“ইয়াত ৰুটীৰ বাবে মানুহে হাহাকাৰ কৰিবলগীয়া হয়, কিন্তু হেৰ’ইন আঙুলিৰ টিপতে আহি যায়।”
হৰবংশ কৌৰৰ একমাত্ৰ পুত্ৰ ড্ৰাগছ আসক্ত। “আমি এইবোৰ এৰুৱাবলৈ কিমান যে কি কৰা নাছিলো, কিন্তু এতিয়াও সি তাকেই বিচাৰে, সকলো টকা-পইছা লৈ লয় আৰু ড্ৰাগছৰ নামত উৰুৱাই দিয়ে,” এইদৰে কয় ২৫ বছৰীয়া যুৱকজনৰ মাতৃয়ে। কৌৰে জনোৱামতে, তেওঁলোকৰ গাঁৱত বেজী আৰু কেপচুলৰ ৰূপত ড্ৰাগছ তেনেই উভৈনদী হৈ আহিছে।
“চৰকাৰে ইচ্ছা কৰিলে, এইবোৰ বন্ধ কৰিব পাৰে। যদিহে নকৰে তেন্তে আমাৰ ল’ৰা-ছোৱালীবোৰ এনেকৈ শেষ হৈ যাব।” হৰবংশ কৌৰ এগৰাকী দিন হাজিৰা কৰা শ্ৰমিক, তেওঁ ৰাওকি কালান গাঁৱৰ এটা আলুৰ শীতাগাৰত কাম কৰে। এটা বস্তাত আলু ভৰোৱাৰ বাবদ তেওঁ ১৫ টকাকৈ লাভ কৰে আৰু এদিনত ১২ টা বস্তা ভৰাবলৈ সক্ষম হোৱা কৌৰে প্ৰতিদিনে প্ৰায় ১৮০ টকা উপাৰ্জন কৰে। তেওঁৰ স্বামী ৪৫ বছৰীয়া সুখদেৱ সিঙো তেওঁলোকৰ গাঁও নাংগলৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰৈৰ নিহাল সিং ৱালাৰ এটা ৱেৰহাউছত দিন হাজিৰা ভিত্তিত শ্ৰমিক হিচাপে কৰ্মৰত। বস্তাত ঘেঁহু বা চাউল ভৰোৱা আদিৰ দৰে কামেই তাত কৰিবলগীয়া হয় আৰু কামৰ বিপৰীতে ৩০০ টকাকৈ দিন হাজিৰা লাভ কৰে। এই উপাৰ্জনৰ ওপৰতেই চলি থাকে তেওঁলোকৰ পৰিয়ালটো।
পাঞ্জাৱৰ মোগা জিলাৰ উক্ত গাঁওখনৰ তেওঁলোকৰ চুবুৰীয়া কিৰণ কৌৰে বাকী কথা নকৈ পোনে পোনে কয়, “যি দলেই আমাৰ গাঁওখনক ড্ৰাগছমুক্ত কৰিব বুলি নিশ্চিতকৈ প্ৰতিশ্ৰুতি দিব সেই দলটোৱেই আমাৰ ভোট লাভ কৰিব।”
কিৰণৰ স্বামীও এগৰাকী ড্ৰাগছ আসক্ত আৰু সেয়ে তেওঁ ইয়াৰ ভুক্তভোগী হৈ আহিছে। তিনি বছৰীয়া কন্যা আৰু ছমহীয়া পুত্ৰ সন্তানৰ মাতৃ কিৰণে কয়, “মোৰ স্বামী এজন অস্থায়ী শ্ৰমিক আৰু তেওঁ ড্ৰাগছ আসক্ত। যোৱা ৩ বছৰ ধৰি তেওঁ ড্ৰাগছ সেৱন কৰি আহিছে। তেওঁ যিখিনি উপাৰ্জন কৰে সেই সকলোখিনি ড্ৰাগছৰ নামতেই উৰুৱাই দিয়ে।”
আঠজনীয়া পৰিয়ালটো বাস কৰা তেওঁলোকৰ ঘৰটোৰ ফাট মেলা দেৱাললৈ আঙুলিয়াই কিৰণে আক্ষেপেৰ কয়, “এই ঘৰটো ভাল কৰিবলৈ আমি ক’ৰ পৰা পইছা পাম?”









