চাৰিওফালে ‘খেলা হবে’ আৰু ‘অবকি বাৰ ৪০০ পাৰ’ দেখিব ঠিকেই, কিন্তু আমাৰ গৃহৰাজ্যখন যেন ভাৰতৰ এক ক্ষুদ্ৰ প্ৰতিৰূপ। চৰকাৰী যোজনা, চিণ্ডিকেট মাফিয়া, চৰকাৰী অনুদান আৰু অধিকাৰৰ আন্দোলনেৰে পগোৱা যেন খিচিৰি।
চাকৰি আৰু নিয়োগৰ অভাৱত ভোগা নিৰাশ যুৱচাম আৰু গৃহহীন প্ৰব্ৰজনকাৰী, কেন্দ্ৰ আৰু ৰাজ্যৰ যুঁজত বিৰিণা হৈ পৰা সাধাৰণ মানুহ, জলবায়ু পৰিৱৰ্তনে মাধমাৰ শোধোৱা কৃষক আৰু কট্টৰ কথা-বতৰাৰ বিৰুদ্ধে যুঁজি থকা এমুঠি সংখ্যালঘুৰে ভৰা এইখন ৰাজ্য। এফালে অনুভূতিত আঘাত, আনফালে হাড় ভাঙি যোৱা শ্ৰম। জাতি, ধৰ্ম, লিংগ, ভাষা, গোষ্ঠী, সম্প্ৰদায় আৰু ধৰ্মৰ সংঘাতময় পৰিস্থিতিয়ে এক হতাশাৰ পৰিৱেশ জন্ম দিয়া প্ৰতিবেদকে দেখিছে।
এই কোলাহলৰ মাজতো আমি ৰিণি ৰিণি শুনো অসহায়, উন্মাদনাৰ চিকাৰ, অবোধ অথচ নেতাবোৰে কোৱা সঁচা-মিছা বিচাৰ কৰিব পৰা জনতাৰ কণ্ঠ। সন্দেশখালিৰ পৰা হিমালয়ৰ পাহাৰীয়া চাহ বাগিচাবোৰলৈ, কলকাতাৰ পৰা ৰাৰলৈ আমি পাহৰি পেলোৱা গাওঁবোৰলৈ, এই প্ৰতিবেদক আৰু কবিয়ে ক্ষীণ অথচ অহৰহ গুজৰি-গুমৰি থকা জনতাৰ কণ্ঠ শুনিছে।

















