আব্দুল কুমাৰ মাগ্ৰেই পাট্টু ববলৈ আৰম্ভ কৰা ৩০ বছৰেই হ’ল। কাশ্মীৰৰ হাড় কঁপোৱা শীতত তাপমাত্ৰা যেতিয়া -২০ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামে তেনে সময়তো ঘূৰি-ফুৰি থকাত সহায় কৰা এই ঊলৰ কাপোৰৰ শেষ শিপিনীসকলৰ ভিতৰত তেওঁ অন্যতম।

''মই এদিনত ১১ মিটাৰ বৈছিলো,’’ চকুৰে প্ৰায় মণিব নোৱৰা হৈ অহা ৮২ বৰ্ষীয় লোকজনে কয়। কোঠাত অহা-যোৱা কৰোতে যাতে পৰি নাযায় তাৰ বাবে তেওঁ বেৰত এখন হাত দিহে খোজ কাঢ়ে। ''মই যেতিয়া ৫০ বছৰীয়া আছিলো, তেতিয়াই চকুৰ দৃষ্টিশক্তি কমিবলৈ ধৰিছিল।’’

৪,২৫৩ জন লোকেৰে পৰিপূৰ্ণ (লোকপিয়ল ২০১১ অনুসৰি) বান্দিপুৰ জিলাৰ ডাৱৰ গাঁৱত বাস কৰে আব্দুলে, ইয়াৰ পৰা হাব্বা খাতুন শৃংগ দেখা পোৱা যায়। তেওঁ আমাক কয় যে এতিয়া কোনো সক্ৰিয় পট্টু শিল্পী নাই যদিও, “প্ৰায় এদশক আগলৈকে, শীতকালত গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ ঘৰতে বসন্ত আৰু গ্ৰীষ্মকালত বিক্ৰী কৰাৰ বাবে কাপোৰ বোৱা হৈছিল।”

আব্দুল আৰু তেওঁৰ পৰিয়ালে শ্ৰীনগৰৰ লগতে আন ৰাজ্যতো বিক্ৰীৰ বাবে বৈ উলিওৱা কিছুমান কাপোৰৰ ভিতৰত আছিল ফেৰাণ (এটা পৰম্পৰাগত গাউনৰ দৰে ওপৰৰ কাপোৰ), দুপাঠী (কম্বল), মোজা আৰু গ্লভছ।

কিন্তু আব্দুলৰ নিজৰ শিল্পকলাৰ প্ৰতি প্ৰেম থকাৰ পিছতো আজি সেয়া ধৰি ৰখাতো সহজ নহয় কাৰণ কেঁচামাল – ঊল, এতিয়া সহজে উপলব্ধ নহয়। আব্দুলৰ দৰে শিপিনীসকলে আগতে ভেড়া পালন কৰিছিল আৰু তেওঁলোকে পালন কৰা জীৱ-জন্তুৰ পৰা পট্টু বোৱাৰ ঊল লাভ কৰিছিল। প্ৰায় ২০ বছৰ আগতে তেওঁ কয় যে তেওঁৰ পৰিয়াল প্ৰায় ৪০ টা ৪৫ টা ভেড়াৰ মালিক হোৱা বাবে ঊলৰ উৎস বিচাৰি উলিওৱাটো সহজ আৰু সস্তা আছিল। তেওঁ মনত পেলাই কয়, “আমি আগতে ভাল লাভ কৰিছিলো। বৰ্তমান আমাৰ মাত্ৰ ৬টাহে ভেড়া আছে।’’

Left: Abdul Kumar Magray at his home in Dawar
PHOTO • Ufaq Fatima
Right: Dawar village is situated within view of the Habba Khatoon peak in the Gurez valley
PHOTO • Ufaq Fatima

বাওঁফালে: দাৱাৰৰ নিজৰ ঘৰত আব্দুল কুমাৰ মাগ্ৰাই, সোঁফালে: দাৱাৰ গাঁৱৰ পৰা গুৰেজ উপত্যকাৰ হাব্বা খাটুন শৃংগৰ দৃশ্য দেখা গৈছে

Left: Sibling duo Ghulam and Abdul Qadir Lone are among the very few active weavers in Achura Chowrwan village.
PHOTO • Ufaq Fatima
Right: Habibullah Sheikh, pattu artisan from Dangi Thal, at home with his grandsons
PHOTO • Ufaq Fatima

