মাদ্ৰাজৰ (বৰ্তমান চেন্নাই) পুৰণি বাণিজ্যিক কেন্দ্ৰ জৰ্জ টাউনৰ মাজভাগত এটা ঠেক, ঘূৰণীয়া পথ ৰাতিপুৱাই কোলাহলেৰে মুখৰিত হৈ পৰে। কিন্তু এই পথটো আপুনি কেতিয়াও বিচাৰি নাপাব, যদিহে ইয়াক ইয়াৰ চৰকাৰী নাম বাড্ৰিয়ান ষ্ট্ৰীট বুলি সন্ধান কৰে। সকলোৱে ইয়াক পুক্কড়ই (ফ্লাৱাৰ বাজাৰ) বুলি কয়। ইয়াৰ কাৰণ হৈছে, ১৯৯৬ চনত চেন্নাইৰ কয়াম্বেডুত বিশাল পাচলি আৰু ফুলৰ বজাৰ স্থাপন হোৱাৰ বহু আগতে ইয়াত বস্তা হিচাপত ফুল বিক্ৰী হৈছিল। ১৮ বছৰৰ পিছতো, ব্যস্ততাৰে ভৰি পৰে পুক্কড়ইখন। বিক্ৰেতাসকলে বজাৰখন এৰি যাব নিবিচাৰে, আনহাতে ক্ৰেতাইও এইখন বজাৰলৈকেহে আহে।
দোকমোকালিৰ পৰাই পুক্কড়ইত মানুহৰ ভিৰ লাগে৷ বিৰ দি বাট নোপোৱা অৱস্থা৷ অন্ধ্ৰ প্ৰদেশ, কয়াম্বেডু আৰু সুদূৰ-দক্ষিণ তামিলনাডুৰ পৰা ফুলৰ বস্তা ইয়ালৈ আহে। পথটো প্ৰায় সদায়েই লেতেৰা হৈ থাকে; পথৰ মাজতে জাবৰ-জোঁথৰৰ এটা সুউচ্চ টিলাৰ সৃষ্টি হৈছে। কল্পনা কৰক, সহস্ৰজনৰ ভৰিৰ গচকত পুৰণি ফুলবোৰ পদদলিত হয়; কল্পনা কৰক, শতাধিক গাড়ীৰ চকাই সেইবোৰ চেপি গৈছে; আৰু তাৰ পিছত কল্পনা কৰক সেই গোন্ধটো। এই দৃশ্য বৰ সুখকৰ নহয়। কিন্তু পথটোৰ নিজৰেই এক গৰিমা আছে। পথৰ দুয়োফালে দোকান, কিছুমানৰ পকী চিমেণ্টযুক্ত গাঁথনি, য’ত আলমাৰি আৰু চিলিং ফেনো আছে, বাকী দোকানবোৰ জুপুৰিসদৃশ। সকলোবোৰ দোকান বাৰেবৰণীয়া ৰঙীণ। এয়া পুক্কড়ইৰ পকী দোকানবোৰৰ এখন। পথৰ দুয়োফালে এশৰো অধিক দোকান আছে। বহু দোকানত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে কাম কৰে ৷ তেওঁলোকে খৰাং পথাৰ বা জীৱিকাৰ অন্য উপায় নথকাত গাওঁবোৰৰ পৰা ইয়ালৈ আহিছে। দোকানৰ গৰাকীসকলৰ সহায়কসকল প্ৰায়ে তেওঁলোকৰ নিজৰ বা ওচৰৰ গাওঁবোৰৰ অহা ডেকা ল'ৰা হয় যি দোকানৰ পিছফালে বা ওপৰৰ সৰু কোঠা এটাত বাস কৰে। (এই ছবিখন মই পুক্কড়ইলৈ ১৯ এপ্ৰিল ২০১২ তাৰিখে যাওঁতে দৃশ্যগ্ৰহণ কৰা হৈছিল)






