শীতকালীন শস্য চপোৱাৰ সময় আহি পৰিছে মানে কৃষ্ণা আম্বুলকাৰে পুৱা ৭ বজাতে ঘৰে ঘৰে গৈ ৱচুলি কৰাত লাগিছে। ৱচুলি মানে তাত সম্পত্তি আৰু জল কৰ উদ্ধাৰ অভিযান।
“খেতিয়কসকল ইমানেই সম্বলহীন যে ৱচুলিৰ ৬৫ শতাংশ উঠাটোও ডাঙৰ কথা,” জামকলিৰ একমাত্ৰ পঞ্চায়ত কৰ্মীগৰাকীয়ে কয়।
জামকলি নাগপুৰৰ পৰা ৭৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ঘাইকৈ তাত উপান্ত আৰু ক্ষুদ্ৰ খেতিয়ক শ্ৰেণীৰ মানা আৰু গোৱাৰি (অনুসূচিত জনজাতি) লোকৰ বসতি। তেওঁলোকে কপাহ, ছয়াবিন, ৰহৰ মাহ আৰু কুঁৱা বা ব’ৰৱেল থাকিলে ঘেঁহুৰো খেতি কৰে। চল্লিশ বৰ্ষীয় কৃষ্ণা গাওঁখনৰ একমাত্ৰ অনান্য পিছপৰা শ্ৰেণী নাঃভি (নাপিত) সম্প্ৰদায়ৰ লোক।
কৃষিক এইবাৰ বাজেটত গুৰুত্ব দিয়া হৈছে বুলি কৰা নতুন দিল্লীৰ দাবী আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে কৰ ৰেহাই ঘোষণা যদিও কৰা হৈছে, আম্বুলকাৰ পিছে চিন্তিত আন এটা কথাক লৈহে - পঞ্চায়তৰ কৰ উদ্ধাৰ কেনেকৈ কৰা যায়। আনফালে খেতিয়কসকল চিন্তিত হৈছে শস্যৰ নবঢ়া দামক লৈ।
কৃষ্ণাৰ চিন্তাক বৰ সহজে ব্যাখ্যা কৰিব পাৰি: কথাটো হৈছে তেওঁ যদি কৰ সংগ্ৰহত ব্যৰ্থ হয়, তেওঁ পাবলগীয়া ১১,৫০০ টকাৰ দৰমহা নাপাব যিটো পঞ্চায়তৰ ৫.৫ লাখ ৰাজহ কৰৰ পৰা আহে।