বাওঁফালে: আচুৰা চৌৰৱান গাঁৱৰ অতি কম সংখ্যক সক্ৰিয় শিপিনীৰ ভিতৰত দুই ভাতৃ গুলাম আৰু আব্দুল কাদিৰ ল’ন। সোঁফালে: নাতি-নাতিনীৰ সৈতে ঘৰত ডাংগী থালৰ পট্টু শিপিনী হাবিবুল্লাহ শ্বেখ

বন্দীপুৰ জিলাৰ তুলাইল উপত্যকাৰ ডাংগি থাল গাঁৱৰ হাবিবুল্লাহ শ্বেখ আৰু তেওঁৰ পৰিয়ালে প্ৰায় এদশক পূৰ্বে পট্টু ব্যৱসায় এৰি দিছিল। তেওঁ কয়, “আগতে ভেড়া পালনৰ পৰম্পৰা আছিল। প্ৰতিটো ঘৰতে আগতে কমেও ১৫-২০টাকৈ ভেড়া আছিল, ঘৰৰ মানুহবোৰ ওপৰ মহলাত আৰু তলত ভেড়াবোৰক ৰখা হৈছিল।”

কিন্তু সেয়া সলনি হৈছে বুলি ক’ব খোজে বান্দিপোৰা জিলাৰ আচুৰা চৌৰৱান (শ্বাহ পোৰা বুলিও জনা যায়) গাঁৱৰ সক্ৰিয় শিপিনীসকলৰ ভিতৰত অন্যতম ৭০ বছৰীয়া গুলাম কাদিৰ ল’নে। “যোৱা দশকত গুৰেজৰ জলবায়ু সলনি হৈছে। শীতকাল বৰ ভয়াৱহ হৈ পৰিছে। ইয়াৰ ফলত ভেড়াৰ প্ৰাথমিক খাদ্য ঘাঁহৰ কমি গৈছে। মানুহে ভেড়া পালন কৰিবলৈ এৰি দিছে।”

*****

প্ৰথমবাৰৰ বাবে পট্টু বৱলৈ আৰম্ভ কৰাৰ সময়ত আব্দুল কুমাৰৰ বয়স আছিল প্ৰায় ২৫ বছৰ৷ “মই আগতে মোৰ দেউতাক সহায় কৰিছিলো, আৰু সময়ৰ লগে লগে এই কলা আয়ত্ত কৰিছিলোঁ,” তেওঁ কয়। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেওঁৰ পৰিয়ালত এই কলা চলি আহিছে যদিও তেওঁৰ তিনিজন পুত্ৰৰ কোনোৱেই এয়া শিকা নাই। “পট্টু মে আজ ভি উটনি হি মেহনাত হায় জিতনি পেহলে থি, মগৰ আব মুনাফা না হোনে কে বৰাবৰ হায় [পট্টুৰ বাবে আগতে যিমানখিনি কষ্টৰ প্ৰয়োজন হৈছিল এতিয়াও সেয়া একেই আছে, কিন্তু লাভ বুলিবলৈ একোৱেই নাই],” তেওঁ কয়।

আব্দুলে যেতিয়া প্ৰথম অৱস্থাত বোৱাৰ কাম আৰম্ভ কৰিছিল তেতিয়া এক মিটাৰ পট্টু কাপোৰ ১০০ টকাত বিক্ৰী হৈছিল। সময়ৰ লগে লগে হাৰ বৃদ্ধিহে হৈছে। আজিকালি এক মিটাৰৰ দাম প্ৰায় ৭,০০০ টকা। কিন্তু কাপোৰৰ দাম বেছি হোৱাৰ পিছতো পট্টু বিক্ৰী কৰি লাভ পোৱা নাযায়, কাৰণ ভেড়া পালনৰ বছৰেকীয়া খৰচ ক্ৰমাৎ বাঢ়ি যোৱাৰ বাবে শিপিনীসকলৰ লাভ নগণ্য হৈ পৰিছে।

“পট্টু বোৱাটো এটা নিখুঁত কলা। এডাল সূতাও ইফাল-সিফাল হ’লে গোটেই কাপোৰখনেই খেলিমেলি হৈ পৰিব পাৰে। আকৌ সকলো নতুনকৈ আৰম্ভ কৰিবলগীয়া হয়।’- আব্দুলে কয়। “[কিন্তু] কঠোৰ পৰিশ্ৰমৰ মূল্য এয়াই যে গুৰেজৰ দৰে ঠাণ্ডা অঞ্চলত এই কাপোৰৰ উষ্ণতা অতুলনীয়।”

A wooden spindle (chakku) and a hand-operated loom (waan) are two essential instruments for pattu artisans
PHOTO • Ufaq Fatima
A wooden spindle (chakku) and a hand-operated loom (waan) are two essential instruments for pattu artisans
PHOTO • Courtesy: Ufaq Fatima

