কল্লিড়াম নদীৰ বালিচৰত ধীৰে ধীৰে আন্ধাৰ নামিছে। তাৰপৰা তামোল এখনৰ বাটত কৃষক বাড়িভেলানৰ তিলৰ খেতিপথাৰখন। তাতেই তেওঁ আমাক খেতিৰ কাহিনী কৈছে। এই নদীখনত প্ৰচণ্ড সোঁত বৈছিল, ওফন্দি উঠিছিল নদীৰ বুকু, বানৰ পানীয়ে গাওঁবোৰ বুৰাই পেলোৱাৰ ১২ দিন পিছত তেওঁৰ জন্ম হৈছিল। গাওঁখনৰ প্ৰতিঘৰ মানুহে এল্লু মানে তিলৰ খেতি কৰে। বীজবোৰ চেপি তাৰ পৰা মৌ বৰণৰ সুগন্ধী তেল ওলায়। তেওঁ কাহিনী ক’লে কেনেকৈ তেওঁ দুডাল কলগছ জোৰা লগাই ভেল বনাই চলাবলৈ শিকিলে, কল্লিড়ামতকৈ ডাঙৰ এখন নদীত কাবেৰীৰ পাৰৰ প্ৰিয়াৰ সৈতে প্ৰেমত পৰিল, ছোৱালীৰ বাপেকে নামানিলেও তাইক বিয়া পাতিলে আদি কাহিনী ক’লে। আৰু ক’লে তেওঁলোকৰ ডেৰ একৰ খেতিমাটিত কৰা ধানখেতি, কুঁহিয়াৰ, ক’লামাহ আৰু তিলৰ খেতিৰ কথা…
প্ৰথম তিনিবাৰ খেতি কৰোঁতে মুনাফা ভালে হৈছিল। “আমি ধানখেতিৰ পৰা পোৱা পইচাখিনি কুঁহিয়াৰ খেতিত ব্যৱহাৰ কৰোঁ। সেইখিনি আকৌ খেতিতেই খৰছ কৰোঁ,” বাড়িভেলানে বুজাই কয়। এল্লু মানে তিলৰ খেতি তেলৰ বাবে কৰা হয়। কাঠৰ মিল এটাত তিলবোৰ খুন্দা হয়, নাল্লেনাইখিনি ((তিলতেল) ডাঙৰ পাত্ৰত সঞ্চয় কৰা হয়। “সেয়া আমি খাবলৈ আৰু আচাৰ বনাবলৈ ব্যৱহাৰ কৰোঁ,” প্ৰিয়াই কয়। “অঁ, আৰু এটা কথা, তেওঁ সেই তেলেৰ সদায় কুলকুলি কৰে,” বাড়িভেলানে মিচিকিয়াই হাঁহি কয়। “আৰু তেলেৰে গা ধোৱে, মই বৰ ভাল পাওঁ!” তেওঁ কয়।
বাড়িভেলানে ভাল পোৱা ভালেমান কাম আছে। সেইবোৰ তেনেই সাধাৰণ ধেমালীৰ কাম। সৰুকালত এইখন নদীত মাছ ধৰা, বন্ধুবৰ্গৰ লগত সেই মাছ পুৰি খোৱা, গাঁৱত পঞ্চায়তৰ সভাপতিৰ ঘৰত থকা গাওঁখনৰ একমাত্ৰ টিভিটোত চিৰিয়েল-চিনেমা চোৱা, আদি বিভিন্ন। “টিভি ইমানেই ভাল পাইছিলো যে মই টিভিটো ভালকৈ চিগনেল নাপালে ওলোৱা চেৰচেৰাই থকা মাতটোও শুনি থাকিছিলো!”
কিন্তু দিনৰ পোহৰ হেৰাই যাবলৈ ধৰাৰ দৰে সেইবোৰ কেৱল পচিমৰ আকাশত হেঙুলীয়া আভা হৈ ৰ’ল, আৰু দূৰ দিগন্তত হেৰাই গ’ল। “এতিয়া আৰু খেতিৰ মাটিখিনিৰে কোনোমতেই নোজোৰে,” বাড়িভেলানে কয়। “কেব চলাই জোৰা-টাপলি মাৰি চলিছো।” তেওঁ আমাক শ্ৰীৰংগম তালুকৰ তিৰুভালাৰচ’লাইৰ নিজৰ ঘৰৰ পৰা নিজৰ সেই টয়টা ইটিয়চ খনতেই নৈৰ পাৰলৈ লৈ গ’ল। তেওঁ ৮ টকা সুতৰ হাৰত ব্যক্তিগত ঋণ লৈ সেইখন গাড়ী কিনিছে। মাহে মাহে ২৫ হাজাৰ টকা দিয়াটো কেতিয়াবা টান হৈ পৰে। পইচাৰ বাবে সদায়ে চিন্তা কৰি থাকিবলগীয়া হয়, দম্পতিহালে কয়। বেছি নাটনি পৰিলে সোণৰ গহনা বন্ধকত থ’বলগীয়া হয়। “আমাৰ দৰে মানুহে ঘৰ এটা সাজিবলৈ বেংকৰ পৰা ঋণ ল’বলৈ হ’লে দহজোৰ চেন্দেল ক্ষয় নিয়াব লাগিব। তেওঁলোকে সিমানবাৰ আমাক বেংকলৈ দৌৰাই থাকে!” বাড়িভেলানে হুমুনিয়াহ কাঢ়ি কয়।
আকাশখন এখন ছবিৰ দৰে দেখা গৈছে। গুলপীয়া, নীলা আৰু সামান্য ক’লাৰে যেন কোনোবাই এখন পানীৰঙৰ ছবি আকি আঁৰি থৈছে। “নদীখনত উদ আছে,” বাড়িভেলানে কয়। আমাৰ পৰা বেছি দূৰত নহয়, কেইটামান সৰু ল’ৰাই পানীত উদৰ দৰেই সাতুৰি-নাদুৰি ফুৰিছে। “আমিও তাকেই কৰিছিলো, শৈশৱত সেয়াই আছিল আমাৰ মনোৰঞ্জনৰ সাধন!”






































