সামাজিক আৰু আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ বাবে ফটোগ্ৰাফী আজিও এক সপোন সদৃশ, কাৰণ কেমেৰা এতিয়াও তেওঁলোকৰ সাধ্যৰ বাহিৰত। বিশেষকৈ দলিত, মাছমৰীয়া, ট্ৰান্স সম্প্ৰদায়, সংখ্যালঘু মুছলমান আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অত্যাচাৰৰ সন্মুখীন হৈ অহা লোকসকলৰ সংগ্ৰামক সন্মান জনাই তেওঁলোকৰ সপোন পূৰ কৰিবৰ বাবে মই ফটোগ্ৰাফীৰ জগতখনৰ সৈতে চিনাকি কৰাই দিয়াৰ পৰিকল্পনা হাতত লৈছিলো।
মই বিচাৰিছিলো মোৰ শিক্ষাৰ্থীসকলে নিজৰ নিজৰ কাহিনী কওক। কৰ্মশালাৰ অন্তত তেওঁলোকে দৈনন্দিন জীৱনৰ বস্তুবোৰৰ ফটো তুলিবলৈ আৰম্ভ কৰিছিল। সেয়া আছিল তেওঁলোকৰ নিজৰ কাহিনী, তেওঁলোকৰ তেনেই চিনাকি কাহিনী। কেমেৰা হাতত লৈ আৰু ফটো তুলি তেওঁলোক উল্লসিত হৈ পৰিছিল। তেওঁলোকে সেয়া অব্যাহত ৰখাতো মই বিচাৰিছিলো আৰু ফ্ৰেমিং তথা এংগোলৰ কথাবোৰ পিছত জানিলেও হ’ব বুলি ভাবি লৈছিলো।
তেওঁলোকে ক্লিক কৰা ফটোবোৰ তেওঁলোকৰ নিজৰ জীৱনৰ সৈতে সম্পৰ্কিত; প্ৰতিজনে ক্লিক কৰা ফটোবোৰ আছিল সুকীয়া।
মোক ফটোবোৰ দেখুৱাওঁতে ফটোখনৰ ৰাজনীতি আৰু পৰিস্থিতিৰ বিষয়ে ইয়াত কি কোৱা হৈছে সেই বিষয়েও আমি আলোচনা কৰিবলৈ প্ৰয়াস কৰি গৈছো। কৰ্মশালাৰ পিছত তেওঁলোক আৰ্থ-ৰাজনৈতিক বিষয়সমূহক লৈ যথেষ্ট সচেতন হৈ পৰিছে।





