কাঠৰ স্পিণ্ডল (চাক্কু) আৰু হাতেৰে চলোৱা তাঁতশাল (ৱান) পট্টু শিল্পীৰ বাবে অপৰিহাৰ্য যতন

The villages of Achura Chowrwan (left) and Baduab (right) in Kashmir’s Gurez valley. Clothes made from the woolen pattu fabric are known to stand the harsh winters experienced here
PHOTO • Ufaq Fatima
The villages of Achura Chowrwan (left) and Baduab (right) in Kashmir’s Gurez valley. Clothes made from the woolen pattu fabric are known to stand the harsh winters experienced here
PHOTO • Ufaq Fatima

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ আচুৰা চৌৰৱান (বাওঁফালে) আৰু বদুৱাব (সোঁফালে) গাঁও। ঊলৰ পট্টু কাপোৰৰ পৰা তৈয়াৰী গৰম কাপোৰে হাড় কঁপোৱা ঠাণ্ডাটো গা গৰমাই তোলে

শিল্পীসকলে ঊলখিনি সূতা কৰিবলৈ  মানুহৰ হাতৰ সমান কাঠৰ স্পিণ্ডল, চাক্কু ব্যৱহাৰ কৰে। চাক্কুৰ মাজভাগ ওফন্দা আৰু দুয়োটা মূৰ জোঙা। এইদৰে কাটি লোৱা সূতাখিনি তাঁতশালত বোৱা হয় – স্থানীয় ভাষাত ইয়াক ৱান বুলি জনা যায়।

পট্টু কাপোৰ বৈ উলিওৱাতো কেতিয়াও এজন ব্যক্তিৰ কাম নহয়। প্ৰায়ে গোটেই পৰিয়ালটোৱে এই কামত লাগিবলগীয়া হয়। সাধাৰণতে পুৰুষসকলে ভেড়াৰ পৰা ঊল আহৰণৰ দায়িত্ব লয় আৰু মহিলাসকলে ঊল কাটি সূতা উলিয়ায়। আনোৱাৰ ল’নে কয়, “ঘৰৰ কাম-কাজ পৰিচালনা কৰাৰ উপৰিও তেওঁলোকে আটাইতকৈ কঠিন কামটো কৰে। তাঁতশাল বা ৱানৰ কাম কৰাটো সাধাৰণতে পৰিয়ালৰ পুৰুষসকলে কৰা কাম আছিল।’’

দৰ্ড-শ্বিন সম্প্ৰদায়ৰ অন্তৰ্গত ৮৫ বছৰীয়া জুনি বেগম উপত্যকাটোৰ পট্টু বোৱা কেইগৰাকীমান মহিলাৰ ভিতৰত অন্যতম। স্থানীয় শ্বিনা ভাষাত কথা পাতি তাই কয়, “এইটোৱেই মই জনা একমাত্ৰ হাতৰ বিদ্যা। তাইৰ কৃষক পুত্ৰ  ৩৬ বছৰীয়া ইষ্টিয়াক ল’নে কথাখিনি আমাক বুজাই দিয়ে।

“পট্টুৰ ব্যৱসায় এতিয়া বন্ধ হৈ গৈছে যদিও মই এতিয়াও কেইমাহমানৰ মূৰে মূৰে খোয়েহ [মহিলাৰ বাবে পৰম্পৰাগত মূৰৰ পোছাক]ৰ দৰে কেইটামান বস্তু বৈ উলিয়াও।” নাতিক কোলাত লৈ জুনীয়ে ভেড়াৰ ঊল – যাক শ্বিনা ভাষাত পাছ বুলি কোৱা হয় – চাক্কু ব্যৱহাৰ কৰি সূতা কাটি দিয়াৰ প্ৰক্ৰিয়াটো প্ৰদৰ্শন কৰে। “এই কলাটো মই মোৰ মাৰ পৰা শিকিছিলো। ইয়াৰ সমগ্ৰ প্ৰক্ৰিয়াটো মই ভাল পাওঁ।’- তাই কয়। “যেতিয়ালৈকে মোৰ হাত দুখনে ভালে থাকে তেতিয়ালৈকে মই কাম কৰি যাব বিচাৰো।”

