“য়ে বাৰা লাখ ৱালা না? ইচি কি বাত কৰ ৰহে হ্যে না?” চাহিদ হুছেইনে (৩০)য়ে তেওঁৰ ফোনৰ হোৱাটচআপত অহা মেচেজটো খুলি দেখুৱাই কয়। ১২ লাখলৈকে উপাৰ্জনৰ ক্ষেত্রত কৰ ৰেহাই কথা কোৱা হৈছে। চাহিদ এগৰাকী ক্ৰেন অপাৰেটৰ, বেংগালুৰুৰ মেট্ৰ’ লাইনত কাম কৰা নাগাৰ্জুনা কনষ্ট্ৰাকছন কোম্পানীত তেওঁ কাম কৰে।
“আমি এই ১২ লাখলৈকে কৰ ৰেহাই দিয়া বাজেটখনৰ কথা বৰকৈ শুনি আছো,” কাম কৰি থকা ছাইটতে উপহাসৰ সুৰ এটাৰে তেওঁ কয়। “ইয়াত কাৰো উপাৰ্জন বছৰি ৩.৫ লাখৰ (টকা) ওপৰত নহয়।” ২০ৰ দেওনা পাৰ কৰা ব্ৰীজেশ উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ দুমাৰিয়া গাঁৱৰ এগৰাকী অকুশলী প্ৰব্ৰজিত শ্ৰমিক।
“এই কাম চলি থকালৈকে আমি মাহত ৩০,০০০ টকা উপাৰ্জন কৰোঁ,” বিহাৰৰ কাইমুৰ (ভাবুৱা) জিলাৰ বিউৰৰ চাহিদে কয়। তেওঁ কামৰ সন্ধানত বহু ৰাজ্যলৈ গৈছে। “এই কাম শেষ হোৱাৰ পিছত কোম্পানীয়ে আমাক আন ক’ৰবালৈ পঠিয়ায় বা আমি ১০-১৫ টকা বেছি পইচা পোৱা কাম এটাৰ সন্ধানত ওলাও।”






