''আমি পঢ়িবলৈ বহিলেই কিতাপ-বহীত টোপ টোপকৈ পানী পৰে। যোৱা বছৰ (২০২২) জুলাই মাহত ঘৰটো হাউলি গৈছিল। প্ৰতিবছৰে এনেকুৱা হৈয়েই থাকে,’’ থুনুক থানাক মাতেৰে শিল আৰু বাঁহেৰে নিৰ্মিত নিজৰ ঘৰটোৰ বিষয়ে এইদৰে কয় আঠবছৰীয়া বিশাল চৱনে।
আলেগাঁও জিলা পৰিষদ স্কুলত তৃতীয় শ্ৰেণীত পঢ়ি থকা বিশালৰ পৰিয়ালটো বেলডাৰ সম্প্ৰদায়ৰ। এই সম্প্ৰদায়টো মহাৰাষ্ট্ৰত যাযাবৰী জনজাতি হিচাপে পৰিচিত।
''বৰষুণ দিলে ঘৰৰ ভিতৰত থকাটো দিগদাৰ হৈ পৰে। সবফালৰ পৰা পানী আহে,’’ বিশালে কয়। সেয়ে বিশাল আৰু তেওঁৰ ৯ বছৰীয়া বায়েক বৈশালীয়ে বৰষুণৰ দিনবোৰত ছিৰুৰ মৌজাৰ আলেগাঁও পাগা গাঁৱৰ ঘৰটোত পঢ়া-শুনা কৰিবৰ বাবে পানী নপৰা ঠাই বিচাৰি ফুৰিবলগীয়া হয়।
ভাই-ভনীহালৰ পঢ়া-শুনাৰ প্ৰতি থকা আগ্ৰহক লৈ গৌৰৱবোধ কৰে আইতাক শান্তাবাঈ চৱনে। ''আমাৰ গোটেই বংশ-পৰিয়ালত কোনেও আজিলৈকে স্কুলৰ কাঠি দেখি পোৱা নাই। মোৰ এই নাতিহালেই প্ৰথম আমাৰ বংশত লিখা-পঢ়া শিকিছে,’’ ৮০ বছৰীয়া বৃদ্ধাগৰাকীয়ে কয়।
কিন্তু নাতিহালৰ কথা গৌৰৱেৰে কোৱা সময়ত বৃদ্ধাগৰাকীৰ মুখত দেখা গৈছিল বিষাদৰ ছাপ। ''সিঁহতে ভালকৈ পঢ়া-শুনা কৰিব পৰাকৈ আমাৰ ভাল পকী ঘৰ এটাও নাই? ইয়াত বিজুলী-বাতিৰ ব্যৱস্থাও নাই,’’ আলেগাঁও পাগা গাঁৱত থকা তিৰ্পালৰ ছালিৰ জুপুৰীসদৃশ ঘৰটোত বহি থকাৰ পৰা কৈছিল শান্তাবাঈয়ে।