গুৰেজ উপত্যকাৰ পট্টু শিপিনীসকল জম্মু-কাশ্মীৰত অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত দৰ্ড-শ্বিন (দাৰ্ড বুলিও জনা যায়) সম্প্ৰদায়ৰ অন্তৰ্গত। নিয়ন্ত্ৰণ ৰেখাৰ সমান্তৰালভাৱে থকা উপত্যকাটোৰ এই সম্প্ৰদায়টোৱে পট্টুৰ পৰম্পৰাৰ ধৰি ৰাখিছে যদিও আৰু চাহিদা হ্ৰাস, চৰকাৰৰ সহায়-সহযোগিতাৰ অভাৱ আৰু প্ৰব্ৰজনৰ সমস্যাৰ বাবে সকলো স্থবিৰ হৈ পৰিছে।

Left: Zooni Begum with her grandson at her home in Baduab.
PHOTO • Ufaq Fatima
Right. She shows us a khoyeeh, a traditional headgear for women, made by her
PHOTO • Ufaq Fatima

বাওঁফালে: বদুৱাবৰ ঘৰত নাতিৰ সৈতে জুনি বেগম। সোঁফালেঃ উলিওৱা মহিলাৰ বাবে পৰম্পৰাগত মূৰৰ পোছাক খোয়েহ দেখুৱাইছে

Zooni Begum demonstrates how a chakku is used to spin loose wool into thread
PHOTO • Ufaq Fatima
Zooni Begum demonstrates how a chakku is used to spin loose wool into thread
PHOTO • Ufaq Fatima

চাক্কুৰে কিদৰে সূতা কটা হয় সেয়া দেখুৱাইছে জুনি বেগমে

*****

বদুৱাব গাঁৱৰ দাৱাৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ পূবে বাস কৰে শিপিনী আনোৱাৰ ল’নৰ এতিয়া বয়স প্ৰায় ৯০ বছৰ। ১৫ বছৰ আগতে বৈ উলিওৱা পট্টু কম্বল এখন বিচাৰি তেওঁ কয়, “মই মোৰ কাম আঠ বজাৰ পৰা আৰম্ভ কৰিছিলো আৰু সন্ধিয়া চাৰি বজাত শেষ কৰিছিলো। পিছলৈ বয়স হৈ অহাৰ লগে লগে মই মাত্ৰ তিনি-চাৰি ঘণ্টাহে বৈছিলো।” আনোৱাৰক এমিটাৰ কাপোৰ বৱলৈ গোটেই দিনটোৰ প্ৰয়োজন হৈছিল।

প্ৰায় চাৰি দশকৰ আগতে আনোৱাৰে পট্টু বিক্ৰী আৰম্ভ কৰিছিল। “স্থানীয় বজাৰত আৰু গুৰেজৰ বাহিৰত চাহিদা বৃদ্ধি পোৱাত মোৰ ব্যৱসায় ভাল হৈছিল। গুৰেজলৈ অহা বহু বিদেশীক মই পট্টু বিক্ৰী কৰিছো।”

আচুৰা চৌৰৱান (বা শ্বাহ পোৰা) গাঁৱত বহুতে পট্টু ব্যৱসায় এৰি দিছে যদিও দুই ভাতৃ গুলাম কাদিৰ ল’ন (৭০) আৰু আব্দুল কাদিৰ ল’নে (৭১) এতিয়াও উদ্যমেৰে এই কাম অব্যাহত ৰাখিছে। আনকি শীতকালত যেতিয়া উপত্যকাটো কাশ্মীৰৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু বেছিভাগ পৰিয়ালেই তললৈ প্ৰব্ৰজন কৰে, তেতিয়াও ভাতৃদ্বয়ে তাতেই থাকি এই কাম কৰি যায়।

গুলামে কয়, “মই কেতিয়া এই কাম আৰম্ভ কৰিছিলো সেয়া মনত নাই যদিও মই সৰু আছিলো। “আগতে আমি চৰখানা আৰু চাচম-ই-বুলবুলৰ দৰে বহুত বস্তু বনাইছিলোঁ ৷”

চৰখানা দবা খেলৰ দবাৰ আৰ্হিৰ বিপৰীতে চাচম-ই-বুলবুল হৈছে বুলবুল চৰাইৰ চকুৰ সৈতে মিল থকা বুলি কোৱা এক জটিল বয়ন। সাৱধানে নিৰ্মাণ কৰা এই পট্টু মেচিনত নিৰ্মিত কাপোৰতকৈও ৰুক্ষ।

Left: Anwar Lone showing the woven blanket he made 15 years ago.
PHOTO • Ufaq Fatima
Right: Abdul Qadir with a charkhana patterned fabric
PHOTO • Ufaq Fatima

বাওঁফালে: ১৫ বছৰ আগতে বোৱা কম্বলখন দেখুৱাইছে আনোৱাৰ ল’নে। সোঁফালে: চৰখানা পেটাৰ্ণযুক্ত কাপোৰৰ সৈতে আব্দুল কাদিৰ

