১৯৯০ৰ দশকৰ আশে-পাশে এই অঞ্চলত ১০ম শ্ৰেণীতকৈ বেছি পঢ়া লোক নাছিলেই। নতুন প্ৰজন্মটোৱে লাহে লাহে আনুষ্ঠানিক শিক্ষাৰ দিশত আগবাঢ়ি গৈছে। ইয়াত এনেকুৱা হয় যে ১ম শ্ৰেণীত যদি ২৫ জন ৱাৰ্লি ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল, তাৰ ভিতৰত প্ৰায় আঠজনমানেহে ১০ম শ্ৰেণীলৈকে পঢ়ে।
ইয়াত স্কুল এৰাৰ হাৰ অতি বেছি। সেই আঠজনৰ ভিতৰত মাত্ৰ ৫-৬ জনহে পৰীক্ষাত উত্তীৰ্ণ হয়। আনকি বহু ছাত্ৰ-ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীতো পঢ়া এৰি দিয়ে। শেষত গৈ মাত্ৰ ৩-৪ জনেহে স্কুলীয়া শিক্ষা শেষ কৰে।
প্ৰাকস্নাতক ডিগ্ৰীৰ কাৰণে আগবঢ়াটো তালুক পৰ্যায়তহে সম্ভৱ। তাৰ বাবে প্ৰায় ১০ কিলোমিটাৰৰ বাট বাব লাগে। কিন্তু অঞ্চলটোত ইয়াতকৈ বেছি একো নাই আৰু ছাত্ৰ-ছাত্ৰীসকলে অধিক শিক্ষালাভৰ বাবে থানে, নাছিক বা পালঘৰ চহৰৰ আদিলৈ অহা-যোৱা কৰে। গতিকে, এই লোকসকলৰ ভিতৰত মাত্ৰ প্ৰায় তিনি শতাংশৰহে প্ৰাকস্নাতক ডিগ্ৰী আছে।
ৱাৰ্লি সম্প্ৰদায়ৰ মাজত শিক্ষাৰ হাৰ উল্লেখনীয়ভাৱে নিম্ন আৰু এয়া উন্নত কৰাৰ প্ৰয়াস চলি আছে। লগতে আমি তেওঁলোকৰ সৈতে সংযোগ স্থাপন আৰু বিশ্বাস গঢ়ি তুলিবলৈ গাঁওবোৰ ভ্ৰমণ কৰা আৰু এই লোকসকলৰ সৈতে তেওঁলোকৰ নিজৰ ভাষাত কথা পতাৰ জৰিয়তে এই প্ৰয়াসক অধিক আগবঢ়াই নিছোঁ।
পাৰিয়ে AROEHANৰ হেমন্ত ছিংগাৰেক এই প্ৰতিবেদনৰ তথ্য-পাতি গোটোৱাত সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।
সাক্ষাৎকাৰ: মেধা কালে
এই লেখা পাৰিৰ বিপন্ন ভাষা প্ৰকল্পৰ অংশ যিটোৰ উদ্দেশ্য হৈছে দেশৰ বিপদমুখী আৰু সংকটাপন্ন ভাষাসমূহৰ তথ্য নথিবদ্ধ কৰা।
ৱাৰ্লি হল গুজৰাট, দমন আৰু ডিউ, দাদৰ আৰু নগৰ হাভেলী, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু গোৱাত থকা ভাৰতৰ ৱাৰ্লি বা ভাৰ্লি আদিবাসীসকলে কোৱা এক ইণ্ডো-আৰ্য ভাষা। ইউনেস্কোৰ এটলাছ অব লেংগুৱেজেছে ৱাৰ্লিক ভাৰতৰ এক অন্যতম সম্ভাৱ্য বিপদমুখী ভাষা হিচাপে তালিকাভুক্ত কৰিছে।
আমি মহাৰাষ্ট্ৰত কোৱা ৱাৰ্লি ভাষাটোৰ বিষয়ে তথ্যসমূহ নথিবদ্ধ কৰাৰ লক্ষ্য হাতত লৈছো।
অনুবাদ: বন্যা বৰুৱা