আক্কাই কিন্তু এইবোৰক ভ্ৰুক্ষেপ নকৰি প্ৰতিদিন ৰাতিপুৱাই চেন্নাই পৌৰনিগমৰ চাফাই কৰ্মী হিচাবে তেওঁৰ আৱৰ্জনা সংগ্ৰহ কৰা কামতো কৰিবলৈ ঘৰৰ পৰা ওলাই যায়৷ মাজে-সময়ে কেতিয়াবা অত্যধিক শাৰীৰিক পৰিশ্ৰমৰ কাৰণে সন্ধিয়া সময়লৈ গাৰ বিষ অনুভৱ কৰে যদিও তেওঁ নিজৰ কামত কেতিয়াও গাফিলতি নকৰে৷ কামৰ প্ৰতি এনে সমৰ্পণ আক্কাৰ অদ্ভুত ধৰণৰ আৱৰ্জনা কঢ়িওৱা থেলা- ৰিক্সাখন চালেই বুজিব পাৰি৷ ৰিক্সাখনত ৰীতা আক্কাই নিজৰ নামতো বেলেগ বেলেগ ৰঙেৰে তিনিবাৰ ঘঁহি ঘঁহি লিখি লৈছে৷ প্ৰতিটো দিনৰ শেষত গৃহ নিৰ্মাণ আয়োগে কট্টুপুৰাম অঞ্চলত আক্কাৰ নামত দিয়া সৰু নিসংগ কোৱাৰ্টাৰটোলৈ ঘূৰি যায়৷




