Left: Ghulam Qadir wears a charkhana patterned pheran, a gown-like upper garment.
PHOTO • Ufaq Fatima
Right: The intricate chashm-e-bulbul weave is said to resemble the eye of a bulbul bird. It is usually used to make blankets
PHOTO • Ufaq Fatima

বাওঁফালে: গুলাম কাদিৰে পিন্ধিছে চৰখানা পেটাৰ্ণযুক্ত ফেৰাণ, গাউনৰ দৰে ওপৰৰ কাপোৰ। সোঁফালে: চাচম-ই-বুলবুল আৰ্হিৰ বয়নক বুলবুল চৰাইৰ চকুৰ দৰে বুলি কোৱা হয়। ইয়াক সাধাৰণতে কম্বলত ব্যৱহাৰ কৰা হয়

গুলামে কয়, “ৱক্ত কে সাথ পাহনাৱে কা হিছাব ভি বদল গয়া [সময়ৰ লগে লগে কাপোৰৰ ফেশ্বনো সলনি হৈ পৰিছে]। “কিন্তু পট্টু ৩০ বছৰ আগৰ দৰেই।” ভাইটিহঁতে কয় যে আজিকালি তেওঁলোকে প্ৰায়েই লাভ নাপায়, বছৰত এবাৰ বজাৰ কৰা স্থানীয় লোকক বিক্ৰী কৰাৰ বাদে উপায় নাথাকে।

আব্দুল কাদিৰে কয় যে যুৱক-যুৱতীসকলৰ এই কলা শিকিবলৈ প্ৰয়োজনীয় শক্তি আৰু ধৈৰ্য্যৰ অভাৱ। “মই ভাবো যে অহা ১০ বছৰত পট্টুৰ অস্তিত্ব নোহোৱা হৈ যাব,” আব্দুলে দুখ প্ৰকাশ কৰে। তেওঁ কয়, “ইয়াৰ বাবে নতুন আশা আৰু উদ্ভাৱনৰ প্ৰয়োজন যিটো চৰকাৰ প্ৰশাসনৰ জৰিয়তেহে সম্ভৱ হ’ব পাৰে।”

দাৱাৰ বজাৰত গেলামালৰ দোকান চলোৱা আব্দুল কুমাৰৰ পুত্ৰ ৰেহমানে কয় যে বয়ন এতিয়া আৰু কোনো কাৰ্য্যকৰী বিকল্প নহয়। তেওঁ কয়, “লাভতকৈয়ো কষ্ট অধিক। “মানুহৰ হাতত এতিয়া উপাৰ্জনৰ কেইবাটাও উপায় আছে। পেহলে ইয়া তোহ পট্টু থা য়া জমিন্দৰী [আগতে হয় পট্টু বা মাটিৰ মালিকীস্বত্ব আছিল]।”

গুৰেজ এটি দুৰ্গম, সীমান্তৱৰ্তী অঞ্চল আৰু চৰকাৰ-প্ৰশাসনে এই ঠাইখিনিলৈ মন-কাণ নিদিয়েই। কিন্তু শিপিনীসকলে কয় যে নতুন ধাৰণাই হয়তো এই মৃত্যুমুখী শিল্পকলাক নতুনকৈ জীয়াই তুলিব পাৰিব আৰু পুনৰবাৰ অঞ্চলটোৰ জনসাধাৰণৰ বাবে ইয়াক আয়ৰ এক সুস্থিৰ উৎস হিচাপে গঢ়ি তুলিব পাৰিব।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Ufaq Fatima

ଉଫାକ୍‌ ଫାତିମା କାଶ୍ମୀରର ଜଣେ ବୃତ୍ତଚିତ୍ର ଫଟୋଗ୍ରାଫର ଏବଂ ଲେଖକ

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Ufaq Fatima
Editor : Swadesha Sharma

ସ୍ୱଦେଶା ଶର୍ମା ଜଣେ ଗବେଷିକା ଏବଂ ପିପୁଲସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ ଇଣ୍ଡିଆର କଣ୍ଟେଣ୍ଟ ଏଡିଟର। PARIର ପାଠାଗାର ନିମନ୍ତେ ସମ୍ବଳ ନିୟୋଜନ ସକାଶେ ସେ ସ୍ୱେଚ୍ଛାସେବୀମାନଙ୍କ ସହିତ ମଧ୍ୟ କାର୍ଯ୍ୟ କରନ୍ତି

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Swadesha Sharma
Translator : Dhrubajyoti Dhanantari